• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাঞ্চনজঙ্ঘাৰ পৰা সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ : ৰে’ল যাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন ৰাইজৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 22, 2019 8:54 am
IMG-20190721-WA0017

সন্ধানহীন বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ ৰে'ল আৰক্ষীৰ। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ পৰা সন্ধানহীন হোৱা হাফলঙৰ যুবৱক বিশ্বজিত দেব ওৰফে বুঢ়াৰ মৃতদেহ দেওবাৰে নিউ কোচবিহাৰ এলেকাৰ ৰে’লপথৰ পৰা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে। বিশ্বজিতক চলি থকা ৰে’লৰ পৰা দুৰ্বৃত্তৰ দলে পেলাই দিয়া বুলি সন্দেহ কৰা হৈছে।

কাঞ্চনজঙ্ঘাৰ নিচিনা ৰে’লৰ ৰিজাৰ্ভেশ্যন ডবাৰ যাত্ৰীৰ লগত এনে ঘৃণনীয় ঘটনাৰ পাছত ৰে’লত যাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

উল্লেখ্য যে যোৱা শুকুৰবাৰে হাফলঙৰ বিশ্বজিত দেবে পশ্চিমবংগৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা ৰাতিপুৱা ছয় বাজি ত্ৰিশ মিনিটত কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰে হাফলঙৰ অভিমুখে ৰাওনা হয়।

বিশ্বজিতৰ আসন আছিল এ ৱান ক’চৰ এচি টু টায়াৰৰ ২৩ নম্বৰ। কিষাণগঞ্জ অহাৰ পাছত হাফলঙত থকা ডাঙৰ ভাতৃ প্ৰদীপ দেবৰ লগত মোবাইলত তেওঁৰ কথা-বতৰা হয়। তেতিয়ালৈ চব ঠিকেই আছিল। কিন্তু ইয়াৰ পাছৰ পৰা কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল আৰু মোবাইল চুইচ অফ হৈ আছিল। এইকথা বিশ্বজিতৰ ককায়েক প্ৰদীপে জানিবলৈ দিয়ে।

ইপিনে, শনিবাৰে পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে। কিয়নো সেইদিনা  কাঞ্চনজঙ্ঘা এক্সপ্ৰেছখন নিউ হাফলং ষ্টেশ্যন পায় যদিও বিশ্বজিত ঘৰ নোপোৱাত পৰিয়ালৰ সদস্য সকলৰ মাজত চাঞ্চল্যই বিৰাজ কৰে। লগে লগে তেওঁলোকে নিউ হাফলং ষ্টেশ্যন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু বিশ্বজিতে ভ্ৰমণ কৰা একেখন ক’চৰ ২৪ নম্বৰ আসনৰ যাত্ৰীৰ সৈতে কথা পাতে।

যাত্ৰীগৰাকীয়ে বিশ্বজিতৰ জেষ্ঠ ভাতৃ প্ৰদীপ দেবক জনায় যে ঘটনাৰ দিনা সন্ধিয়া ৭ মান বজাত ৰে’লখন  ধুপগুৰি ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছত বিশ্বজিত ৰে’লৰ পৰা নামি প্লেটফৰ্মত থকা দোকানৰ পৰা খোৱা বস্তু কিনি আনে। অবশ্যে, ৰে’লত উঠাৰ পাছত তেওঁ দেখে যে মোবাইলটো দোকানত পেলাই থৈ আহিছে। দ্বিতীয় বাৰৰ কাৰণে ৰে’লৰ পৰা নামি মোবাইল অনাৰ বাবে গৈ বিশ্বজিত আৰু উভতি অহা নাছিল। কিন্তু ৰে’ল ইতিমধ্যে এৰি দিছিল।

আনহাতে,পৰিয়ালৰ লোকে ৰে’ল আৰক্ষীক এজাহাৰ দাখিল কৰিব বিচাৰে যদিও নিউ হাফলং ৰেল আৰক্ষী ( জিআৰপি) এজাহাৰ লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছত তেওঁলোকে হাফলং আৰক্ষী থানাত বিশ্বজিতৰ সন্ধানহীনতাৰ বিষয় উল্লেখ কৰি এজাহাৰ দাখিল কৰে। কিন্তু দেওবাৰে ৰে’ল আৰক্ষীৰ (আৰপিএফ) ফালৰ পৰা বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি খবৰ আহে।

জানিব পৰা মতে, ধুপগুৰি আৰু নিউ কোচবিহাৰ ষ্টেশ্যনৰ মাজত শনিবাৰে পুৱতিনিশা পেট্ৰ’লিঙত থকা ৰে’লকৰ্মীয়ে মৃতদেহ এটা দেখি ৰে’ল আৰক্ষীক অৱগত কৰিছিল।

দেওবাৰে নিউ হাফলঙৰ ৰে’লৱে প্ৰটেকশ্যন ফোৰ্চে বিশ্বজিতৰ পৰিয়ালৰ লোকক মৃতদেহ উদ্ধাৰৰ বিষয়ে খবৰ দিয়ে যদিও ৰে’ল কৰ্তৃপক্ষৰ সন্দেহ যে ৰে’লৰ পৰা পৰি দুৰ্ঘটনাত বিশ্বজিতৰ মৃত্যু হৈছে। কিন্তু বিশ্বজিতৰ পৰিয়ালৰ লোকে এয়া সহজে মানি ল’ব পৰা নাই ।

প্ৰকৃততে, ৰে’লত ভ্ৰমণ কৰা যাত্ৰীসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে যে দায়বদ্ধ নহয়, বিশ্বজিতৰ ঘটনা তাৰেই এক অন্যতম উদাহৰণ।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd