• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাদশ বাৰ্ষিক বদৌচা কাপ আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰালা এফ চি

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
October 5, 2019 7:52 am
IMG-20191004-WA0025 কে

বদৌচা কাপ আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দল গকুলম কেৰালা এফ চি । ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গকুলম কেৰালা এফ চি দলে বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত তথা অসম ফুটবল সন্থা আৰু ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সহযোগত আয়োজিত একাদশ বাৰ্ষিক বদৌচা কাপ আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ সন্মান লাভ কৰিছে।

শুকুৰবাৰে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কচুজান খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেলত গকুলম কেৰালা দলে মিনাৰ্ভা পাঞ্জাৱ এফ চি দলক ছাডেন ডেথত পৰাজিত কৰি বিজয়ী হয়।

Apply Now

নিৰ্দ্ধাৰিত সময়ত ২-২গলত খেল সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয় যদিও দুয়োটা দলে ৩ টাকৈ শ্বট্ কাৰ্যকৰী কৰাত ফলাফল নিৰ্দ্ধাৰণৰ বাবে ৰেফাৰীয়ে ছাডেন ডেথৰ সহায় লয়।

কেৰালা দলে সামগ্ৰিকভাৱে ৬-৫গলৰ ব্যৱধনত জয়লাভ কৰে। আই লীগৰ দুয়োটা দলে ফাইনেলত অংশগ্ৰহণেৰে ফুটবলপ্ৰেমী পাঁচ সহস্ৰাধিক দৰ্শকক এখন উপভোগ্য ফাইনেল উপহাৰ দিয়ে।

প্ৰথমাৰ্দ্ধৰ ৩  মিনিটত মিনাৰ্ভা পাঞ্জাৱৰ (BARBOZA) বাৰ্বজাই (১১) গল দি দলক অগ্ৰগতি প্ৰদান কৰে।

আনহাতে, গকুলম কেৰালা দলৰ(ZOLA) জলাই (১০)প্ৰথমাৰ্দ্ধৰ ১৬ মিনিটত এটি সুন্দৰ গলেৰে সমতা স্থাপন কৰে।

বিৰতিত দুয়োটা দলে ১-১ গলত সমতা স্থাপন কৰি থকাৰ পাছত দ্বিতীয়াৰ্দ্ধত দুয়ো দলে আক্ৰমণৰ চোক বৃদ্ধি কৰে।

খেলৰ ৮২ মিনিটত গকুলম কেৰালাৰ (BEAUTYAN) বিউটিয়ানে(১৪) গল দি দলক অগ্ৰগতি প্ৰদান কৰি বিজয়ৰ দিশে আগবাঢ়ে যদিও খেলৰ শেষ মূহুৰ্তত মিনাৰ্ভা পাঞ্জাৱৰ (GIRIK KHOSLA)গিৰিক খ’চলা(৪৯)ই সুন্দৰ হেডেৰে গ’ল দি সমতা স্থাপন কৰাত ফলাফলৰ বাবে ট্ৰাইবেকাৰৰ সহায় লোৱা হয়।

ট্ৰাইবেকাৰত পাঞ্জাৱ দলৰ গিৰিক খ’চলা, ডানিল’, বাৰ্বজা সফল হোৱাৰ বিপৰীতে কেৰালা দলৰ চাব্বাজ,বুজেৰ,ষ্টিফেন সফল হয়। ট্ৰাইবেকাৰতো পুনৰ সমতা হৈ ৰোৱাত ছাডেন ডেথৰ সহায়ত গকুলাম কেৰালা দল বিজয়ী হয়।

ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চূড়ান্ত খেলখন উদ্বোধন কৰাৰ লগতে পল্লৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘বদৌচা’ উন্মোচন কৰে।

সামৰণিত বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, বিধায়ক ক্ৰমে বলীন চেতিয়া, সঞ্জয় কিষাণ, সুৰেণ ফুকন,ভাস্কৰ শৰ্মা, ছাত্ৰ আৰু যুৱ কল্যান ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, অইল ইণ্ডিয়াৰ মহাপ্ৰৱন্ধক দিলীপ ভূঞাকে ধৰি বিশিষ্ট ব্যক্তি সকলে পুৰস্কাৰ প্ৰদান কৰে।

প্ৰতিযোগিতাৰ বিজয়ী গকুলম কেৰালা দলক দুই লাখ প্ৰাইজমানি আৰু ট্ৰফী, বিজিত দল মিনাৰ্ভা পাঞ্জাৱ দলক এক লাখ প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰা হয়।

তৃতীয় স্থান লাভ কৰা ছাগলবণ্ড ইউনাইটেড এফ চি আৰু চতুৰ্থ স্থান লাভ কৰা শ্বিলঙৰ ৰিণটিহ্ দলক ক্ৰমে পঞ্চাশ আৰু পঁচিশ হাজাৰ টকা ট্ৰফীসহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ ফেয়াৰ প্লে’ পুৰস্কাৰ লাভ কৰা মণিপুৰৰ নিছা দলক ট্ৰফীসহ নগদ বিশ হেজাৰ টকা প্ৰদান কৰা হয়।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু সৰ্বোচ্চ গ’লদাতা ছাগলবণ্ডৰ প্ৰীতম নিংথৌজামক ট্ৰফীসহ দহ হাজাৰ টকা, শ্ৰেষ্ঠ গ’লকীপাৰ গকুলাম কেৰালাৰ সত্যজিত বৰদলৈক ট্ৰফীসহ পাঁচ হাজাৰ টকা আৰু মেন অৱ দ্য ফাইনেল মিনাৰ্ভা পাঞ্জাৱৰ সুৰঞ্জিত সিঙক ট্ৰফীসহ চাৰি হাজাৰ টকা প্ৰদান কৰা হয়।

খেল পৰিচালক হিচাপে থাকে অসীম হাজৰিকা, লাইনত দেবাশীষ মজুমদাৰ, লুকু দাস, চতুৰ্থ প্ৰবণ চন্দ্ৰ পাঠক আৰু অতিৰিক্ত হিচাপে বিদ্যুত বৰুৱা।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd