• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ যুৱতীক নাঙঠ কৰি মাৰপিট, গোপন অংগত আঘাত; দিল্লীত উঃ-পূঃৰ লোকৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 6:04 pm
Assam woman stripped naked in Delhi PS; beaten in private parts

প্ৰতীকী ছবি।

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী যুৱতীক নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰাম (গুৰগাওঁ)ৰ এক থানাত আৰক্ষীয়ে নাঙঠ কৰি প্ৰচণ্ড মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

গুৰুগ্ৰামৰ লগতে দিল্লীবাসী অসমীয়াকে ধৰি উত্তৰ-পূবৰ প্ৰায় দুশ লোক ঘটনাটোৰ প্ৰতিবাদত ওলাই অহাৰ লগে লগে কথাটো পোহৰলৈ আহিছে।

উত্তৰ-পূবৰ লোকৰ লগতে বহুকেইটা বেচৰকাৰী সংস্থায়ো গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্ত মহম্মদ অকিলৰ সন্মুখত বুধবাৰে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

থানাখনত পুলিচে তেওঁৰ কাপোৰ খুলি গোপন অংগত প্ৰচণ্ডভাৱে আঘাত কৰিছিল আৰু তেওঁ এতিয়া থিয় হ’ব পৰা অৱস্থাতো নাই, যুৱতীগৰাকীৰ গিৰীয়েকৰ ভাষ্য।

অভিযোগমতে, ৩০ বছৰীয়া যুৱতীগৰাকীক গুৰুগ্ৰামৰ ডি এল এফ ফে’জ-১ থানাত ৯ ঘণ্টাধৰি আটক কৰি ৰখা হৈছিল।

ঘৰুৱা সহায়কাৰী হিচাপে গুৰুগ্ৰামত কৰ্মৰত যুৱতীগৰাকীৰ বিৰুদ্ধে ঘৰৰ মালিকে মঙলবাৰে চুৰিৰ অভিযোগ দাখিল কৰিছিল।

কিন্তু যুৱতীগৰাকীয়ে এই অভিযোগ কোনোপধ্যেই নমনাত “চুৰি কৰা” বুলি সৈ কাঢ়িবলৈ জোৰ-জবৰদস্তি তেওঁৰ ওপৰত এই নিৰ্য্যাতন নমাই অনা হয়, গিৰীয়েকে জনায়।

“অভিযোগৰ পিছত তদন্তকাৰী বিষয়া এ এছ আই মধুবালাই তেওঁক থানাত হাজিৰ হ’বলৈ কৈ যায়। থানাত হাজিৰ হোৱাৰ পিছত কেইজনমান পুলিচে তাইক এটা ৰুমলৈ লৈ যায় আৰু তাইৰ গাৰ সকলো কাপোৰ খুলি বেল্ট আৰু লাঠীৰে তাইক নৃশংসভাৱে মাৰপিট কৰে,” যুৱতীগৰাকীৰ গিৰীয়েকৰ ভাষ্য।

উত্তৰ-পূববাসীৰ প্ৰতিবাদৰ পিছতে আৰক্ষী আয়ুক্তই অভিযুক্ত চাৰিজন আৰক্ষীকে ধৰি থানাখনৰ এছ এইচ অ’জনক শাস্তিমূলক ছুটীত পঠাইছে আৰু ঘটনাটোৰ সঠিক তদন্তৰ আশ্বাস দিছে।

প্ৰতিবাদী উত্তৰ-পূববাসীৰ লগতে যুৱতীগৰাকীৰ গিৰীয়েকে দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে।

“এলেকাটোৰ এ চি পি আৰু ডি চি পি সুলোচনা গজৰাজৰ হৈ তাইক নৃশংসভাৱে আক্ৰমণ কৰা দুগৰাকী মহিলা আৰক্ষীকে ধৰি চাৰিওজন আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ দাবী জনাইছো,” গিৰীয়েকে কয়।

Recent News

মণিপুৰত পুনৰ অশান্তি! সংঘৰ্ষৰ ফলত এগৰাকী কুকি মহিলাৰ মৃত্যু, আহত মেইটেই কৃষক

মণিপুৰত পুনৰ অশান্তি! সংঘৰ্ষৰ ফলত এগৰাকী কুকি মহিলাৰ মৃত্যু, আহত মেইটেই কৃষক

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস… বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস… বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd