• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিছএডভাণ্টে’জ আছাম

“আইকনিক টুইন টাৱাৰ”ৰ ঠাইত হাবি-বনে অক্সিজেন দিছে গুৱাহাটীক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 12, 2019 7:46 pm
Advantage Assam takes disadvantageous turn; ambitious twin towers yet to see foundation stone

এডভাণ্টে’জ আছামৰ প’স্তাৰ। সৌজন্য-- www.advantageassam.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত ব্ৰহ্মপুত্ৰৰ নমামিৰ দৰে বহু প্ৰচাৰিত শ্ল’গান “এডভাণ্টে’জ আছাম’’ও ডিছএডভাণ্টে’জ আছামত পৰিণত হোৱা যেন পৰিলক্ষিত হৈছে।

আজিপৰ্য্যন্ত ৱে’বছাইট এটা বা যোগাযোগৰ বাবে সাধাৰণ মাত্ৰ ই-মে’ইল ঠিকনা এটা নোহোৱাকৈ, গুৱাহাটীত আয়োজিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ ফচল “প্ৰবাসী অসমীয়া কেন্দ্ৰ” শূন্য বিনিয়োগেৰে কেৱল এখন নামফলক হৈ ওলমি থকাৰ দৰেই দশা “আইকনিক” টুইন টাৱাৰৰ।

সম্পূৰ্ণ এবছৰ পূৰ্বে ২০১৮ চনৰ জুলাইত নিৰ্মাণ আৰম্ভ হ’বলগীয়া ৬৫ মহলীয়া “আইকনিক” টুইন টাৱাৰৰ এতিয়াও আধাৰশিলাই স্থাপন হোৱা নাই। সেই বছৰৰে ২৮ জানুৱাৰিত সোণোৱাল কেবিনেটে প্ৰকল্পটোত অনুমোদন জনাইছিল।

বশিষ্ঠ চাৰিআলিত বাণিজ্যিক কেন্দ্ৰটোৰ বাবে প্ৰস্তাৱিত স্থানত শুকুৰবাৰে আমি দেখা পালো এক এৰাবাৰীসদৃশ পৰিৱেশহে। কামৰ মূৰকত যেন প্ৰদূষিত গুৱাহাটী মহানগৰক যাৱতীয় অক্সিজেনখিনিহে যোগাই আছে হাবি-বনখিনিয়ে।

পাঁচ বছৰ অৰ্থাৎ ২০২৩ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব লগা টুইন টাৱাৰকেইটাৰ বাবদ অসম চৰকাৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰিলৈকে এটকাও মোকলাই দিয়া নাই।

টাৱাৰকেইটাৰ নিৰ্মাণৰ দায়িত্ব পোৱা নেচনেল বিল্ডিং কনষ্ট্ৰাক্সন কৰ্পৰে’চন (ইণ্ডিয়া)ৰ উপ সঞ্চালক বিশ্বজিৎ ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওক এই কথা নিশ্চিত কৰিছিল।

ধন আৰু আধাৰশিলা বাদ, বাণিজ্য কেন্দ্ৰৰ বাবে আবণ্টিত মাটিৰ জেঙাই সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে মাৰিব পৰা নাই।

অথচ কেন্দ্ৰটোৰ বাবে আবণ্টিত ৩২ বিঘা মাটি অসম চৰকাৰৰে জলসম্পদ বিভাগৰে।

আৰু ২০১৮ চনৰে ৬ জুলাইত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমত কৈছিল যে মাটিখিনি সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব।

মন্ত্ৰীয়ে কোৱা আলোচনাৰ সম্পূৰ্ণ এবছৰ পিছত পৰিণাম কি? বৰ্তমানো উক্ত মাটিখিনিত আছে জলসম্পদ বিভাগৰ চেন্ট্ৰেল ৱৰ্কশ্বপ।

“বৰ্তমানো উক্ত স্থানত আমাৰ ঘৰ কেইটামান বা যন্ত্ৰ-পাতি অলপ আছিল। ইয়াক লৈ আমাৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। যিখিনি সম্পত্তি বা গৃহ আছিল সেইখিনিৰ বিপৰীতে এটা কমপেনচে’চন ক্লেইম (ক্ষতিপূৰণ দাবী) কৰিব লাগিব। কিন্তু সেইটো কৰিবলৈ ৰেভিনিউ লেণ্ড ৰেকৰ্ড (ৰাজহ ভূমি তথ্য)ৰ কাম বাকী আছে। বৰ্তমানলৈকে সেই সামগ্ৰী অথবা গৃহখিনি স্থানান্তৰ কৰাৰ বিকল্প উপায় কৰা হোৱা নাই। টুইন টাৱাৰৰ ফালৰ পৰা (বাবে) এলটমেন্ট (আবণ্টন) দিয়া হৈছে,” নৰ্থ ইষ্ট নাওত মন্তব্য জলসম্পদ বিভাগৰ জ্যেষ্ঠ কাৰ্য্যবাহী অভিযন্তা অৱনী হাজৰিকাই।

Advantage Assam takes disadvantageous turn; ambitious twin towers yet to see foundation stone
টুইন টাৱাৰৰ বাবে আবণ্টিত ঠাইৰ শুকুৰবাৰৰ ছবি।

বহু প্ৰচাৰিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সময়তে ১৯৫০ কোটি টকা ব্যয়সাপেক্ষে যুৰীয়া বাণিজ্যিক কেন্দ্ৰ (টুইন টাৱাৰ) স্থাপনৰ বাবে নেচনেল বিল্ডিং কনষ্ট্ৰাকচন কৰ্পৰে’চন (ইণ্ডিয়া) লিমিটেডৰ সৈতে ফেব্ৰুৱাৰি, ২০১৮ত চুক্তি স্বাক্ষৰিত হৈছিল।

লগতে পঢ়ক– যুৰীয়া বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

৪৩ হাজাৰ বৰ্গ মিটাৰ ভূ-খণ্ড সামৰি নিৰ্মাণ হ’বলগীয়া টুইন টাৱাৰত বাণিজ্যিক কাৰ্য্যালয়, শ্বপিং মল, চিনেমা হল, হোটেল থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে কৈছিল যে অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ হ’ব লগীয়া এই টুইন টাৱাৰে ৰাজ্যখনৰ ব্যৱসায়িক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব।

লগতে পঢ়ক– দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd