• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কাষত সমগ্ৰ দেশৰ চিকিৎসক ||আৰক্ষী বিষয়া-স্বামীৰ ভাবুকি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 1:13 pm
Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ বিষয়া গায়ত্ৰী সোণোৱালৰ নাম লৈ স্বামী চনি শৰ্মা ওৰফে ববি সিঙে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চিকিৎসকক দিয়া ভাবুকিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে সমগ্ৰ ভাৰতৰ চিকিৎসকসকল।

ব্যক্তিজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় পশু চিকিৎসক সংস্থাই অসমৰ মুখ্য সচিবলৈ দিয়া এক জৰুৰী পত্ৰ নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰিছে।

“শাৰীৰিকভাৱে অপদস্থ আৰু অবাঞ্চিত আচৰণ কৰি” “ভুল কৰা” (erring) ব্যক্তিজনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংস্থাই অসমৰ ইণ্টাৰ্নীসকলৰ সৈতে থিয় দিছে।

“আমি ভাৰতীয় পশু চিকিৎসক সংস্থাই দোষী ব্যক্তিজনৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ আৰু কৰ্মথলীত চিকিৎসকৰ বিৰুদ্ধে হিংসা সন্দৰ্ভত ৰাজ্য চৰকাৰে এখন আইন প্ৰণয়ন কৰাটো আৰু ইয়াক বিচাৰসাধ্য অপৰাধ কৰি তোলাৰ বাবেও অনুৰোধ জনাওঁ,” অসমৰ মুখ্য সচিবলৈ ভাৰতীয় পশু চিকিৎসা সংস্থাৰ সভাপতি ডাঃ চিৰন্তন কাদিয়ানে দিয়া পত্ৰত উল্লেখ।

পত্নীৰ নাম লৈ ভাবুকি দিয়া আৰু এ পি বি এনৰ বিভাগীয় কুকুৰ বুলি নিজৰ কুকুৰৰ চিকিৎসা কৰোৱা ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে দিচপুৰ থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে।

Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara
ভাৰতীয় পশু চিকিৎসক সংস্থাই অসমৰ মুখ্য সচিবলৈ দিয়া পত্ৰৰ প্ৰতিলিপি।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাৰ ক্লিনিক সঞ্চালকৰ লগতে দুজন কনিষ্ঠ চিকিৎসকেও চনি শৰ্মা ওৰফে ববি সিঙৰ বিৰুদ্ধে যোৱা ১৩ জুলাইত এজাহাৰ দাখিল কৰিছে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে অভিযোগটোৰ তদন্ত কৰি আছে।

কিন্তু সূত্ৰ অনুসৰি, পত্নীবলেৰে বলিয়ান অভিযুক্ত ব্যক্তিজনক দেওবাৰ-পৰ্য্যন্ত আৰক্ষীয়ে সোধ-পোচো কৰা নাই।

নিৰাপত্তা বিচাৰি কনিষ্ঠ চিকিৎসকসকল আন্দোলনত বহিব লগা বিষয়টোক লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱায়ো উদ্বিগ্নতা প্ৰকাশ কৰি ব্যক্তিজনৰ “শাস্তি”ৰ পোষকতা কৰিছে।

Gayatri Sonowal assam police officer with husband. Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara
পত্নী, দশম এ পি বি এনৰ ছেকেণ্ড-ইন-কমাণ্ড গায়ত্ৰী সোণোৱালৰ সৈতে ববি সিং ওৰফে চনি শৰ্মা।

উপাচাৰ্য্যই বিষয়টো সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ গৃ্হ বিভাগৰ অতিৰিক্ত প্ৰধান সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতেও কথা পতা বুলি জানিব পৰা গৈছে।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অ’ পি দিত যোৱা ৬ জুলাইতে ঘটনাটো সংঘটিত হৈছিল।

উপস্থিত কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকৰ লগতে মহাবিদ্যালয়ৰ দুগৰাকী জ্যেষ্ঠ অধ্যাপকেও “আৰক্ষী বিষয়া পত্নীৰ নাম লৈ” উদ্ভণ্ডালি কৰা লোকজনক শান্ত কৰাৰ চেষ্টা কৰিছিল।

কিন্তু কাহিলীপাৰাৰ দশম এ পি বি এনৰ নামত প্ৰেছক্ৰিপচন লিখাই নিজৰ পোহনীয়া কুকুৰৰ চিকিৎসা কৰোৱাই আনি অভিযুক্ত লোকজনে সেইদিনাই দিচপুৰ থানাত ওলোটাই মহাবিদ্যালয়ৰ বিৰুদ্ধেহে এখন এজাহাৰ (১৯৯৬/১৯) দাখিল কৰে।

অভিযোগমতে, পিছত যোৱা ১২ জুলাইত দিচপুৰ আৰক্ষীৰ আমন্ত্ৰণত বিষয়টো আলোচনাৰ বাবে অহা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দুজন ছাত্ৰক তেওঁ থানাৰ সন্মুখতে পুনৰ আক্ৰমণ আৰু ভাবুকি প্ৰদান কৰে।

লগতে পঢ়ক– কেতিয়া আটক হ’ব আৰক্ষী-স্বামী? কিয় নিৰাপত্তাহীন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়?

ঘটনাটো সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ গায়ত্ৰী সোণোৱালৰ মন্তব্য জনাৰ চেষ্টা কৰিছিল যদিও তেওঁক ফ’নত পোৱা হোৱা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd