• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-বাংলা সীমান্ত বেৰাৰ দুঃশ্চিন্তা এৰি ভোট দিব পাৰিব ’২১ৰ নিৰ্বাচনত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 4:32 pm
assam cm sarbananda sonowal at indo-bangla border

ভাৰত-বাংলা সীমাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ছবি সৌজন্য-- অসম চৰকাৰ।

1.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছু– বাংলাদেশৰ সৈতে সীমান্ত ছীল–ৰ দুঃশ্চিন্তা এৰি ৰাইজে ’২১ৰ বিধান সভা নিৰ্বাচনত ভোট দিব পাৰিব।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব ভাৰত-বাংলা সীমান্ত ছীলৰ কাম।

নৰেন্দ্ৰ মোদীৰ আগৰখন কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাৰ্চৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা কৈছিল যদিও নতুন সময়সীমা হৈছে ডিচেম্বৰ, ২০২০ (।)

“বাকী থকা ১৬৯.৬৪ কিঃ মিঃ ২০২০ৰ ডিচেম্বৰৰ ভিতৰত ছীল কৰা হ’ব,” ২৮০৩.০১৩ কিঃ মিঃ সীমা ইতিমধ্যে ছীল কৰা বুলি উল্লেখ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে দিয়া বিবৃতিত প্ৰকাশ।

তেওঁ জনাই যে, ৪০৯৬ কিঃ মিঃ দৈৰ্ঘ্যৰ ৩৩২৬.১৪ কিঃ মিঃ এলেকাত ফেন্সিং নিৰ্মাণৰ অনুমোদন জনোৱা হৈছে।

সীমান্তৰ বহু এলেকাত থকা নদীসমূহেৰে প্ৰব্ৰজন বন্ধ কৰাৰ বাবে চৰকাৰে “প্ৰযুক্তিগত” ব্যৱস্থা হাতত ল’ব।

“সীমান্ত এলেকাসমূহত সীমা পহৰা চকীসমূহৰ বিপদসাধ্যতা জৰীপ, নিৰীক্ষণকাৰী সঁজুলি যোগান, চোৰাংচোৱা নেটৱৰ্ক শক্তিশালীকৰণ, বিপদসাধ্য এলেকাত সুৰংগ-ৰোধী পদক্ষেপ আৰু অসুবিধাজনক ঠাই যেনে নদী এলেকাসমূহত প্ৰযুক্তিগত সমাধান যোগানৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে,” তেওঁ জনায়।

মন্ত্ৰীজনে জনাই যে, সীমান্তৰে হোৱা প্ৰব্ৰজন ৰোধাৰ বাবে চৰকাৰে এক বহুদিশীয়া পদ্ধতি গ্ৰহণ কৰিছে।

“…ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় সীমাত সীমা সুৰক্ষা দল নিয়োগ, সীমান্ত ফেন্সিং আৰু ফ্লাদ লাইটৰ ব্যৱস্থা, সীমান্তত তহল, সীমা নিৰীক্ষণ চকীসমূহত জোৱান নিয়োগ…,” ৰায়ে কয়।

যোৱা ১৮ ডিচেম্বৰত তদানীন্তন গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুৱে ২০২০ৰ মাৰ্চৰ ভিতৰত সীমান্তৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা কৈছিল।

গৃহ বিভাগৰ তথ্য মতে, যোৱা ডিচেম্বৰলৈকে ভাৰত-বাংলা সীমাৰ ২৭৮৫.৫৫৪ কিঃমিঃত বেৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd