• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মাটি-চাকৰিত খিলঞ্জীয়াৰ সংৰক্ষণ দাবী আছুৰ, বৈঠকৰ পিছতে দিল্লীত ঘোষণা

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ বিষয়ক উচ্চস্তৰীয় সমিতিত অসমৰ জনজাতীয় প্ৰতিনিধিত্ব দাবী আছুৰ। অহা জানুৱাৰিত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব সমিতিয়ে।

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 6:43 pm
"Not happy": AASU, 30 organisations to move SC over Assam NRC

আছু আৰু ৩০টা সংগঠনৰ নেতৃত্বৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মাটি আৰু চাকৰিত খিলঞ্জীয়াৰ সংৰক্ষণ দাবী কৰিছে।

নতুন দিল্লীৰ নৰ্থ ব্লকত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ বিষয়ক উচ্চস্তৰীয় সমিতিৰ প্ৰথমখনত বৈঠকৰ পিছতে বুধবাৰে নৰ্থ ইষ্ট নাওক এই কথা জনাইছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

Apply Now

তাৰোপৰি, যোৱা ১৬ জুলাইত গঠিত উচ্চস্তৰীয় সমিতিখনত আছুৱে অসমৰ জনজাতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে।

সমিতিখন গঠনৰ অধিসূচনাত “ভূমি” বিষয়টো নথকাত বহু লোকে প্ৰস্তাৱিত “সাংবিধানিক সুৰক্ষা”ৰ বাস্তৱ কাৰ্য্যকাৰিতাক লৈ আশংকা প্ৰকাশ কৰি আহিছে।

আছুৱে সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বৰ জি কে পিল্লাই সমিতিৰ প্ৰতিবেদন আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে যুগুতোৱা প্ৰতিবেদনৰ পৰামৰ্শাৱলী মতে আগবঢ়াটো বিচাৰিছে।

আৰু সমিতিখনেও এই পৰামৰ্শাৱলী মনত ৰাখিয়ে প্ৰক্ৰিয়াটো আগবঢ়াব বুলিও ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওত প্ৰকাশ কৰিছে।

সংগঠনটোৱে অসম চুক্তিৰ দফাসমূহৰ উলংঘা নোহোৱাকৈ সমগ্ৰ প্ৰক্ৰিয়াটো চলাটো বিচাৰিছে, ভট্টাচাৰ্য্যই জনায়।

সমিতিখনৰ সদস্য সচিব, গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গে জনোৱা মতে অহা বছৰৰ জানুৱাৰিত সমিতিখনে কেন্দ্ৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

প্ৰাৰম্ভিক এই বৈঠকখনত সমিতিখনৰ চৰ্তাৱলী আৰু আধাৰ নিৰ্ধাৰণ হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰৰ বৈঠকখনত আটাইকেইজন সদস্য উপস্থিত আছিল।

“এইখন এখন আদৰণি বৈঠক আছিল। সকলো সদস্য উপস্থিত আছিল,” যুটীয়া সচিব গাৰ্গে নৰ্থ ইষ্ট নাওক জনায়।

সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই সভাপতিত্ব কৰা বৈঠকখনত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিশান ৰেদ্দিও উপস্থিত আছিল।

লগতে পঢ়ক– খিলঞ্জীয়ালৈ ভূমি সংৰক্ষণ বিনে অৰ্থহীন অসম চুক্তিৰ ৬নং দফা বিষয়ক সমিতি

লগতে পঢ়ক– খোদ প্ৰতীক হাজেলাৰ স্থিতিতে সন্দেহ প্ৰকাশ বিজেপিৰ

সমিতিখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ আৰু অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈক সদস্যৰূপে লৈ গঠিত হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব)ক সমিতিখনত সদস্য সচিবৰূপে নিয়োগ কৰা হৈছে।

অসম চুক্তিৰ ৬নং দফাত উল্লেখিত সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক সুৰক্ষাৰ ৰূপায়ণ সন্দৰ্ভত সমিতিখনে কেন্দ্ৰক পৰামৰ্শ আগবঢ়োৱাৰ কথা।

সমিতিখনে বিভিন্ন দল-সংগঠন, প্ৰখ্যাত ব্যক্তি, অৰ্থনীতিবিদ, আইন বিশেষজ্ঞ আদিৰ মতামত গ্ৰহণ কৰিব।

একে বিষয়ক লৈ কেন্দ্ৰই জানুৱাৰিত গঠন কৰা সমিতিখনৰ বেছিখিনি সদস্যই সমিতিত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰাত বৰ্তমানৰ সমিতিখন গঠন কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd