• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ বিফলতাৰ উৎকৃষ্ট উদাহৰণ ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , July 8, 2019 10:10 pm

3 min read

Prabashi-Asomiya-Kendra_1

ৰাধা গোবিন্দ বৰুৱা পথৰ এ আই ডি চিত থকা প্ৰৱাসী অসমীয়া কেন্দ্ৰটোৰ ফলক

6k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বৰ বৰ কথা কোৱাৰ পাছত বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে ‘প্ৰৱাসী অসমীয়া কেন্দ্ৰ’। অসম চৰকাৰে কোটি কোটি টকা খৰচ কৰি পতা ‘এডভান্টেজ আছাম’ নামৰ বিনিয়োগ মেলাৰ পূৰ্বে স্থাপন কৰা প্ৰৱাসী অসমীয়া কেন্দ্ৰৰ জৰিয়তে বিগত দুটা বছৰে কাৰ্যতঃ কোনো বিনিয়োগ নহ’ল।

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৭ চনৰ ১৮ জুলাইত উদ্বোধন কৰা এই কেন্দ্ৰটো প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ পাছত ইয়াৰ অস্তিত্ব এতিয়া এখন মাত্ৰ নাম ফলকতহে ওলমি আছে।

অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে এই বিষয়টো স্বীকাৰ কৰি কয় যে ২০১৭ চনত বেংগালুৰুত থকা মাত্ৰ এজন নে দুজন অসমীয়াই এই কেন্দ্ৰটোত নাম পঞ্জীয়ন কৰিছিল। তাৰ পাছত আৰু কোনেও পঞ্জীয়নৰ বাবে আগবাঢ়ি নাহিল।

উল্লেখ্য যে, কেন্দ্ৰটো স্থাপন কৰাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্যৰ এটা প্ৰতিনিধি দলে ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন খৰচ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, য়ুৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, ছিংগাপুৰ আদিলৈ গৈ প্ৰৱাসী সকলৰ সৈতে বৈঠকত মিলিত হৈছিল। লগতে তেওঁলোকক অসমত বিনিয়োগ কৰিবলৈও উৎসাহ জগাইছিল।

‘আমি বিদেশত থকা অসমীয়া সকলক লগ ধৰিছিলো আৰু তেওঁলোকক প্ৰৱাসী অসমীয়া কেন্দ্ৰত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছিলো। কিন্তু তেওঁলোকৰ পৰা ভাল সহাৰি পোৱা নগ’ল। মাত্ৰ বেংগালুৰুত থকা দুজনমান অসমীয়াই নাম পঞ্জীয়ন কৰাৰ বাহিৰে আন কোনেও আগবাঢ়ি নাহিল’, মন্ত্ৰী পাটোৱাৰীয়ে নৰ্থ-ইষ্ট নাওৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়।

কিন্তু মন্ত্ৰীয়ে নাজানে যে বিদেশত থকা অসমৰ লোকসকলে এই কেন্দ্ৰটোৰ সৈতে যোগাযোগ কৰিবলৈ কোনো সুবিধা নাই। ইয়াৰ নাই এটা ৱেব চাইট, নাই এটা ই মেইল আই ডি।

এডভান্টেজ আছামৰ ৱেব চাইট www.advantageassam.com  খুলিলে তাত প্ৰৱাসী অসমীয়া কেন্দ্ৰ বুলি মাত্ৰ এটা পেজ পোৱা যায়। সেই পেজত কেন্দ্ৰটোৰ সৈতে যোগাযোগৰ বাবে মাত্ৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ জেনেৰেল মেনেজাৰ গীতিমালা বৈশ্যৰ ফোন নম্বৰটোহে দিয়া আছে। ইতিমধ্যে গীতিমালা বৈশ্যই কেতিয়াবাই অৱসৰ লৈছে।

মন্ত্ৰী পাটোৱাৰীক এই কথা শোধাত তেওঁ কোনো সঠিক উত্তৰ দিব নোৱাৰি ‘মই বিষয়ে গম পোৱা নাছিলো, আজিয়ে এই বিষয়ে খবৰ লম’ বুলি উত্তৰ দিয়ে।

আনহাতে এডভান্টেজ আছামৰ ৱেব চাইটত প্ৰৱাসী অসমীয়া কেন্দ্ৰৰ বানান তিনিঠাইত ভুল থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ ৱেব চাইটত ইংৰাজীত তিনিটা ধৰণত এনেধৰণে লিখা আছে- প্ৰবাসী অসমীয়া কেন্দ্ৰ (Prabasi Asomiya Kendra), প্ৰভাসী অসমীয়া কেন্দ্ৰ (Pravasi Axomiya Kendra) আৰু প্ৰবাসী অসমীয়া কেন্দ্ৰ (Prabasi Axomiya Kendra)।

লগতে পঢ়ক : ফোঁপোলা হৈ ৰ’ল চৰকাৰৰ আন এটা ঘোষণা; দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

উল্লেখ্য যে, গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথস্থিত অসম ওদ্যোগিক উন্নয়ন নিগমৰ চৌহদত থকা এই কেন্দ্ৰটো সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৱে পূৰ্বেও বাতৰি প্ৰকাশ কৰিছিল। তেতিয়া কেন্দ্ৰটো সন্দৰ্ভত জানিবলৈ এ আই ডি চিৰ বিষয়াৰৰ সৈতে যোগোযোগ কৰাত ইয়াৰ বাস্তৱত ফলকখনৰ বাহিৰে একো নথকাৰ কথা প্ৰকাশ পাইছিল।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd