• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নোবেল বিজয়ী অৰ্থনীতিবিদে ক’লে-ভাৰতৰ অৱস্থা অস্থিৰ, বিনিয়োগকাৰীক ভৰসা দিয়াটো জৰুৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 11:57 am
jpg

বাংলাদেশৰ নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ য়ুনিছ।

15.7k
VIEWS
Share on FacebookShare on Twitter

দেশক আৰ্থিক মন্দাৱস্থাৰ পৰা মুক্ত কৰাৰ বাবে মোদী চৰকাৰৰ ফালৰ পৰা বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

যোৱা কেইদিনত গৃহ নিৰ্মাণ, অটো আৰু বেংকিং খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে।

সেইদৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ইয়াৰ মাজতে টাস্ক ফোৰ্চৰো গঠন কৰা হৈছে।

ইপিনে, ভাৰতৰ আৰ্থিক অৱস্থা সন্দৰ্ভত বাংলাদেশৰ নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ য়ুনুছে তেওঁৰ চিন্তা ব্যক্ত কৰিছে।

তেওঁ কয় যে ভাৰতত অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনে পৰিস্থিতিত মানুহে বিনিয়োগ কৰিবলৈ চিন্তা কৰে।

বিজনেছ টুডে’ত দিয়া এক সাক্ষাৎকাৰত মহম্মদ য়ুনুছে কয়,’’ভাৰতত কি চলি আছে মই নাজানো, কিন্তু সিদ্ধান্তৰ দিশত যেতিয়া কোনো দেশত অনিশ্চয়তা বিৰাজ কৰে তেতিয়াহ’লে বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ সংকোচ কৰে।‘’

মহম্মদ য়ুনুছৰ মতে বিনিয়োগকাৰীসকলে বৃহৎ নীতিগত সিদ্ধান্তৰ অপেক্ষা কৰি আছে। তেওঁলোকে এনে কোনো সিদ্ধান্ত ল’ব খোজা নাই য’ত তেওঁলোকৰ কোনো সংকট হয়। সেইবাবেই ভাৰতত আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে।

ভাৰতত ২০১৪ আৰু ২০১৯’ৰ সাধাৰণ নিৰ্বাচনত চৰকাৰক নিৰংকুশ সংখ্যা গৰিষ্ঠতা দিছে, তথাপি য়ুনুছে কি অনিশ্চয়তাৰ কথা ক’ব বিচাৰিছে?

এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়,’’ৰাজনৈতিক নিশ্চয়তা আৰু বিনিয়োগকাৰীৰ অনিশ্চয়তাৰ মাজত প্ৰত্যক্ষ সম্বন্ধ থকা উচিত নহয়।‘’

মহম্মদ য়ুনুছৰ মতে, বিনিয়োগকাৰীয়ে এই অনিশ্চয়তাক অন্য ধৰণে চাইছে। তেওঁ কয়,’’আপুনি ৰাজনৈতিক দিশত স্থিৰতা দেখিছে। কিন্তু হ’ব পাৰে বিনিয়োগকাৰীয়ে কিছু সমস্যা লক্ষ্য কৰিছে। মোৰ নাজানো কিন্তু ব্যৱসায়ীসকলৰ সিদ্ধান্ত লোৱাৰ কিছুমান নিজা উপায় থাকে। বৰ্তমান, তেওঁলোকে সংকোচ কৰিছে।‘’

মহম্মদ য়ুনুছে কয় যে বিনিয়োগকাৰীয়ে হয়তো এক ভাল সময়ৰ অপেক্ষা কৰি আছে। অৱশ্যে, বিনিয়োগকাৰীৰ ভৰসা বঢ়াবলৈ তেওঁলোকক বুজোৱাটোৱে একমাত্ৰ উপায় হ’ব পাৰে।

নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে বিকাশৰ গতি তৰান্বিত কৰিবলৈ স্বনিয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে স্বনিয়োজনৰ জৰিয়তে বিকাশৰ গতি বৃদ্ধি কৰিব পৰা যায়।

আন এক সাক্ষাৎকাৰত য়ুনুছে কয় যে উদ্যোগক এতিয়া পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰস্তুত কৰা উচিত। অৰ্থাৎ কেনেকৈ সংস্থাপন সৃষ্টি কৰা যায় আৰু চহৰলৈ প্ৰব্ৰজন কেনেকৈ ৰোধ কৰা যায় তাত মনোনিৱেশ কৰা উচিত।

তেওঁ লগতে কয় যে উদ্যোগক কেৱল ক্ষুদ্ৰ পৰিসৰতে সীমিত ৰখাৰ সলনি স্বাস্থ্যসেৱা, সৌৰ শক্তি, শিক্ষাৰ কাৰ্যসূচীৰ আদিৰ দৰে সামাজিক বিষয়ত পৰিৱেশ সৃষ্টি কৰাটো জৰুৰী।

Recent News

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd