• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ বিফলতাৰ উৎকৃষ্ট উদাহৰণ ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 8, 2019 10:09 pm
Prabashi-Asomiya-Kendra_1

ৰাধা গোবিন্দ বৰুৱা পথৰ এ আই ডি চিত থকা প্ৰৱাসী অসমীয়া কেন্দ্ৰটোৰ ফলক

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বৰ বৰ কথা কোৱাৰ পাছত বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’। অসম চৰকাৰে কোটি কোটি টকা খৰচ কৰি পতা ‘এডভান্টেজ আছাম’ নামৰ বিনিয়োগ মেলাৰ পূৰ্বে স্থাপন কৰা প্ৰৱাসী অসমীয়া কেন্দ্ৰৰ জৰিয়তে বিগত দুটা বছৰে কাৰ্যতঃ কোনো বিনিয়োগ নহ’ল।

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৭ চনৰ ১৮ জুলাইত উদ্বোধন কৰা এই কেন্দ্ৰটো প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ পাছত ইয়াৰ অস্তিত্ব এতিয়া এখন মাত্ৰ নাম ফলকতহে ওলমি আছে।

Apply Now

অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে এই বিষয়টো স্বীকাৰ কৰি কয় যে ২০১৭ চনত বেংগালুৰুত থকা মাত্ৰ এজন নে দুজন অসমীয়াই এই কেন্দ্ৰটোত নাম পঞ্জীয়ন কৰিছিল। তাৰ পাছত আৰু কোনেও পঞ্জীয়নৰ বাবে আগবাঢ়ি নাহিল।

উল্লেখ্য যে, কেন্দ্ৰটো স্থাপন কৰাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্যৰ এটা প্ৰতিনিধি দলে ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন খৰচ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, য়ুৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, ছিংগাপুৰ আদিলৈ গৈ প্ৰৱাসী সকলৰ সৈতে বৈঠকত মিলিত হৈছিল। লগতে তেওঁলোকক অসমত বিনিয়োগ কৰিবলৈও উৎসাহ জগাইছিল।

‘আমি বিদেশত থকা অসমীয়া সকলক লগ ধৰিছিলো আৰু তেওঁলোকক প্ৰৱাসী অসমীয়া কেন্দ্ৰত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছিলো। কিন্তু তেওঁলোকৰ পৰা ভাল সহাৰি পোৱা নগ’ল। মাত্ৰ বেংগালুৰুত থকা দুজনমান অসমীয়াই নাম পঞ্জীয়ন কৰাৰ বাহিৰে আন কোনেও আগবাঢ়ি নাহিল’, মন্ত্ৰী পাটোৱাৰীয়ে নৰ্থ-ইষ্ট নাওৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়।

কিন্তু মন্ত্ৰীয়ে নাজানে যে বিদেশত থকা অসমৰ লোকসকলে এই কেন্দ্ৰটোৰ সৈতে যোগাযোগ কৰিবলৈ কোনো সুবিধা নাই। ইয়াৰ নাই এটা ৱেব চাইট, নাই এটা ই মেইল আই ডি।

এডভান্টেজ আছামৰ ৱেব চাইট www.advantageassam.com  খুলিলে তাত প্ৰৱাসী অসমীয়া কেন্দ্ৰ বুলি মাত্ৰ এটা পেজ পোৱা যায়। সেই পেজত কেন্দ্ৰটোৰ সৈতে যোগাযোগৰ বাবে মাত্ৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰটোহে দিয়া আছে। ইতিমধ্যে গীতিমালা বৈশ্যই কেতিয়াবাই অৱসৰ লৈছে।

মন্ত্ৰী পাটোৱাৰীক এই কথা শোধাত তেওঁ কোনো সঠিক উত্তৰ দিব নোৱাৰি ‘মই বিষয়ে গম পোৱা নাছিলো, আজিয়ে এই বিষয়ে খবৰ লম’ বুলি উত্তৰ দিয়ে।

আনহাতে এডভান্টেজ আছামৰ ৱেব চাইটত প্ৰৱাসী অসমীয়া কেন্দ্ৰৰ বানান তিনিঠাইত ভুল থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ ৱেব চাইটত ইংৰাজীত তিনিটা ধৰণত এনেধৰণে লিখা আছে- প্ৰবাসী অসমীয়া কেন্দ্ৰ (Prabasi Asomiya Kendra), প্ৰভাসী অসমীয়া কেন্দ্ৰ (Pravasi Axomiya Kendra) আৰু প্ৰবাসী অসমীয়া কেন্দ্ৰ (Prabasi Axomiya Kendra)।

লগতে পঢ়ক : ফোঁপোলা হৈ ৰ’ল চৰকাৰৰ আন এটা ঘোষণা; দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

উল্লেখ্য যে, গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথস্থিত অসম ওদ্যোগিক উন্নয়ন নিগমৰ চৌহদত থকা এই কেন্দ্ৰটো সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৱে পূৰ্বেও বাতৰি প্ৰকাশ কৰিছিল। তেতিয়া কেন্দ্ৰটো সন্দৰ্ভত জানিবলৈ এ আই ডি চিৰ বিষয়াৰৰ সৈতে যোগোযোগ কৰাত ইয়াৰ বাস্তৱত ফলকখনৰ বাহিৰে একো নথকাৰ কথা প্ৰকাশ পাইছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd