• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই এছ এলৰ বাবে য়ুৰোপিয়ান শৈলীৰ প্ৰশিক্ষণেৰে সাজু নৰ্থ ইষ্ট য়ুনাইটেড : মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 30, 2019 5:26 pm
NorthEast United FC Head Coach Mr. Robert Jarni, Head of Youth Development Khalid Jamil addressing media peoples at Guwahati press club on 30-08-19 ,upcoming season of Indian Super League ISL Season 6.pix by UB PHOTOS

নৰ্থ-ইষ্ট য়ুনাইটেডৰ সংবাদমেল

280
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নিয়ে ইণ্ডিয়ান ছুপাৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড সাজু বুলি মন্তব্য কৰে।

বিগত বৰ্ষৰ তুলনাত এইবাৰ নৰ্থ-ইষ্ট য়ুনাইটেডে অধিক সফলতা লাভ কৰিব বুলি আশাবাদী হৈ থকা প্ৰশিক্ষকগৰাকীয়ে ইতিমধ্যে বিগত সপ্তাহৰ পৰা সৰুসজাই ষ্টেডিয়ামত দলটোৱে পূৰ্ণদ্যমে প্ৰশিক্ষণ চলাই আছে বুলি উল্লেখ কৰে।

আনহাতে, বিগত বৰ্ষত ছেমি ফাইনেলত উপনীত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে শেষৰ ফালে কিছু আত্মবিশ্বাসৰ অভাৱত ভোগা বাবেই ফাইনেল খেলাৰ পৰা বঞ্চিত হ’বলগীয়া হল বুলি উল্লেখ কৰি প্ৰশিক্ষকগৰাকীয়ে এইবাৰ যাতে দলটোৱে অধিক আত্মবিশ্বাসেৰে খেলত অৱতীৰ্ণ হ’ব পাৰে তাৰবাবে খেলুৱৈসকলক সাজু কৰা হৈছে বুলি কয়।

চলিত বৰ্ষত উৰুগুৱেৰ ২১ বছৰীয়া ষ্ট্ৰাইকাৰ মাৰ্টিন চেভেছ নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে।

উৰুগুৱেৰ তাৰকা খেলুৱৈগৰাকীৰ উপৰিও উত্তৰ-পূবৰ চাৰিগৰাকীয়ে খেলুৱৈয়ে এইবাৰ নৰ্থ-ইষ্ট য়ুনাইটেডত স্থান লাভ কৰিছে।

দলত স্থান পোৱা উত্তৰ-পূবৰ খেলুৱৈ কেইগৰাকী হ’ল- অসমৰ ৰাকেশ প্ৰধান, ছিকিমৰ নিম দৰ্জী, মণিপুৰৰ নিনথয় মিটেয় আৰু মিজোৰামৰ লালেংমাও।

সংবাদ মেলখত উপস্থিত থাকি অসমৰ খেলুৱৈ ৰাকেশ প্ৰধানে মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নিৰ পৰা য়ুৰোপিয়ান ফুটবল শৈলীৰ বিষয়ে প্ৰশিক্ষণ লাভ কৰাৰ লগতে এই কৌশল প্ৰয়োগ কৰি বিপক্ষক সলঠেকত পেলাবলৈ সক্ষম হ’ব বুলি কয়।

উল্লেখযোগ্য যে, নৰ্থ ইষ্ট য়ুনাইটেডে ২১ অক্টোবৰত বাংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব যদিও ঘৰৰ মাটিত ২৬ অক্টোবৰতহে দিল্লী ডাইনামোজৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।

সংবাদ মেলখনত মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি আৰু ৰাকেশ প্ৰধানৰ উপৰিও সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ, খলিদ জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট য়ুনাইটেডৰ হৈ খেলিবলগীয়া মিজোৰামৰ তাৰকা খেলুৱৈ লালেংমাও উপস্থিত থাকে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd