• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাঞ্চনজঙ্ঘাৰ পৰা সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ : ৰে’ল যাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন ৰাইজৰ

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , July 22, 2019 8:54 am

2 min read

IMG-20190721-WA0017

সন্ধানহীন বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ ৰে'ল আৰক্ষীৰ। ফটো : নৰ্থইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ পৰা সন্ধানহীন হোৱা হাফলঙৰ যুবৱক বিশ্বজিত দেব ওৰফে বুঢ়াৰ মৃতদেহ দেওবাৰে নিউ কোচবিহাৰ এলেকাৰ ৰে’লপথৰ পৰা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে। বিশ্বজিতক চলি থকা ৰে’লৰ পৰা দুৰ্বৃত্তৰ দলে পেলাই দিয়া বুলি সন্দেহ কৰা হৈছে।

কাঞ্চনজঙ্ঘাৰ নিচিনা ৰে’লৰ ৰিজাৰ্ভেশ্যন ডবাৰ যাত্ৰীৰ লগত এনে ঘৃণনীয় ঘটনাৰ পাছত ৰে’লত যাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে হাফলঙৰ বিশ্বজিত দেবে পশ্চিমবংগৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা ৰাতিপুৱা ছয় বাজি ত্ৰিশ মিনিটত কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰে হাফলঙৰ অভিমুখে ৰাওনা হয়।

বিশ্বজিতৰ আসন আছিল এ ৱান ক’চৰ এচি টু টায়াৰৰ ২৩ নম্বৰ। কিষাণগঞ্জ অহাৰ পাছত হাফলঙত থকা ডাঙৰ ভাতৃ প্ৰদীপ দেবৰ লগত মোবাইলত তেওঁৰ কথা-বতৰা হয়। তেতিয়ালৈ চব ঠিকেই আছিল। কিন্তু ইয়াৰ পাছৰ পৰা কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল আৰু মোবাইল চুইচ অফ হৈ আছিল। এইকথা বিশ্বজিতৰ ককায়েক প্ৰদীপে জানিবলৈ দিয়ে।

ইপিনে, শনিবাৰে পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে। কিয়নো সেইদিনা  কাঞ্চনজঙ্ঘা এক্সপ্ৰেছখন নিউ হাফলং ষ্টেশ্যন পায় যদিও বিশ্বজিত ঘৰ নোপোৱাত পৰিয়ালৰ সদস্য সকলৰ মাজত চাঞ্চল্যই বিৰাজ কৰে। লগে লগে তেওঁলোকে নিউ হাফলং ষ্টেশ্যন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু বিশ্বজিতে ভ্ৰমণ কৰা একেখন ক’চৰ ২৪ নম্বৰ আসনৰ যাত্ৰীৰ সৈতে কথা পাতে।

যাত্ৰীগৰাকীয়ে বিশ্বজিতৰ জেষ্ঠ ভাতৃ প্ৰদীপ দেবক জনায় যে ঘটনাৰ দিনা সন্ধিয়া ৭ মান বজাত ৰে’লখন  ধুপগুৰি ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছত বিশ্বজিত ৰে’লৰ পৰা নামি প্লেটফৰ্মত থকা দোকানৰ পৰা খোৱা বস্তু কিনি আনে। অবশ্যে, ৰে’লত উঠাৰ পাছত তেওঁ দেখে যে মোবাইলটো দোকানত পেলাই থৈ আহিছে। দ্বিতীয় বাৰৰ কাৰণে ৰে’লৰ পৰা নামি মোবাইল অনাৰ বাবে গৈ বিশ্বজিত আৰু উভতি অহা নাছিল। কিন্তু ৰে’ল ইতিমধ্যে এৰি দিছিল।

আনহাতে,পৰিয়ালৰ লোকে ৰে’ল আৰক্ষীক এজাহাৰ দাখিল কৰিব বিচাৰে যদিও নিউ হাফলং ৰেল আৰক্ষী ( জিআৰপি) এজাহাৰ লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছত তেওঁলোকে হাফলং আৰক্ষী থানাত বিশ্বজিতৰ সন্ধানহীনতাৰ বিষয় উল্লেখ কৰি এজাহাৰ দাখিল কৰে। কিন্তু দেওবাৰে ৰে’ল আৰক্ষীৰ (আৰপিএফ) ফালৰ পৰা বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি খবৰ আহে।

জানিব পৰা মতে, ধুপগুৰি আৰু নিউ কোচবিহাৰ ষ্টেশ্যনৰ মাজত শনিবাৰে পুৱতিনিশা পেট্ৰ’লিঙত থকা ৰে’লকৰ্মীয়ে মৃতদেহ এটা দেখি ৰে’ল আৰক্ষীক অৱগত কৰিছিল।

দেওবাৰে নিউ হাফলঙৰ ৰে’লৱে প্ৰটেকশ্যন ফোৰ্চে বিশ্বজিতৰ পৰিয়ালৰ লোকক মৃতদেহ উদ্ধাৰৰ বিষয়ে খবৰ দিয়ে যদিও ৰে’ল কৰ্তৃপক্ষৰ সন্দেহ যে ৰে’লৰ পৰা পৰি দুৰ্ঘটনাত বিশ্বজিতৰ মৃত্যু হৈছে। কিন্তু বিশ্বজিতৰ পৰিয়ালৰ লোকে এয়া সহজে মানি ল’ব পৰা নাই ।

প্ৰকৃততে, ৰে’লত ভ্ৰমণ কৰা যাত্ৰীসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে যে দায়বদ্ধ নহয়, বিশ্বজিতৰ ঘটনা তাৰেই এক অন্যতম উদাহৰণ।

Recent News

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd