• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৈশ চকীদাৰক প্ৰহাৰ : সুৰাৰ ঘাটিত পৰিণত শিৱসাগৰৰ এটা এন আৰ চি সেৱা কেন্দ্ৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 26, 2019 2:34 pm
IMG-20190826-WA0009

সুৰাৰ ঘাটিত পৰিণত এন আৰ চিৰ সেৱাকেন্দ্ৰ। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা শিৱসাগৰৰ এটা এন আৰ চি সেৱা কেন্দ্ৰৰ নৈশ চকীদাৰক এদল সুৰামত্ত যুৱকে প্ৰহাৰ কৰা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশৰ বাবে মাজত মাথোঁ দুটামান দিনহে বাকী আছে।

এনে অৱস্থাত শিৱসাগৰৰ কে পি চাৰিআলিৰ পুৰণি পুথিভঁড়ালত থকা এন আৰ চিৰ সেৱা কেন্দ্ৰটোৰ নৈশ চকীদাৰজনক পাঁচজনীয়া যুৱকৰ দল এটাই দেওবাৰে নিশা গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে।

দুৰ্বৃত্তৰ প্ৰহাৰত আহত নৈশ চকীদাৰ জনৰ নাম অতুল বৰা।

২০১৪ চনৰ পৰাই কেন্দ্ৰটোত তেওঁ নৈশ চকীদাৰ হিচাপে কৰ্মৰত আছিল।

মূৰ আৰু ডিঙিত আঘাতপ্ৰাপ্ত অতুল বৰা বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অভিযোগ অনুসৰি এন আৰ চি সেৱা কেন্দ্ৰটোৰ চৌহদত চলি থকা আনন্দ মেলাৰ উদ্যোক্তাই নৈশ চকীদাৰজনক প্ৰহাৰ কৰে।

উল্লেখ্য যে বিগত দহ দিন মানৰ পূৰ্বৰে পৰা পুৰণি পুথিভঁড়ালৰ চৌহদত আনন্দ মেলা অনুষ্ঠিত হৈ আহিছে।

ইপিনে, এন আৰ চি সেৱা কেন্দ্ৰটোৰ সন্মুখত আৰক্ষীয়ে বহুকেইটা সুৰাৰ বটল উদ্ধাৰ কৰে।

এতিয়া প্ৰশ্ন হয়, উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত এন আৰ চিৰ দৰে স্পৰ্শকাতৰ বিষয় এটাৰ কাম কাজ চলি থকাৰ সময়ত এনে এক ঘটনা কেনেকৈ ঘটিবলৈ পালে?

এন আৰ চিৰ সেৱা কেন্দ্ৰ য’ত বহু গুৰুত্বপূৰ্ণ তথ্য মজুত আছে,তেনে এক স্থানত আনন্দ মেলা পাতিবলৈ কিয় অনুমতি দিয়া হ’ল তাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd