উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে উন্নাও ধৰ্ষণ কাণ্ডৰ শুনানি প্ৰক্ৰিয়া দিল্লীলৈ বদলি কৰাৰ বাবে নিৰ্দেশ দিয়ে।
উন্নাৱত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ মাতৃয়ে গোচৰ প্ৰক্ৰিয়াৰ শুনানিৰ স্থান বদলি কৰাৰ বাবে কৰা আবেদনৰ ভিত্তিতে গোচৰটোৰ শুনানি দিল্লীলৈ বদলি কৰাৰ নিৰ্দেশ দিয়া হয়।
উল্লেখযোগ্য যে, উন্নাৱত ধৰ্ষণৰ বলি হোৱা ভূক্তভোগী যুৱতীগৰাকী গৈ থকা বাহনখনত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই সংঘটিত কৰা পথ দুৰ্ঘটনা সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চি বি আইৰ সঞ্চালক সৈতে আলোচনা কৰা নিৰ্দেশ দিছিল চলিছিটৰ জেনেৰেলক।
উক্ত পথ দুৰ্ঘটনাটোত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও তেওঁৰ দুগৰাকী আত্মীয়ৰ থিতাতে মৃত্যু হয়।
আনহাতে, ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ লিখা এখন পত্ৰত সমষ্ট ঘটনাৰ সৈতে বিজেপি বিধায়ক কুলদ্বীপ সিঙ জড়িত হৈ আছিল বুলি উল্লেখ কৰাৰ লগতে আৰু তেওঁৰ প্ৰাণৰ প্ৰতি ভাবুকি অহা বুলি অৱগত কৰিছিল।
দেশজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা উন্নাও ধৰ্ষণ আৰু ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পাছত ভূক্তভোগী গৈ থকা বাহনৰ পথ দুৰ্ঘটনা আদি প্ৰসংগলৈ বিৰোধীয়ে শাসনাধিষ্ঠ বিজেপিক ঘেৰিবলৈ চেষ্টা কৰিছে।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো বিজেপিক কুলদ্বীপ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।





