• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ পবিত্ৰ সদনতে মিছা মাতিলে শিক্ষা মন্ত্ৰীয়ে,অভিযোগ টে’ট শিক্ষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 8:28 am
t-8-1140x570-1024x512

প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিধানসভাৰ অধিৱেশনৰ ২৯ জুলাইৰ দিনটোত খোদ শিক্ষা মন্ত্ৰীয়ে সদনত ভুল তথ্যৰে বিভ্ৰান্তি সৃষ্টি কৰা বুলি অভিযোগ কৰিছে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে কয় যে অসম বিধানসভাৰ অধিৱেশনৰ ২৯ জুলাইৰ কাৰ্য্যক্ৰমণিকাৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যৰ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সদনত ভুল তথ্যৰে উত্তৰ দিয়ে।

Apply Now

টে’ট শিক্ষক সমাজৰ অভিযোগ, উত্তৰ হিচাপে শিক্ষা মন্ত্ৰীয়ে সদনক জনায় যে যোৱা ২৭ জুনত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সৈতে শিক্ষা মন্ত্ৰীৰ সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাৰ মাইন্যুটছ মতে সকলো নিষ্পত্তি হৈছে আৰু ২৭ জুনৰ আলোচনা সফল হৈছিল।

শিক্ষা মন্ত্ৰীয়ে লগতে ২৯ জুনত টে’ট শিক্ষকে লোৱা ‘দিচপুৰ চলো’ কাৰ্যসূচী অযুক্তিকৰ আছিল বুলি মন্তব্য কৰে।

ইপিনে, টে’ট শিক্ষক সমাজে ২৭ জুনত শিক্ষা মন্ত্ৰীৰ সৈতে কোনো আনুষ্ঠানিক সভা অনুষ্ঠিত হোৱা নাছিল বুলি স্পষ্ট কৰি দিছে।

সেইদিনা তৃতীয় পক্ষৰ হস্তক্ষেপত টে’ট শিক্ষক সমাজৰ বহিস্কৃত সভাপতি পদ্মলোচন দলে আৰু সমাজৰ এক প্ৰতিনিধি দল এক অনানুষ্ঠানিক আলোচনালৈ গৈছিল বুলিহে বিবৃতিটোত কোৱা হৈছে।

উক্ত আলোচনাত মূল বিষয়ক আওকাণ কৰা বাবে আলোচনা সম্পূৰ্ণ বিফল হৈছিল আৰু সেই বিষয়ে টে’ট শিক্ষক সমাজৰ ফালৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজহুৱা কৰা হৈছিল।

সেই আলোচনা ব্যৰ্থ হোৱাৰ বাবেই ২৯ জুনত ৰাজ্যখনৰ হাজাৰ হাজাৰ টে’ট শিক্ষক গুৱাহাটীত সমৱেত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

২৭ জুনৰ অনানুষ্ঠানিক সভাত টে’ট শিক্ষকৰ মূল আৰু একমাত্ৰ দাবী বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ বিষয়টো সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।

শিক্ষা মন্ত্ৰীয়ে নিজৰ ফালৰ পৰা একপক্ষীয়ভাৱে ৫টা বিষয় সংলগ্ন কৰি এখন মাইন্যুটছ প্ৰস্তুত কৰি টে’ট শিক্ষকসকলৰ মূল সমস্যাটোক আওকাণ কৰে। ইয়াত শিক্ষা মন্ত্ৰীয়ে ঠিকাভিত্তিক টে’ট শিক্ষকসকলক নিয়মীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ‘ইন চাৰ্ভিছ’ শিক্ষক হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰে।

উক্ত নিয়ম অনুযায়ী ঠিকাভিত্তিক টে’ট শিক্ষকসকল কৰ্মৰত হৈ থকাৰ পাছতো খালী পদৰ বিপৰীতে হোৱা বিজ্ঞাপনতহে আবেদন কৰিব পাৰিব। অৰ্থাৎ নিয়মীয়াকৰণৰ সলনি নতুন নিযুক্তিৰ বিজ্ঞাপনত আবেদনৰহে সুযোগ দিয়া হ’ব।

আনহাতে, শিক্ষা মন্ত্ৰীয়ে সদনত দেখুওৱা মাইন্যুটছত লিখা হৈছে যে বিজ্ঞাপনত আবেদনৰ ক্ষেত্ৰত ঠিকাভিত্তিক টে’ট শিক্ষকসকলক বয়সৰ উৰ্দ্ধসীমা তথা টে’ট চাৰ্টিফিকেটৰ ম্যাদৰ কথা প্ৰযোজ্য নহ’ব।

আবেদনকাৰী শিক্ষকসকলে নতুন নিযুক্তি ল’ব পাৰিব যদিও হাজাৰ হাজাৰ আবেদনকাৰীৰ ভিতৰত  ঠিকাভিত্তিক টে’ট শিক্ষকসকলে নিযুক্তি লাভ কৰাৰ কোনো নিশ্চয়তা নাই।

আনহাতে, বেতন সুৰক্ষাৰ ক্ষেত্ৰতো ইয়াত শিক্ষা মন্ত্ৰীয়ে কোনো কথা স্পষ্টকৈ উল্লেখ কৰা নাই।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে বিবৃতিটোৰ জৰিয়তে স্পষ্ট কৰি দিছে যে শিক্ষা মন্ত্ৰীয়ে একপক্ষীয়ভাৱে প্ৰস্তুত কৰা মাইন্যুটছখন টে’ট শিক্ষক সমাজে কেতিয়াও গ্ৰহণ নকৰে।

তেওঁলোকে লগতে কয় যে ২৯ জুনত গুৱাহাটীৰ খানাপাৰাত উপস্থিত থকা প্ৰায় ২২০০০ শিক্ষকৰ গণতান্ত্ৰিক দৃষ্টিভংগী সদনত অপমান কৰাটো শিক্ষা মন্ত্ৰীৰ ডাঙৰ ভুল আৰু ইয়াৰ বাবে শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে।

ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত টে’ট শিক্ষকসকলে নিৰ্বাচনী দায়িত্ব, এন আৰ চি, গুণোৎসৱ আদিকে ধৰি চৰকাৰী সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ লগতে সকলো বৃত্তিগত অৰ্হতা আৰু ৭ বছৰতকৈয়ো অধিক অভিজ্ঞতা আহৰণ কৰাৰ পাছতো টে’ট শিক্ষকসকলৰ নিয়মীয়াকৰণ নকৰাটো পৰিতাপৰ বিষয়।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষা মন্ত্ৰীক শিক্ষকক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায়।

তেওঁলোকে স্পষ্ট কৰি দিয়ে যে যদিহে শিক্ষা মন্ত্ৰীয়ে টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেনেহ’লে অতি শীঘ্ৰে ভয়ংকৰ ৰূপত ৰাজ্যৰ ৪১ হাজাৰ টে’ট শিক্ষকে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

প্ৰয়োজনত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ দাবীত ৰাজধানী নতুন দিল্লীৰ ৰাজপথ কঁপাবলৈ সাজু বুলিও বিবৃতিটোৰ জৰিয়তে সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd