• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সীতাজখলা”ৰ কাষত কৃষক সভা, মহাসভা; বিশ্ব বেংকৰ ধন হৰলুকিৰ আশংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2019 7:06 pm
Krishak Sabha, Krishak Mahasabha stand with Sitajakhala milk producers' co-operative

সীতাজখলাৰ প্ৰতিবাদী দুগ্ধ উৎপাদকে সাধাৰণ লোকক বিনামূলীয়াকৈ গাখীৰ বিলোৱাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমবায়ভিত্তিক উৎপাদনেৰে স্থানীয় বজাৰ দখলকাৰী সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে কৃষক সভা আৰু কৃষক মহাসভাই।

সমবায়খনৰ সমৰ্থনত থিয় দি দুই কৃষক সংগঠনে সমগ্ৰ জটিলতাটোৰ আঁৰত বিশ্ব বেংকৰ বৃহৎ ধন হৰলুকিৰ “অভিসন্ধি থকাৰ আশংকা” প্ৰকাশ কৰিছে।

Apply Now

আৰু দাবী কৰিছে, ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ ব’ৰ্ড (NDDB), পশ্চিম অসম দুগ্ধ উৎপাদনকাৰী সমবায় ইউনিয়ন লিমিটেড (WAMUL) আৰু অসম চৰকাৰৰ মাজৰ ত্ৰিপাক্ষিক চুক্তিৰ বাতিল। সীতাজখলাৰো একেই দাবী।

ত্ৰিপাক্ষিক চুক্তিখনত স্বাক্ষৰকাৰী WAMUL আছে দুগ্ধ উৎপাদকসকলৰ প্ৰতিনিধি হিচাপে। কিন্তু, আন্দোলনকাৰীসকলৰ মতে, ই সম্পূৰ্ণ নিয়মবৰ্হিভূত আৰু অগণতান্ত্ৰিক।

“কিয়নো অসমত পঞ্জীয়নভুক্ত বহু দুগ্ধ সমবায় সমিতি আছে যিসমূহক এই সম্পৰ্কত অন্ধকাৰত ৰখা হ’ল। অন্যহাতে চুক্তি স্বাক্ষৰকাৰী WAMULএ যোৱা বহু বছৰ ধৰি তেওঁলোকৰ অ’ডিট ৰিপ’ৰ্ট দাখিল কৰা দূৰৰ কথা ব’ৰ্ডখনো পুনৰ গঠন কৰিব পৰা নাই। দুগ্ধ উৎপাদকে এই সম্পৰ্কত আৰ টি আই কৰিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই,” কৃষক সংগঠনকেইটাৰ বিবৃতিত প্ৰকাশ।

সেয়ে, “অস্তিত্ববিহীন আৰু কেৱল ফাইলতে থকা সমবায় সমিতি”খনৰ লগত ত্ৰিপাক্ষিক চুক্তি সম্পাদন কৰা ঘটনা সন্দেহজনক, কৃষক সংগঠনকেইটাৰ মতে।

আৰু এই চুক্তিৰ আঁৰত বিশ্ব বেংকৰ বহুকোটি টকা “হৰলুকিৰ গোপন অভিসন্ধি লুকাই থাকিব পাৰে”, তেওঁলোকৰ মন্তব্য।

“কিয়নো NDDBক বিশ্ব বেংকে অসমৰ দুগ্ধ উন্নয়নৰ বাবে ১৭০০ কোটি টকা ধাৰ দিব। তাৰে ২৩৭ কোটি Assam Agribusiness & Rural Transformation Projectৰ অধীনত ইতিমধ্যে WAMULক প্ৰদানৰ যোজা চলোৱা হৈছে, তাৰে বহু কোটি টকা তেওঁলোকে লাভ কৰিছে,” বিবৃতিত প্ৰকাশ।

খবৰ মতে, সীতাজখলাও WAMULৰ সদস্য। সমবায়খন তদানীন্তন অবিভক্ত নগাওঁ জিলাত ১৯৫৮ চনত পঞ্জীয়ন কৰা হৈছিল। WAMUL গঠন হৈছিল ১৯৭৬ চনত।

চাওক, সীতাজখলাৰ বিষয়ে অসম চৰকাৰে বনোৱা ভিডিঅ’

গাখীৰ আৰু আন দুগ্ধজাত সামগ্ৰীৰ লগতে সমবায়খনে শেহতীয়াকৈ মিঠাই উৎপাদনো আৰম্ভ কৰিছে।

সংগঠন দুটাই বিশ্ব বেংকৰ ধাৰৰ বোজা অসমৰ ৰাইজৰ ওপৰত জাপি দিয়া কাৰ্য্য চৰকাৰে অতি শীঘ্ৰে বন্ধ কৰা উচিত বুলি মত প্ৰকাশ কৰি আন্দোলনকাৰী দুগ্ধ পালকসকললৈ অসমৰ ৰাইজক পূৰ্ণ সমৰ্থন জনাবলৈ আহবান জনায়|

তাৰোপৰি, চুক্তিখনৰ আন এক চৰ্ততো কৃষক সংগঠন দুটাই আপত্তি দৰ্শাইছে।

তেওঁলোকৰ মতে, অসমৰ দুগ্ধ উৎপাদকে প্ৰয়োজনীয় গাখীৰ WAMULক যোগান ধৰিব নোৱাৰিলে NDDBএ ভাৰতৰ অন্য ঠাইৰ পৰা গাখীৰ আনিব পাৰিব বুলি চুক্তিত উল্লেখ আছে।

সংগঠনকেইটাৰ মতে, “ইয়াৰ অৰ্থ হৈছে এই চুক্তিয়ে দুগ্ধ উৎপাদনৰ বাবে আমাৰ থলুৱা দুগ্ধ উৎপাদকক সহায় তথা উৎসাহিত কৰাৰ বিপৰীতে তেওঁলোকৰ পৰম্পৰাগত ব্যৱসায়ক ধংসৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।”

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টো সন্দৰ্ভত সমবায়খনৰ সৈতে কথা পাতিবলৈ মন্ত্ৰী ৰিহন দৈমাৰীক যোৱা ১৯ আগষ্টত নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd