• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিজেপিয়ে ‘এক দেশ, এক ভাষা’ কৰিবলৈ গ’লে দক্ষিণ ভাৰত আৰু উত্তৰ-পূবক লগত ৰাখিব নোৱাৰিব”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 16, 2019 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী ভাষা দেশজুৰি জাপি দিয়াৰ ইংগিত বহন কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্যটোৱে দক্ষিণ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি কৰা আলোড়ন অব্যাহত আছে।

দল-সংগঠনৰ আন্দোলনৰ ভাবুকিৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া য়ুজাৰৰ তীব্ৰ বিৰোধিতাৰ পোষ্টলৈকে -এই আলোড়ন ভিন্ন ৰূপত দেখা গৈছে।

Apply Now

অমিত শ্বাহে যোৱা ১৪ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় হিন্দী দিৱসত আৰ এছ এছৰ সুৰত মন্তব্য কৰিছিল যে হিন্দীক ভাৰতৰ উমৈহতীয়া ভাষা কৰিব লাগে। হিন্দী দেশখনক ঐক্যবদ্ধ কৰাৰ ভাষা হ’ব পাৰে। তেওঁ লগতে উত্তৰ-পূব বাসীক হিন্দী শিকোৱা হ’ব বুলিও কৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ মন্তব্যটো বিজেপিৰ ‘এক দেশ, এক জাতি, এক ভাষা’ৰ গোপন অভিসন্ধিৰ প্ৰতিফলন বুলি দাবী কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে দক্ষিণ ভাৰত, পশ্চিম বংগ আৰু উত্তৰ-পূবৰ জনগণ, ব্যক্তি, দল-সংগঠনে। বিৰোধিতা কৰা পক্ষবোৰৰ দাবী, ‘ভাষা, সংস্কৃতি, ধৰ্মৰ বৈচিত্ৰ্যৰে অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শন হৈ থকা ভাৰতত এই সূত্ৰই ভিন ভিন জাতি-জনগোষ্ঠীৰ স্বকীয়তাত আঘাত হানিব পাৰে’।

বিশেষকৈ ক্ষতিগ্ৰস্ত হোৱাৰ শংকাই দেখা দিছে উত্তৰ-পূবৰ থলুৱা ভাষাবোৰ, যেনে- অসমীয়া, মণিপুৰী, ককবৰক, বড়ো, খাচি আদি।

এইবোৰ ভাষা কোৱা মানুহৰ সংখ্যা ভাৰতবৰ্ষৰ আন ভাষাসমূহ কোৱা মানুহৰ সংখ্যাতকৈ যথেষ্ট কম। এই সংখ্যা দিনক দিনে কমিও আহিছে। তাৰ ঠাইত হিন্দী ভাষাৰ প্ৰসাৰ উত্তৰ-পূবত যথেষ্ট ঘটিছে। সেয়া শেহতীয়া লোকপিয়লৰ তথ্যতে দেখা যায়।  উত্তৰ-পূবৰ বিভিন্ন স্থান, বিশেষকৈ অৰুণাচল প্ৰদেশ, অসমৰ ডিমা হাচাও আদি ঠাইত হিন্দী হৈ পৰিছে অঘোষিত মূল ভাষা।

যোৱা ১৪ এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

“ভাষাএটা স্পৰ্শকাতৰ বিষয়। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ হাতত সংখ্যা আছে বাবেই যিকোনো সিদ্ধান্ত জনসাধাৰণৰ ওপৰত জাপি দিব, সেয়া কেতিয়াও গ্ৰহণযোগ্য বা গণতান্ত্ৰিক হ’ব নোৱাৰে।  গতিকে এইদৰে সিদ্ধান্ত ৰাইজৰ ওপৰত জাপি নিদিবলৈ আমি চৰকাৰক সতৰ্ক কৰি দিছো”, ড০ সমুজ্বল ভট্টাচাৰ্য্যৰ মন্তব্য।

একেদৰে, গৃহ মন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। অমিত শ্বাহৰ মন্তব্যৰ দুদিন পাছত ১৬ ছেপ্টেম্বৰত গুৱাহাটীত এখন সংবাদমেলত অখিল গগৈয়ে চৰকাৰে উত্তৰ-পূবৰ ৰাইজৰ ওপৰত হিন্দী জাপি দিব বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে প্ৰৱল আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

“ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ভাষা কয়। যদি বিজেপিয়ে ‘এক দেশ, এক ভাষা’ কৰিবলৈ যায় তেনেহ’লে ভাৰতে দক্ষিণ ভাৰত আৰু উত্তৰ-পূবক লগত ৰাখিব নোৱাৰিব। কোনো প্ৰকৃত অসমীয়াই বিজেপি আৰ এছ এছৰ এই নীতি মানি ল’ব নোৱাৰে”, সংবাদমেলত অখিল গগৈয়ে কয়।

ইপিনে, এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে গৃহ মন্ত্ৰীয়ে ‘এক দেশ, এক ভাষা’ সূত্ৰ কি ধৰণে বিচাৰে সেই কথা স্পষ্ট হোৱা নাই। তেওঁ লগতে কয় যে প্ৰথম ভাষা কিন্তু মাতৃভাষা বা আঞ্চলিক ভাষাই হ’ব লাগিব।

“গৃহ মন্ত্ৰীয়ে হয়তো প্ৰথম ভাষা হিচাপে হিন্দী প্ৰচলনৰ কথা কোৱা নাই। যদি প্ৰথম ভাষা হিচাপে হিন্দী জাপি দিব বিচাৰে সেয়া অবান্তৰ হ’ব। মাতৃভাষাক প্ৰথম ভাষা হিচাপে লৈ দ্বিতীয় বা তৃতীয় স্থানতহে আমি হিন্দী, ইংৰাজী ভাষাক গুৰুত্ব দিম। ভাষাৰ ভিত্তিতেই ভাৰতৰ বহু ৰাজ্য গঠন হৈছে, এই কথা গৃহ মন্ত্ৰীয়ে হয়তো জানে”, বিজেপিৰ ‘এক দেশ, এক ভাষা’ সূত্ৰ মাতৃভাষাৰ ক্ষেত্ৰত হ’ব নে সংযোগী ভাষাৰ ক্ষেত্ৰত হ’ব সেয়া এতিয়াও অস্পষ্ট বুলি কৈ নৰ্থ-ইষ্ট নাওৰ আগত ৰাজবংশীৰ মন্তব্য।

উল্লেখযোগ্য যে, চৰকাৰী পাঠ্যক্ৰমত উচ্চ প্ৰাথমিক পৰ্য্যায়ত হিন্দী ভাষাৰ পাঠ বাধ্যতামূলকভাৱে পূৰ্বৰে পৰা পঢ়োৱা হয়।

কিন্তু গৃহ মন্ত্ৰীজনৰ মন্তব্যত ইয়াক আৰু বহুলভাৱে বাধ্যতামূলক কৰাৰ ইংগিত দেখা পোৱা যায়, যাৰ বাবে ক্ষুদ্ৰ আৰু প্ৰান্তীয় ভাষিক গোষ্ঠীবোৰ শংকিত হৈ পৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd