• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ কয়লা ক্ষেত্ৰৰ ভৱিষ্যতকলৈ কোনোধৰণৰ অনিশ্চয়তা নাই : কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 11, 2019 8:34 pm
Central Coal minister

কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ মাৰ্ঘেৰিটাৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ পৰা কৰ্মচাৰী সকলক দেশৰ অন্য প্ৰান্তৰ কয়লা উদ্যোগলৈ বদলিৰ বাবে আবেদনৰ নিৰ্দেশক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোৰ  ভৱিষ্যতকলৈ অনিশ্চয়তা সৃষ্টি হৈ থকাৰ সময়তে দুদিনীয়া ভ্ৰমণসূচীৰে মাৰ্ঘেৰিটা  আৰু অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰলৈ অহা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কয়লা  মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শ্ৰমিকসকলৰ ভবিষ্যকলৈ চলি থকা অনিশ্চয়তাৰ কথা অস্বীকাৰ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব কয়লা ক্ষেত্ৰ বন্ধৰ কোনোধৰণৰ পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দি তাৰ সলনি ইয়াক অধিক উৎপাদনক্ষম কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰে।

Apply Now

যোশীয়ে  দুটা নতুন কয়লা প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত সুদীৰ্ঘ বছৰৰ পৰা হৈ থকা স্থিতাৱস্থা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ সৈতে আলোচনা কৰিব বুলিও আশ্বাস দিয়ে।

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ কয়লা উৎপাদন এক হাজাৰ মিলিয়ন ট্ৰনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ।

যোশীয়ে দেশৰ প্ৰধান মন্ত্ৰীয়ে প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীকে বছৰেকত এবাৰ হলেও উত্তৰ-পূব ভ্ৰমণ কৰি  ইয়াৰ আন্তঃগাঠনি আৰু অৰ্থনৈতিক বিকাশৰ বাবে ব্যৱস্থা লবলৈ পৰামৰ্শ দিয়াৰ কথা সাংবাদিকক জানিবলৈ দিয়ে।

স্থানীয় ক্ষুদ্ৰ উদ্যোগ সমূহে ৫ মাহে কয়লা ক্ৰয়ৰ পৰা বঞ্চিত হোৱাৰ সমস্যা অতিশীঘ্ৰে দূৰ কৰিবলৈ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ সৈতেও তেওঁ আলোচনাত মিলিত হ’ব বুলি জনায়।

জয়ৰামপুৰ আৰু মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ টিয়ক কলিয়ৰীত অনুষ্ঠিত দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কেইবাটাও জনকল্যাণমূলক আঁচনিৰ কথা ঘোষণা কৰে।

অৰুণাচলৰ জয়ৰামপুৰত উপস্থিত হৈ যোশীয়ে নামপুং বিধান সভা সমষ্টিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে মাৰ্ঘেৰিটা সমষ্টিবাসীৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডৰ  চি এছ আৰ পুঁজিৰ পৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক সুবিধা বিশিষ্ট ষ্টেডিয়াম, মাৰ্ঘেৰিটাৰ কয়লা ভিত্তিক ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে ৰেহাই ভিত্তিত কয়লা যোগান, ক’ল ইণ্ডিয়া পৰিচালিত চিকিৎসালয়খনত অত্যাধুনিক সা-সুবিধা প্ৰদানকে ধৰি সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত  কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷

তেওঁ কয়লা খনিৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ ৰাইজে বহুদূৰ বাটকুৰি বাই গৈ পাহাৰৰ জুৰিৰ পৰা পানী সংগ্ৰহ কৰি আনিব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰাৰ  লগতে বাট-পথৰ সুচল ব্যৱস্তা নথকাটো দুৰ্ভাগ্যজনক বুলি কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টিককত এটি পানীৰ প্ৰকল্পৰ বাবে ৩৫ লাখ টকা অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় খাদ্য সংশাধন উদ্যোগ মন্ত্ৰী আৰু স্থানীয় সাংসদ ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা  আৰু চুবুৰীয়া অৰুণাচলৰ নামপুং সমষ্টিৰ  বিধায়ক লাইচাম চিমাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচীৰ সময়ত সংগ দিয়ে৷

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেও মাৰ্ঘেৰিটাত কয়লা চিণ্ডিকেট চলি থকাৰ সন্দৰ্ভত অৱগত নহয়  বুলি উল্লেখ কৰি কয়লা ব্লকৰ ক্ষেত্ৰত চৰকাৰ দ্বায়বদ্ধ বুলি কয় ।

নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়লা চিণ্ডিকেট চলি থকা বুলি কৰা অভিযোগৰ  সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে – তেওঁ কেইবাবাৰো মাৰ্ঘেৰিটাৰ  বিধায়ক আৰু মন্ত্ৰী আছিল গতিকে তেওঁৰ ওচৰত নিশ্চয় তথ্য আছে , সেই তথ্য তেওঁ দাখিল কৰক নিশ্চিত ভাৱে ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব ।

আনহাতে, ক’ল ইণ্ডিয়াই ১০০ শতাংশ বিদেশী বিনিয়োগৰ (FDI ) পৰা মুক্ত হৈ থাকিব বুলি মত প্ৰকাশ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ সময়ত কয়লা শ্ৰমিক সংগঠন সমূহৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd