• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিয়ালক দুলাল পালৰ মৃতদেহ চমজাই চৰকাৰৰ নাক বচোৱাৰ ভূমিকাত শিলাদিত্য আৰু বাঙালী সংগঠন

অন্য এক প্ৰতাৰণা : বাংলাদেশী হৈ মৃত্যু; মৃতদেহত “ভাৰতীয়” ঠিকনা লিখি পৰিয়ালক ভুৱা সান্ত্বনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 22, 2019 8:48 pm
Dulal Pal Deadbody

দুলাল পালৰ মৃতদেহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিটেনশ্যন কেম্পৰ বন্দী “বিদেশী” দুলাল পালৰ মৃতদেহ জি এম চি এইচ্ছৰ মৰ্গত ৯ দিন পৰি থকাৰ পিছত আজি বিধায়ক শিলাদিত্য দেব আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে পৰিয়ালক মৃতদেহটো চমজাই দিয়ে।

কাৰ্য্যতঃ পৰিয়ালৰ কোনো লোক নহাকৈয়ে চৰকাৰৰ নাক বচাবলৈকে বিধায়কজন আৰু বাঙালী সংগঠনটোৱে এই ভূমিকাত অৱতীৰ্ণ হয়।

Apply Now

মৰ্গৰ পৰা মৃতদেহ চমজি লোৱাৰ সময়ত উপস্থিত আছিল সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সভাপতি দীপক দেই।

“পৰিয়ালৰ লোক অহা নাছিল। সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, বিধায়ক শিলাদিত্য দেব আৰু আলিছিঙা গাৱঁৰ স্থানীয় ৰাইজে মৃতদেহটো জি এম চি এইচ্ছৰ পৰা লৈ গৈছে”, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত দীপক দেই কয়।

পৰিয়ালৰ লোকক মৃতদেহটো চমজি ল’বলৈ ইতিপূৰ্বে বাঙালী সংগঠনটোৱে হেঁচা প্ৰয়োগ কৰি অহাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হৈছে। বাতৰিত প্ৰকাশ পোৱা মতে, বেংগলী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে মৃতদেহ চমজি নল’লে পৰিয়ালটোৰ আন সদস্যসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হ’ব বুলি গুৰুতৰ ভাবুকি দিছিল।

তেজপুৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত প্রায় দুবছৰ বন্দী জীৱন কটোৱা পালৰ স্বাস্থ্যৰ অৱনতি ঘটাত ২৮ ছেপ্টেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা ১৩ অক্টোবৰৰ ৰাতি তেওঁৰ মৃত্যু হৈছিল।

পালৰ চিকিৎসা অৱহেলাত মৃত্যুৰ পিছতে ক্ষুভিত হৈ পৰা পালৰ পৰিয়ালটোৱে তেওঁক স্বদেশী ঘোষণা নকৰিলে মৃতদেহ গ্ৰহণ নকৰে বুলি ঘোষণা কৰে। পৰিয়ালটো ৮-৯ দিন ধৰি আঁকোৰগোজ হৈ থকাত চৰকাৰ চৰম অস্বস্তিত পৰিছিল আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ জৰিয়তে পৰিয়ালক সন্মত কৰাবলৈ চেষ্টা কৰি আহিছিল।

আজি মৃতদেহটো গুৱাহাটীৰ পৰা শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলি থানাৰ অন্তৰ্গত আলিচিঙা গাঁৱলৈ নিওঁতে মৃতদেহটোৰ ওপৰত ভাৰতীয় ঠিকনা লিখা হয়।

মৃতদেহৰ ওপৰত লিখা হৈছিল :

  • DF/ Dulal Ch. Paul 64 years (M)
  • S/O Rajendra Ch. Paul
  • Vill Alisinga PS Dhekiajuli
  • Dist. Sonitpur

“মৃতদেহ চমজি লোৱাৰ সময়ত জি এম চি এইচ্ছৰ পৰা দিয়া ৰিচিপ্টত বিদেশী বুলি উল্লেখ নাই। আলিছিঙাৰ স্থানীয় বাসিন্দা বুলি ৰিচিপ্টত দিয়া হৈছে আৰু তেওঁৰ যি ঠিকনা সেইটোটোও উল্লেখ আছে। আগতে বাংলাদেশৰ বুলি লিখা আছিল বাবে আন্দোলন হৈছিল”, দেই টেলিফোনত কয়।

মন কৰিব লগীয়া যে জি এম চি এইচ্ছত ভৰ্তি কৰাৰ সময়ত পালৰ ঠিকনা বাংলাদেশৰ এখন ঠাইৰ বুলি দিয়া হৈছিল। আনহাতে বিদেশী ন্যায়াধিকৰণতো পালক বিদেশী বুলি ঘোষণা কৰা হৈছিল।

তেনেস্থলত মৃতদেহটোৰ ওপৰত ভাৰতীয় ঠিকনা লিখি পৰিয়ালটোক আভুৱা ভাঁৰা কাম কৰিলে প্ৰশাসন, বাঙালী সংগঠন আৰু বিধায়ক শিলাদিত্য দেবে।

আজি মৃতদেহ সৎকাৰস্থলীত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেব আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু উপস্থিত আছে।

হিন্দু বাংলাদেশীৰ সপক্ষে সততে মাত মাতি অহা বিধায়ক শিলাদিত্য দেবে পালৰ মৃতদেহটো পৰিয়ালক চমজোৱাৰ পিছত পৰিয়ালটো মান্তি হোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

“দুলাল পালৰ পৰিয়ালক মই ধন্যবাদ জনোৱাৰ লগতে ছেল্যুটো কৰিছো”, বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয়।

এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭-ৰ অধীনত দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক ঘোষণা কৰি ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে বন্দী কৰি তেজপুৰ ডিটেনশ্যন কেম্পলৈ নিয়া হৈছিল।

পৰিয়ালৰ দাবী তেওঁলোকৰ ১৯৬০ দশকৰে মাটিৰ কাগজ-পত্ৰ আছে আৰু পৰিয়াল আনসকলৰ নাম এন আৰ চিতো অন্তৰ্ভুক্ত হৈছে। তাৰোপৰি পাল মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাছিল বুলিও পৰিয়ালটোৰ দাবী।

জীৱিত অৱস্থাত এনেকুৱা দুৰ্ভাগ্য আৰু অন্যায়ৰ বলি হোৱা দুলাল পাল মৃত্যুৰ পিছতো অন্য এটা প্ৰতাৰণাৰ বলি হ’ল বাঙালী সংগঠন আৰু খোদ স্বগোষ্ঠীয় বিধায়কৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd