• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৩০৬ কোটি টকাৰ মোকৰ্দমা জয়   

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2019 2:58 pm
Court-martal-750x375-1140x570

প্ৰতিনিধিমূলক ফটো

27k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ভাৰতৰ পক্ষে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে UK উচ্চ ন্যায়ালয়ে। বুধবাৰে ন্যায়ালয়খনে ভাৰত আৰু পাকিস্তানৰ মাজৰ কেইবা দশক পুৰণি বিবাদ, লণ্ডনৰ এটা বেংকত জমা থকা হাইদৰাবাদৰ সপ্তম নিজাম মিৰ ওচমান আলী খানৰ বৃহৎ ধনৰাশিৰ ক্ষেত্ৰত ভাৰত আৰু হায়দৰাবাদৰ অষ্টম টিটুলাৰ নিজাম তথা তেওঁৰ ভাতৃৰ পক্ষত ৰায় দিয়ে।

লণ্ডনৰ নেটৱেষ্ট বেংক পিএলচিত জমা থকা ধনৰাশিৰ বৰ্তমান মূল্য হৈছে ৩৫ মিলিয়ন পাউণ্ড অৰ্থাৎ ৩০৬ কোটি ভাৰতীয় টকা।

উল্লেখযোগ্য যে ১৯৪৮ চনৰ ২০ ডিচেম্বৰত হায়দৰাবাদৰ সপ্তম নিজামৰ বিত্ত মন্ত্ৰী নাৱাব ম’ইন নাৱাজ য়ুঙে লণ্ডনৰ বেংকটোত থকা তেতিয়াৰ নৱ-গঠিত পাকিস্তানৰ বৃটেইনস্থিত ৰাষ্ট্ৰদূত হাবিব ইব্ৰাহিম ৰহিমটুল্লাৰ একাউণ্টত ১ মিলিয়ন পাউণ্ড জমা কৰিছিল।

পিছত নিজাম মিৰ ওচমান আলী খানে এই সমগ্ৰ কাণ্ডৰ সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰি এইয়া অনুমতি অবিহনে কৰা হৈছিল বুলি অভিযোগ কৰিছিল। ৰাজশাসিত ৰাজ্য হায়দৰাবাদক ভাৰতৰ অংগৰাজ্য কৰাৰ সময়ত এই কাৰ্য কৰা হৈছিল।

তেতিয়াৰ পৰা সেই ধনৰাশি বৃদ্ধি হৈ আহি এতিয়া তাৰ পৰিমাণ হৈছেগৈ ৩৫ মিলিয়ন পাউণ্ড। নিজামৰ উত্তৰ-পুৰুষসকলে দাবী কৰা মতে এই ধন তেওঁলোকৰ, আনহাতে পাকিস্তানৰ মতে উক্ত ধনৰাশিৰ ওপৰত তেওঁলোকৰহে অধিকাৰ আছে।

সপ্তম নিজামৰ নাতি, টুৰ্কিস্থিত মুকাৰাম জাহ আৰু তেওঁৰ সৰু ভাতৃ মুফাখাম জাহে কৰা দাবী মতে তেওঁলোকৰ ককাকে তেওঁলোকক উক্ত ধনৰাশি উপহাৰ হিচাপে দিছিল।

আনহাতে পাকিস্তানে দাবী কৰা মতে তেতিয়াৰ ৰাজশাসিত ৰাজ্য হায়দৰাবাদে সেই সময়ত ভাৰতৰ দ্বাৰা আক্ৰমণৰ সন্মুখিন হোৱাৰ আশংকাত অস্ত্ৰৰ যোগানৰ বাবদ পাকিস্তানক উক্ত ধনখিনি প্ৰদান কৰিছিল।

পিছত ভাৰতেও নিজামৰ পৰিয়ালে তোলা দাবীৰ সমৰ্থনত থিয় দিয়ে আৰু তেওঁলোকৰ সৈতে এক চুক্তিত আহে। ফলত ৭০ বছৰীয়া উক্ত বিবাদটোৰ এটা পক্ষ হয় ভাৰত চৰকাৰ তথা মিৰ ওচমান আলী খানৰ নাতি আৰু পৰিয়ালৰ সদস্যসকল আৰু আনটো পক্ষ হয় পাকিস্তান চৰকাৰ।

অৱশেষত কালি অৰ্থাৎ বুধবাৰে UK উচ্চ ন্যায়ালয়ৰ বিচাৰপতি মাৰ্কাচ স্মিথে নিজামৰ পৰিয়াল আৰু ভাৰত চৰকাৰৰ পক্ষত উক্ত ৰায় ঘোষণা কৰে। ফলত এই ধনৰাশি এতিয়া ভাৰত চৰকাৰ আৰু নিজামৰ উত্তৰাধিকাৰীসকলৰ মাজত ভগাই দিয়া হ’ব।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd