• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনীতিৰ চাণক্য; ১৯৯০তে মোদী প্ৰধান মন্ত্ৰী হোৱাৰ ভৱিষ্যৎবাণী কৰিছিল অমিত শ্বাহে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 2:29 pm
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ আজি জন্মদিন। ৫৫ বছৰত ভৰি দিয়া শ্বাহৰ জন্ম ১৯৬৪ চনৰ ২২ অক্টোবৰত মুম্বাইস্থিত এটা গুজৰাটী পৰিয়ালত হৈছিল।

তেওঁৰ পিতৃৰ নাম অনিলচন্দ্ৰ শ্বাহ আৰু মাতৃৰ নাম আছিল কুছুমবেন। অমিত শ্বাহে স্কুলীয়া জীৱন নিজ গাঁও মানছাতে আৰম্ভ কৰে যদিও পাছলৈ আহমেদাবাদতে শিক্ষা সাং কৰে। তেওঁ বায়’ কেমেষ্ট্ৰিৰ স্নাতক ডিগ্ৰীধাৰী।

Apply Now

শিক্ষা শেষ কৰি তেওঁ ঘৰুৱা ব্যৱসায়ত মনোনিৱেশ কৰে আৰু এজন সফল ব্যৱসায়ী হিচাপে পৰিচয় লাভ কৰে। ইয়াৰ পৰাই তেওঁ ৰাজনীতিত খোজ দিয়ে আৰু এটাকৈ এটাকৈ সফলতা লাভ কৰি যায়।

বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যুটী ৰাজনীতিত সৰ্বাধিক শক্তিশালী যুটী হিচাপে জনপ্ৰিয়।

উল্লেখ্য যে উদ্যোগিক পৰিয়ালৰ পৰা অহা অমিত শ্বাহে সহজতে ৰাজনীতিত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাছিল। ৮০ দশকতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগ দিয়ে। ইয়াৰ পিছত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে আৰু ১৯৮২ চনত তেওঁ গুজৰাট এ বি ভি পিৰ যুটীয়া সচিবৰ দায়িত্ব গ্ৰহণ কৰে।

কোৱা হয় যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে একেলগে ৰাজনীতিত প্ৰৱেশ কৰিছিল। আহমেদাবাদত অনুষ্ঠিত হোৱা আৰ এছ এছৰ এখন বৈঠকতে প্ৰথমবাৰৰ বাবে দুয়োৰে চিনাকি হৈছিল। উক্ত বৈঠকত হোৱা চিনাকি পাছলৈ বন্ধুত্বলৈ পৰিগণিত হ’ল।

অমিত শ্বাহে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে ১৯৮৭ চনত। প্ৰথমে তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাত ভৰ্তি হৈ পাছলৈ অৰ্থাৎ ১৯৯৭ চনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোষাধ্যক্ষ পদত অধিষ্ঠিত হয়। ইয়াৰ উপৰি তে্ওঁ ১৯৮৯ চনত আহমেদাবাদ চহৰৰ বিজেপিৰ সচিব হিচাপেও দায়িত্ব গ্ৰহণ কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, অমিত শ্বাহে ৯০ দশকতে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব বুলি ভৱিষ্যৎবাণী কৰি থৈছিল। ১৯৯০ চনত অনুষ্ঠিত হোৱা এটা নিৰ্বাচনৰ সময়ত শ্বাহ আৰু মোদী আহমেদাবাদ ষ্টেশ্যনৰ ওচৰৰ এখন ৰেষ্টুৰেণ্টত বহি আছিল। তেতিয়াই শ্বাহে কৈছিল- ‘নৰেন্দ্ৰ ভাই আপুনি প্ৰধান মন্ত্ৰী হ’বলৈ সাজু থাকক’।

উল্লেখ্য যে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে লালকৃষ্ণ আদৱানীৰ প্ৰচাৰৰ সকলো দায়িত্ব লয় অমিত শ্বাহে। ১৯৯১ আৰু ১৯৯৬ চনৰ নিৰ্বাচনত অমিত শ্বাহৰ কাৰ্যক্ষম দেখি সকলোৱে তেওঁৰ সৈতে সু সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিলে।

উল্লেখ্য যে কৰ্মকৰ্তা সকলৰ সৈতে ভাল সম্পৰ্ক থকা বাবেই এই পৰ্যন্ত অমিত শ্বাহে এবাৰো নিৰ্বাচনত পৰাজয় বৰণ কৰা নাই। তেওঁ ছৰখেজ বিধান সভা সমষ্টিৰ পৰা একেৰাহে ১৯৯৭, ১৯৯৮, ২০০২ আৰু ২০০৭ চনত জয়ী হয়। ইয়াৰ পাছত তেওঁ ২০১২ত নাৰণপুৰাৰ পৰা জয়ী হয়।

ইফালে প্ৰথমবাৰৰ বাবে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গান্ধীনগৰৰ পৰা প্ৰতিদ্বণ্দ্বীতা আগবঢ়োৱা অমিত শ্বাহে বিশাল ব্যৱধানত জয়ী হয়।

অমিত শ্বাহক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাসচিবৰ দায়িত্ব প্ৰদান কৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰিছিল। তেওঁৰ নেতৃত্বতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৮০খন আসনৰ ৭১খন আসনেই দখল কৰিবলৈ সক্ষম হৈছিল।

দক্ষ ৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা শ্বাহক ২০১৪ চনৰ জুলাই মাহত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰে। ২০১৬ চনৰ ২৪ জানুৱাৰিত তেওঁক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব দিয়া হয়।

২০১৯ লোকসভা নিৰ্বাচনৰ পাছত তেওঁক মোদীয়ে দেশৰ গৃহ মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd