নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰা হ’ব বুলি চলা চৰ্চাৰ মাজতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কৈছে যে এনে যিকোনো সিদ্ধান্ত ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰিহে লোৱা হ’ব।
খবৰটো বাতৰি কাকততহে পোৱা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে শোধনাগাৰটো বিক্ৰী কৰা ধৰণৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই।
“এনে কিবা হ’লে নিশ্চয়কৈ আমি অসমৰ ৰাইজৰ স্বাৰ্থতহে সিদ্ধান্ত ল’ম৷ নুমলীগড় শোধনাগাৰত আমাৰো ১২শতাংশ চেয়াৰ আছে,” বোকাখাত আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত সোণোৱালে কয়৷
অসম চুক্তিৰ আধাৰত স্থাপিত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত অসম চৰকাৰ ১২.৩৫, ভাৰত পে’ট্ৰলিয়াম কৰ্পৰে’চন লিমিটেদৰ ৬১.৬৫ আৰু অইল ইন্দিয়া লিমিটেদৰ ২৬ শতাংশ চেয়াৰ আছে।
উত্তৰ-পূবত সৰ্বাধিক কৰ্পৰে’ট টেক্স প্ৰদানকাৰী শোধনাগাৰটোৱে ২০১৭-১৮ বৰ্ষত অসম চৰকাৰক মুঠ ১৬৮.০২ কোটি টকাৰ লাভ প্ৰদান কৰিছিল।
আনহাতে, বোকাখাত থানাৰ ভৱন মুকলি কৰি মুখ্য মন্ত্ৰীজনে স্মাৰ্ট আৰক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
“স্মাৰ্ট থানা, স্মাৰ্ট পুলিচ আৰু গুণসম্পন্ন সেৱাৰ জৰিয়তে অসম আৰক্ষীয়ে এক সংশোধিত মুখ প্ৰদৰ্শন কৰিব লাগিব,” সোণোৱালে কয়।
১৯০৫ চনতে বৃটিশ্ব শাসকে স্থাপন কৰা থানাখন অসম আৰক্ষীৰ মৈত্ৰী (Mission for Overall Improvement of Thana for Responsive Image) আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ কৰা হৈছে।
অনুষ্ঠানটোত বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, ডি আই জি (প্ৰশিক্ষণ) ৰাণা ভূঞা, ডি আই জি দিলীপ দেৱ, আৰক্ষীৰ হাউজিং কৰ্পৰে’চনৰ অধ্যক্ষ এ কে ঝা, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, উপায়ুক্ত ধীৰেণ হাজৰিকা উপস্থিত আছিল৷
লগতে পঢ়ক– অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক