• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এমাহৰ ভিতৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

৪০৬৭ শিক্ষক নিযুক্তিৰ বিজ্ঞাপনৰ স্থগিতাদেশ জাৰি ন্যায়ালয়ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2019 9:38 pm
Assam-TET-statement
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এমাহৰ ভিতৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উচ্চ মাধ্যমিকৰ ঠিকাভিত্তিক শিক্ষকে উচ্চ ন্যায়ালয়ত কৰা এক লেখ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

Apply Now

‘’২০১৪ বৰ্ষৰ পৰা টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই চৰকাৰে। আবেদনকাৰীসকলে সমতাৰ অধিকাৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। টেট পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষক নিযুক্তিৰ যি বিজ্ঞাপন দিছে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে। সকলো দিশ চালি জাৰি চাই উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা দিছে যে এমাহৰ ভিতৰত চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব,’’- চৰকাৰী পক্ষৰ অধিবক্তা দীপক শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে সদৰী কৰে।

ইপিনে, চৰকাৰৰ শিক্ষা বিভাগে দিয়া ৪০৬৭জন শিক্ষক নিযুক্তিৰ বিজ্ঞাপনৰ স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ কপিটো বৰ্তমানলৈকে লাভ কৰা নাই শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়াই। তথাপি তেওঁ কি প্ৰক্ৰিয়াৰে এই টেট পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ কিছু সম্ভাৱনা প্ৰকাশ কৰে।

‘’পূৰ্বে আবেদন কৰাসকলৰ টেট আছে, তেওঁলোকৰ কোনো সমস্যা নাই। উচ্চ ন্যায়ালয়ৰ কাষ চপাসকল টেট উত্তীৰ্ণ নহয়, তেওঁলোকে টেট দিবলৈ সুবিধা পোৱা নাই। উচ্চ ন্যায়ালয়ে হয়তো এইটো কৈছে যে টেট পৰীক্ষাত বহি টেটৰ ৰিজাল্ট ওলোৱাৰ পাছত তেওঁলোকেও শিক্ষক পদৰ বাবে আবেদন জনাব পাৰে। যিখিনিয়েই আবেদন কৰিছিল সেইখিনিয়ে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিবই, টেট উত্তীৰ্ণ নোহোৱাসকলকো হয়তো সুবিধা দিয়া হ’ব,’’- নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় প্ৰীতম শইকীয়াই।

তেওঁ লগতে কয়, ‘’টেট উত্তীৰ্ণ নোহোৱা আৰু নতুনকৈ আবেদনকাৰীসকলে যদি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়, তেন্তে শিক্ষাবিভাগে নতুনকৈ শিক্ষক পদৰ বাবে বিজ্ঞাপন দিব লাগিব। তেতিয়া পূৰ্বে আবেদন জনোৱাসকলে আবেদন জনাব নালাগে, নতুন খিনিয়ে আবেদন কৰক বুলি বিজ্ঞাপন দিব লাগিব।‘’

ইপিনে, ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছত হাইস্কুল ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক সন্থাই বিষয়টোক লৈ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

‘’কাইলৈ আগবেলা চুড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে। টেট বন্ধ কৰাৰ বাবে এক গোচৰ চলি আছে, সেই গোচৰৰে কোনোধৰণৰ ৰিজাল্ট ওলোৱা নাই। এনেকৈ গোচৰ এটা চলি থকাৰ মাজতে কেনেকৈ উচ্চ ন্যায়ালয়ে ৰায় দিলে সেয়া আচৰিত কথা,’’- এইদৰে কয় হাইস্কুল ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক সন্থাৰ সাংগঠনিক সম্পাদক আৰহান ইনামুলে।

তদুপৰি, উচ্চতম ন্যায়ালয়ক আন্ধাৰত ৰাখি চৰকাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তোলে ইনামুলে।

‘’উচ্চতম ন্যায়ালয়ক আন্ধাৰত ৰাখি চৰকাৰী পক্ষই এতিয়া টেট অনুষ্ঠিত কৰাৰ যো-জা চলাইছে। টেট অনুষ্ঠিত কৰাটো চৰকাৰৰ এক লাভজনক ব্যৱসায়। টেট অনুষ্ঠিত কৰি তেওঁলোকে বৰঙণি সংগ্ৰহ কৰাটোৱে তেওঁলোকৰ উদ্দেশ্য।২০১৭ চনত ঘোষণা কৰি তেওঁলোকে বৰঙণি সংগ্ৰহ কৰি থৈছেই,’‘-চৰকাৰৰ শিক্ষা বিভাগক সমালোচনা কৰি ইনামুলে এইদৰে কয়।

ইপিনে, ৰাজ্যত কৰ্মৰত ৬৫০০ হাইস্কুল পৰ্য্যায়ৰ ঠিকাভিত্তিক শিক্ষকক চৰকাৰে ওলোমাই ৰাখিছে বুলি উল্লেখ কৰি ইনামুলে কয়, ‘’নতুনকৈ শিক্ষক নিযুক্তি দিব বিচাৰি চৰকাৰে এক ভেকোভাওনাৰ সৃষ্টি কৰিছে।‘’

তেওঁ আৰু কয়, ‘’চৰকাৰী পক্ষ আমাৰ সৈতে ৪০৬৭ টা পদত নিযুক্তি দিয়াৰ বিষয়টোত হাৰিছে।‘’

কাইলৈ টেট পৰীক্ষাৰ বিষয়টোৰ ওপৰত চুড়ান্ত ৰায় অনুষ্ঠিত হ’ব বুলি ইনামুলে জানিবলৈ দিয়ে।

‘’উচ্চ ন্যায়ালয়ে পূৰ্বে অফিচ মেম’ৰেণ্ডাম এখন বাহাল ৰাখিবৰ বাবে নিৰ্দেশনা দিছিল। আমাক উচ্চ ন্যায়ালয়ে টেট উত্তীৰ্ণ হ’ব নালাগে বুলি ৰায় দিছিল। তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে পৰ্য্যালোচনা বা পুনৰীক্ষণ কৰিলে,‘’-ইনামূলে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ৰায় বা নিৰ্দেশনাৰ সন্দৰ্ভত আদালতৰ ফালৰ পৰা কোনো পত্ৰ অথবা জাননী ঠিকাভিত্তিক শিক্ষকসকলে লাভ কৰা নাই বুলি সদৰী কৰে ইনামুলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd