• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেপ্টেইন কুল’ৰ চমক : আগন্তুক দুমাহ টীম ইণ্ডিয়া নহয়, সেনাৰ সৈতে কটাব ধোনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 3:08 pm
main-qimg-70eb8b47f8f17dbda420ca77c9a8bc0a
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অপ্ৰতিদ্বন্দ্বী উইকেটকীপাৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ অৱসৰ আৰু ৱেষ্টইণ্ডিজ ভ্ৰমণৰ সকলো জল্পনা-কল্পনাৰ যতি পেলালে।

৩৮ বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে বিচিচিআইক স্পষ্টভাৱে জনাই দিলে যে আগন্তুক দুমাহ তেওঁ কোনোধৰণৰ ক্ৰিকেটৰ লৈতে জড়িত নাথাকে। অহা দুমাহ তেওঁ ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেন্টৰ সৈতে কটাব।

Apply Now

ধোনীয়ে এতিয়া টীম ইণ্ডিয়াৰ সৈতে অহা ৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্টইণ্ডিজ ভ্ৰমণলৈ নোযোৱাটো খাটাং হ’ল। ভাৰতে এই ভ্ৰমণৰ সময়ছোৱাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন টী-টুৱেন্টি, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচত অংশ ল’ব।

বিচিচিআইৰ এজন বিষয়ববীয়াই এই বিষয়ে জানিবলৈ দি কয়, ‘’ধোনীয়ে ৱেষ্টইণ্ডিজ ভ্ৰমণলৈ যাব নোৱাৰাৰ কথা জনাইছে। তেওঁ আগন্তুক দুমাহৰ বাবে পেৰাছ্যুট ৰেজিমেন্টৰ সৈতে সময় কটাব। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচক সমিতিৰ বৈঠকৰ পূৰ্বে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ধোনীয়ে তেওঁৰ সিদ্ধান্ত অধিনায়ক বিৰাট কোহলী আৰু নিৰ্বাচক সমিতিৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদকো জনাই দিছে।‘’

বিচিচিআইৰ বিষয়াজনে লগতে কয় যে ধোনীৰ এই সিদ্ধান্তই তেওঁ যে এতিয়াই অৱসৰৰ কথা চিন্তা কৰা নাই সেই আশা সজীৱ কৰি ৰাখিছে।

বিশ্বকাপৰ পাছত ধোনীয়ে অৱসৰ গ্ৰহণ কৰিব বুলি চলি থকা চৰ্চাত যতি পেলাই ধোনীৰ এই সিদ্ধান্তই নতুন চিন্তাৰ বাট মুকলি কৰিলে। ধোনীৰ অৱসৰ সন্দৰ্ভত বিচিচিআইয়ে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

বিশ্বকাপত ধোনীৰ প্ৰদৰ্শনক লৈ নিৰন্তৰ সমালোচকসকলে লক্ষ্য কৰি লৈছিল। আঠখন মেচত ধোনীয়ে ২৭৩ ৰাণ সংগ্ৰহ কৰিছিল। মধ্যম ক্ৰমত বেটিং কৰা যিকোনো ভাৰতীয় বেটছমেনৰ ভিতৰত সৰ্বাধিক। হাৰ্দিক পাণ্ডিয়া (২২৬) আৰু ঋষভ পন্ট (১১৬) তালিকাত তেওঁৰ পাছত আছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক তেওঁৰ অদমনীয় প্ৰদৰ্শনৰ বাবে ২০১১ চনত প্ৰাদেশিক সেনাৰ সন্মানীয় লেফটেনেন্ট কৰ্ণেলৰ ৰেংক প্ৰদান কৰা হৈছিল। এই সন্মান লাভ কৰা ধোনী কপিল দেবৰ পাছতে দ্বিতীয়গৰাকী ক্ৰিকেটাৰ।

২০১৫ চনত মহেন্দ্ৰ সিং ধোনী প্ৰশিক্ষিত পেৰাট্ৰুপাৰ হৈ পৰে। আগ্ৰাত থকা পেৰাট্ৰুপছ ট্ৰেনিং স্কুলত ভাৰতীয় বায়ু সেনাৰ এএএন-৩২ বিমানৰ পৰা পাঁচটা স্তৰ সম্পূৰ্ণ কৰাৰ পাছত তেওঁ প্ৰতিষ্ঠিত পেৰা উইংছ প্ৰতীক চিহ্ন লগোৱাৰ অৰ্হতা লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd