দেশৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী ৰিভল্ট মটৰচ (Revolt Motors) এ দেশৰ প্ৰথমখন ইলেক্ট্ৰিক মটৰচাইকেল Revolt RV 400 আৰু RV300 মুকলি কৰে।
কোম্পানীটোৱে এই ইলেক্ট্ৰিক মটৰচাইকেলখন My Revolt Planৰ অধীনত মুকলি কৰিছে। লগতে কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেলখন মাহেকীয়া কিস্তিত বিক্ৰী কৰিব।
দেশত প্ৰথমবাৰৰ বাবে কোনো কোম্পানীয়ে দুচকীয়া বাহন মাহেকীয়া কিস্তিত বিক্ৰী কৰাৰ পৰিকল্পনা লৈ মুকলি কৰিছে। তিনিটা মডেলৰ কাৰণে কোম্পানীটোৱে তিনিটা আঁচনি তৈয়াৰ কৰিছে।
আপুনি কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেল RV300 ল’বলৈ হ’লে মাহে ২,৯৯৯ টকা লাগিব।
একেদৰে আনখন ইলেক্ট্ৰিক মটৰচাইকেল RV400ৰ বেছ মডেল ল’বলৈ হ’লে মাহে ৩,৪৯৯ টকা আৰু প্ৰিমিয়াম মডেল ল’বলৈ হ’লে মাহে ৩,৯৯৯ টকা দিব লাগিব। আৰু এই মাহেকীয়া কিস্তি ৩৭ মাহলৈকে দিব লাগিব।
উল্লেখযোগ্য যে এই বিশেষ ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰিবৰ বাবে আধাৰ কাৰ্ড থকাতো বাধ্যতামূলক।
তাৰোপৰি এই ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰিবৰ বাবে আপুনি কোনো ডাইন প্ৰেমেণ্ট দিব নালাগে। ওপৰত উল্লেখ কৰা তিনিটা মাহেকীয়া কিস্তিৰ যিকোনা এটা আঁচনি বাচি ল’লে হ’ব।
আনকি এই ইলেক্ট্ৰিক মটৰচাইকেলখন ক্ৰয় কৰাৰ সময়ত আপুনি ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেন্সৰ কাৰণে অতিৰিক্ত ধনো ভৰিব নালাগে। কোম্পানীয়ে এই ধন নিজেই ভৰিব।
কোম্পানীটোৱে এই ইলেক্ট্ৰিক মটৰচাইকেলখনৰ ডেলিভাৰী ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিব।
কোম্পানীটোৱে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰিক মটৰচাইকেলখন এবাৰ চাৰ্জ দিলে ১৫৬ কিলোমিটাৰ চলিব। লগতে ইয়াৰ সৰ্বোত্তম স্পীড হ’ব প্ৰতি ঘণ্টাত ৮৫ কিলোমিটাৰ।