• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কে অসমৰ মুখ্য মন্ত্ৰীৰ চকীখন বাংলাদেশীক দি দিব : অখিল গগৈ

'গান্ধীজীৰ আদৰ্শ হত্যা কৰি বিজেপি-আৰ এছ এছে এতিয়া মৌলবাদী প্ৰথা আৰম্ভ কৰিছে'

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 2, 2019 1:00 pm
742acc1d-927b-4696-8358-b2473ac387c6

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গান্ধীক হত্যা কৰা নাথুৰামে এতিয়া দেশ চলাইছে। বাপুজিৰ আদৰ্শক হত্যা কৰিছে নাথুৰামহ’তে’। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ কয়, ‘কেইদিনমান পূৰ্বে আৰ এছ এছ প্ৰধানে শিলচৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ হৈ ওকালতি কৰি গৈছে। নাগৰিকত্ব বিধেয়ক প্ৰতিৰোধ কৰাটো অসম্ভৱ হ’ব। অসমৰ সকলো জনসাধাৰণে এই বিধেয়কৰ বিৰোধিতা কৰিব লাগে, সকলো শ্ৰেণীৰ লোক সজাগ হ’ব লাগে আৰু ঐক্যবদ্ধ হ’ব লাগে’।

গান্ধীয়ে কেতিয়াও ধৰ্মৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘গান্ধীজীৰ আদৰ্শ হত্যা কৰি বিজেপি-আৰ এছ এছে এতিয়া মৌলবাদী প্ৰথা আৰম্ভ কৰিছে। গণতন্ত্ৰ বা সমাজতন্ত্ৰত বিশ্বাস কৰা সকলে এই বিধেয়কৰ বিৰোধিতা কৰিব লাগে’।

যোৱাবাৰতকৈ কঠিন ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক আহিব বুলিও উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে।

তেওঁ লগতে কয়, ‘উত্তৰ-পূবৰ কিছুমান ৰাজ্যক বিধেয়কখনৰ পৰা আঁতৰাই ৰখা হ’ব। বিশেষ ৰাজ্যৰ মৰ্যাদা পোৱা ৰাজ্য বিলাক আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ৰাজ্য সমূহক সম্ভৱতঃ এই বিধেয়কৰ পৰা আঁতৰাই ৰাখিব। তেতিয়া অসম ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব’।

অসমত এতিয়া ২০ লাখ হিন্দু বাংলাদেশী আছে আৰু এই বিধেয়কখন গৃহীত হ’লে নতুনকৈ ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই তথ্য ব্যুৰো অব বাংলাদেশ ষ্টেটিষ্টিকছত আছে বুলি গগৈয়ে কয়।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ মুখ্য মন্ত্ৰীৰ চকীখন বাংলাদেশীক দি দিব বুলিও সংবাদমেলত উল্লেখ কৰে গগৈয়ে।

তেওঁ লগতে কয়, ‘এন আৰ চিৰ বৈধতাক অস্বীকাৰ কৰাটো উচিত নহ’ব। হিন্দু-মুছলমান উভয় বিদেশীকে অসমৰ পৰা বহিস্কাৰ কৰিব লাগিব’।

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১১ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ গাঁও, চৰ-চাপৰি, পাহাৰ, ভৈয়াম আদি সকলোতে সজাগতা অভিযান চলাব।

অক্টোবৰ মাহৰ শেষৰ ফালে সকলো জাতি-জনগোষ্ঠী, বাম পন্থী, সংখ্যালঘু সংগঠনৰ নেতাৰ উপস্থিতিত বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত কেন্দ্ৰীয় জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা জাতীয় সংগঠনে বিজেপিৰ নেতাৰ সৈতে আলাপ আলোচনাত ব্যস্ত আছে। তেওঁলোকে কেবৰ বিৰুদ্ধে যিমান সংগ্ৰাম বা অভিযান চলাব লাগিছিল কোনেও চলোৱা দেখা নাই। তেওঁলোকো একত্ৰিত হৈ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিব লাগে’ বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd