• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত ষষ্ঠ অনুসূচীৰ ক্ষমতাক ওফৰাই পঞ্চায়ত ব্যৱস্থা আনিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
October 2, 2019 4:03 pm
Denial Langthasa

হাফলঙত পাৰ্বত্য পৰিষদ সচিবালয় চৌহদ ঘেৰাও কংগ্ৰেছ নেতা-কৰ্মীৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চেষ্টাৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনৰ কংগ্ৰেছ গোটে প্ৰতিবাদ সাব্যস্ত কৰে।

শাসক বিজেপিৰ এনে ষড়যন্ত্ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দলটোৰ শতাধিক নেতা-কৰ্মীয়ে ১ অক্টোবৰত হাফলঙত থকা পাৰ্বত্য পৰিষদ সচিবালয় চৌহদলৈ যায় আৰু চৌহদ ঘেৰাও কৰে।

Apply Now

কংগ্ৰেছ দলটোৰ পৰিষদ প্ৰতিনিধি ডেনিয়েল লাংঠাছাই সংবাদ মাধ্যমৰ আগত  কয় যে বিজেপিৰ হাতত ডিমা হাচাও আৰু পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ সুৰক্ষিত নহয়। প্ৰতি মুহূৰ্তত বিজেপিয়ে ডিমা হাচাও জিলাৰ পৰা ষষ্ঠ অনুসূচীৰ নিচিনা বিশেষ মৰ্য্যাদা কৰ্তন কৰাৰ কাৰণে চেষ্টা কৰি আছে।

নেতাজনৰ অভিযোগ, ইয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে পি এণ্ড আৰ ডি অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিভিত্তিক এখনকৈ কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

তেওঁ প্ৰশ্ন কৰে, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাচাও জিলাত কিহৰ ভিত্তিত পঞ্চায়ত ব্যৱস্থা চালু কৰা হৈছে বা কৰাৰ প্ৰস্তুতি চলিছে?

“জি পি ডি পি অৰ্থাৎ গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লানৰ কাৰণে এটা ট্ৰেইনিং ইতিমধ্যে অনুষ্ঠিত হৈছে, যিটোৰ বিষয়ে বৰ্তমান পৰিষদ প্ৰধান  দেব’লাল গাৰ্লোছা ভালকৈ অৱগত। কাৰণ তেওঁ নিজে এই বিষয়ে যোৱা মাহৰ ২৫ তাৰিখে অনুমোদন দিছে”, প্ৰক্ৰিয়াটো বিজেপি নেতৃত্বাধীন পৰিষদখনৰ দ্বাৰাই গোপনে আৰম্ভ হোৱা বুলি অভিযোগ কৰি লাংঠাইছাই কয়।

তেওঁ লগতে কয়, “বিজেপি দলে প্ৰচাৰ চলাইছে এইবুলি যে  ডিমা হাচাও জিলাত যিহেতু পঞ্চায়ত ব্যৱস্থা নাই সেই কাৰণে ইয়াত পৰিষদ সমষ্টি ভিত্তিক জি পি ডি পি গঠন কৰি উন্নয়নমূলক কাম-কাজ আগুৱাই নিয়াৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। কিন্তু বাস্তৱত এই জি পি ডি পিয়ে অসম চৰকাৰৰ গাইডলাইন অনুসৰি কাম কৰিব। তেতিয়া পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিশেষ ক্ষমতা ক’ত থাকিব?”

ডেনিয়েলে বিজেপি পৰিষদখনৰ এই কামক বিজেপিৰ পাহাৰীয়া ৰাইজৰ লগত কৰা ষড়যন্ত্ৰ আখ্যা দি কয়, “ইয়াৰ বিৰুদ্ধে আমি সকলো থিয় হ’ব লাগিব। অন্যথা ষষ্ঠ অনুসূচী ধ্বংস হোৱাটো সময়ৰ অপেক্ষা মাথোঁ।”

তেওঁ ষষ্ঠ অনুসূচীৰ সংশোধন অবিহনে পঞ্চায়তীৰাজ ব্যৱস্থা বা বেলেগ কোনো ব্যৱস্থা চালু কৰা সহজ নহয় বুলি জানিবলৈ দিয়ে।

তেওঁৰ মতে, জি পি ডি পিৰ মাধ্যমেৰে ডিমা হাচাওত পঞ্চায়ত ব্যৱস্থা আৰম্ভ কৰা আৰু ষষ্ঠ অনুসূচীক উঠাই দিয়াৰ এয়া আৰম্ভণিহে।

ডিমা হাচাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংঠাছায়ো অনুৰূপভাৱে ডিমা হাচাও জিলাৰ  ৰাইজক ষষ্ঠ অনুসূচী ৰক্ষাৰ কাৰণে আগুৱাই অহাৰ আহ্বান জনায়।

”জনজাতি ৰাইজৰ অধিকাৰ ৰক্ষাৰ কাৰণে আৰু বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ জনাই আমি দল-মত নিৰ্বিশেষে একগোট হ’ব লাগিব”, নিৰ্মল লাংঠাছাই কয়।

পৰিষদ ঘেৰাও কাৰ্যাসূচীত প্ৰাক্তন ই এম কালিজয় চেংগুইন, প্ৰাক্তন ই এম লক্ষ্যমণি লাংঠাছা, যুবনেতা অৰিপম বডো, জ্যাক দাউলাগুপু আদি নেতাকে ধৰি কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ কাৰ্যসূচীত ভাগ লৈছিল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd