বহুকেইবাৰ সাংবাদিকক কঠোৰ বাক্যবানেৰে আক্ৰমণ কৰি অহা তথা সাংবাদিকক নীতি শিক্ষাৰ পাঠ দিয়া হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ন-বিজেপি ভুৱনেশ্বৰ কলিতাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াত বাধা প্ৰদান কৰে।
উল্লেখযোগ্য যে, দেওবাৰে ন-বিজেপি ভুৱনেশ্বৰ কলিতাই প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত উপস্থিত হৈ প্ৰথমখন সংবাদমেল সম্বোধন কৰিছিল।
তেওঁৰ সৈতে উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।
সংবাদমেলত নিজৰ বক্তব্য ৰখাৰ পাছত সাংবাদিকৰ মনত উদ্ভৱ হোৱা কিছু প্ৰশ্ন সংশ্লিষ্ট ব্যক্তিজনক কৰাটো এক নিয়ম।
এই পৰম্পৰাগত নিয়ম অনুসৰিয়েই চলি আহিছে সকলো সংবাদমেল।
আনকি হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগীয় সংবাদমেলত সাংবাদিকে কৰা ১০-১৫ টা প্ৰশ্নৰ উত্তৰ দিয়ে।
এনে পৰিপ্ৰেক্ষিতত ভুৱনেশ্বৰ কলিতাৰ বক্তব্য শেষ হোৱাৰ পাছতে সাংবাদিকক উদ্দেশ্যি হিমন্তই কয়, ‘‘বৰ বেছি নহয়, এটা বা দুটা প্ৰশ্নহে কৰিব পাৰিব’’।
তাৰ পাছতে এজন সাংবাদিকে ভুৱনেশ্বৰ কলিতাৰ প্ৰতি ‘কেব’ৰ প্ৰসংগত এক প্ৰশ্ন সুধিছিল।
ভুৱনেশ্বৰ কলিতাই উত্তৰ দিয়াৰ পাছত দ্বিতীয় এগৰাকী সাংবাদিকে শনিবাৰে তৰুণ গগৈয়ে কলিতাৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল।
প্ৰশ্নকৰ্তা সাংবাদিকৰ প্ৰশ্নটো শেষ নৌহঁতেই হিমন্তই হস্তক্ষেপ কৰি কয়, ‘’ইয়াতে আমি এটা কাম কৰো, তৰুণ গগৈয়ে কি কৈছে, সেইবোৰ বাদ দিয়ক, তেওঁ বহুত কথাই কৈ থাকে। আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি সেইটো সোধক। তেওঁৰ কথা বিজেপি অফিচত নালাগে, কৈ লাভ নাই।‘’
স্বাভাৱিকতে প্ৰশ্ন হয়, প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ভুৱনেশ্বৰ কলিতাই বিজেপিলৈ অহাৰ পাছত মানি চলিব লাগিব নেকি একালৰ কনিষ্ঠ হিচাপে জ্ঞান কৰা হিমন্ত বিশ্ব শৰ্মাৰ নীতি-নিৰ্দেশনা?