• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

₹১০ লাখলৈকে পাওক এজোপা অগৰুত; ছিংগাপ’ৰৰ পৰা ক্ৰেতা আপোনাৰ ঘৰলৈকে আহিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2019 8:26 pm
Rays of hope for Assam Agarwood cultivators
1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ অগৰু খেতিয়কৰ বাবে সুখবৰ।

এতিয়া কম দামত অগৰু বেচাৰ কথা নাই, ₹১০ লাখলৈকে আপুনি পাব পাৰে এজোপা অগৰুত। ছিংগাপ’ৰৰ পৰা মানুহ আহি ঘৰৰ পৰাই নিবহি মূল্যৱান অগৰু কাঠ।

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি আছিয়ান-ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ এলঅ’পিডিআৰ শাখাৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে এই কথা সদৰী কৰিছে।

অগৰু সন্দৰ্ভত শেহতীয়াকৈ সোণোৱাল কেবিনেটে লোৱা সিদ্ধান্তক ধন্যবাদ জনাই তেওঁ কয় যে এই প্ৰকল্পৰ পৰা লাভ কৰা ৰাজহে অসমৰ জনতাৰ জীৱনশৈলী উন্নীত কৰিব।

তদুপৰি, সোণোৱাল কেবিনেটে গোলাঘাট জিলাত অগৰুৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি চৌধুৰীয়ে লগতে কয়, “এই সিদ্ধান্তই প্ৰধানতঃ অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু হোজাইৰ লগতে সমীপৱৰ্তী জিলাসমূহৰ কৃষকক লাভান্বিত কৰিব। ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰায় ১০ লাখ অগৰু গছ আছে। হোজাই জিলাত ৩ লাখ অগৰু গছ আছে।”

আনহাতে, যোৱা বছৰ ছিংগাপুৰত অনুষ্ঠিত হোৱা আছিয়ান ইণ্ডিয়া প্ৰৱাসী ভাৰতীয় দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্য মন্ত্ৰীসকলৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ সৈতে চৌধুৰী এক আলোচনাত মিলিত হৈছিল তথা অগৰুৰ প্ৰসংগটো তাত উত্থাপন কৰিছিল বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

“একেদৰে গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছামতে অগৰুৰ ব্যৱসায়িক মাত্ৰা প্ৰদানৰ উদ্দেশ্যে তথা অগৰু উদ্যোগৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰিছিলো,” সংবাদমেলত চৌধুৰীৰ মন্তব্য।

তদুপৰি, বৰ্তমান অসমৰ দৈনিক অগৰুৰ বাণিজ্যৰ পৰিমাণৰ কথা উল্লেখ কৰি তেওঁ কয়, “বৰ্তমান অসমৰ দৈনিক অগৰু বাণিজ্যৰ পৰিমাণ হৈছে প্ৰায় ৪-৫ কোটি টকা। ইয়াৰ ভিতৰত কেঁচামালৰ পৰা প্ৰস্তুত হোৱা সামগ্ৰীলৈ আছে।”

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে অসমৰ কৃষক ৰাইজক অগৰুৰ খেতি কৰিবলৈ আহ্বান জনাই কয়, “আপোনালোকে অগৰুৰ পুলি ৰোৱক। কোনো লোক অগৰু বিক্ৰী কৰিবলৈ আৰৱলৈ যাব নালাগে। ছিংগাপ’ৰৰ পৰা মানুহ আহি তেওঁলোকৰ অগৰুৰ গছসমূহ লৈ যাব। দুষ্ট ব্যৱসায়ীৰ হাতত এতিয়া অগৰু বিক্ৰী কৰিব নালাগে। পূৰ্বতে এজোপা গছত বহু কম মূল্য দি ব্যৱসায়ীসকলে ক্ৰয় কৰি লৈ গৈছিল। কিন্তু এতিয়া এইবোৰ কৰিব নোৱাৰে।”

“গছৰ গঠন আৰু পোকে কিমান খাইছে তাৰ ওপৰত ভিত্তি কৰি গছৰ দাম হয়। ১০ হাজাৰো হ’ব পাৰে, ১ লাখো হ’ব পাৰে। ভাল গছ হ’লে ১০ লাখ টকাও হ’ব পাৰে,” সংবাদমেলত চৌধুৰীয়ে কয়।

আছিয়ান-ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ এলঅ’পিডিআৰ ৱে’বছাইটত গৈ কৃষকসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি তেওঁ কয়।

যোৱা ২২ জুলাইৰ কেবিনেটে অনুমোদন দিছে অগৰু খেতিৰ উদ্যোগ নীতি। যিয়ে ৰাজ্যখনৰ অগৰু খেতি তথা কৃষকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিগত ২৫ বছৰে এই দাবী অমীমাংসিত হৈ আছিল।

জানিব পৰা মতে, অগৰু প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ঘৰুৱা অগৰু খেতিৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। ৩৫ বিঘা পৰ্য্যন্ত কৃষি ভূমিত ইচ্ছুক কৃষকসকলে ঘৰুৱাভাৱে অগৰু খেতি কৰিব পাৰিব।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd