• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত বোকাখাতত বিধায়ক কাপ আন্তঃগাওঁপঞ্চায়ত ফুটবল প্ৰতিযোগিতা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 28, 2018 10:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰীড়াৰ মাজেৰে ৰাইজৰ মাজত সোমোৱাৰ চেষ্টাৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ উদ্যোগত আয়োজন কৰিলে বিধায়ক কাপ আন্তঃপঞ্চায়ত ফুটবল প্ৰতিযোগিতা৷ মন্ত্ৰীজনৰ পৃষ্ঠপোষকতাত বোকাখাতৰ কৈলাখাত খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ খেলবোৰ বোকাখাত সমষ্টিৰ ২০খন গাওঁপঞ্চায়তৰ মাজত পাঁচটা গ্ৰুপত অনুষ্ঠিত হ’ব।

ফিটা কাটি, চাকি জ্বলাই অতুল বৰাই খেলুৱৈসকলৰ সৈতে চিনাকি হৈ ফুটবলত কিক মাৰি খেল উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাও মুকলি কৰে৷ কৈলাখাত খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰী অতুল বৰাৰ উপৰি ভৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰা,  নুমলীগড় শোধনাগাৰৰ প্ৰবন্ধক মিণ্টু সন্দিকৈ, গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, আৰক্ষী অধীক্ষ মানবেন্দ্ৰ দেব ৰয়, মহকুমাধিপতি ধীৰজ দাস, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিলীপ শইকীয়া,  কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা, চন্দ্ৰ শৰ্মা আৰু যতীন নাথ, জিলা সভাপতি জগত কলিতা,  সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই প্ৰতিযোগিতাৰ জৰিয়তে বোকাখাত সমষ্টিৰ গাৱেঁ-ভূঞে লুকাই থকা ক্ৰীড়া প্ৰতিভাক উলিয়াই অনাৰ চেষ্টা কৰা বুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই উদ্বোধনী ভাষণত উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠানটোতে সমষ্টিটোৰ পাঁচখন পঞ্চায়তৰ প্ৰায় শতাধিক প্ৰবীণ খেলুৱৈক মন্ত্ৰী অতুল বৰাই ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷

আজিৰ উদ্বোধনী খেল অনুষ্ঠিত হয় মহমাইকী গাওঁপঞ্চায়ত একাদশ আৰু দক্ষিণ কাজিৰঙা গাওঁপঞ্চায়ত একাদশৰ মাজত৷ খেলখনত ম’হমাইকী গাওঁপঞ্চায়ত একাদশে দক্ষিণ কাজিৰঙা গাওঁপঞ্চায়ত একাদশক ১-০ গ’লৰ ব্যৱধানত পৰাভূত কৰে ৷

প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ ক্ৰমে বোকাখাত ৰাজহুৱা খেলপথাৰ, বৰজুৰি, মহুৰামুখ আৰু বাদুলীপাৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd