ৰাজ্যৰ সৰ্বস্তৰতে উন্নয়ন হোৱা বুলি বৰ্তমানৰ চৰকাৰে যিমানেই প্ৰচাৰ নচলাওক কিয় গ্ৰাম্যাঞ্চলৰ বাট-পথ তথা দলঙৰ অৱস্থা যে এতিয়াও তথৈবচ হৈ আছে সেয়া আজি পুনৰ প্ৰমাণিত হ’ল বৰপেটা জিলাৰ সত্ৰকনৰাত ৷
উল্লেখযোগ্য যে আজি হঠাৎ ভাঙি পৰে সত্ৰকনৰাৰ ৪ নং বৰদলনিত থকা মন্দিয়া বাঘবৰ সংযোগী কাঠৰ দলঙখন।
প্ৰাপ্ত তথ্য মতে আজি প্ৰায় ১০ বজাত স্থানীয় ৰাইজৰ চকুৰ সন্মুখতে সদাব্যস্ত পথটোত থকা এই কাঠৰ দলঙখন ভাঙি পৰে।
ইয়াৰ ফলত এতিয়া দলঙখনৰ ওপৰত নিৰ্ভৰশীল মন্দিয়া আৰু বাঘবৰ অঞ্চল দুটাৰ সাধাৰণ ৰাইজ যমৰ যাতনাৰ সন্মুখীন হ’বলগীয়া হৈছে।
ইমান দিনে এখন পকী দলঙৰ অভাৱৰ বাবে যাতায়তৰ ক্ষেত্ৰত উক্ত দলং খনকেই অঞ্চলবাসীয়ে একমাত্ৰ সাৰথি হিচাপে লৈ আহিছিল যদিও সেইখনো ভাঙি পৰাত লোকসকল ক্ষুব্ধ হৈ উঠিছে।
বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই দলঙখন ভাঙি পৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে দলঙখনৰ পুনৰ নিৰ্মাণৰ দাবী তোলে।