• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতীক হাজেলাক বদলি কৰা বাবে উচ্চতম ন্যায়ালয়ক সমালোচনা তৰুণ গগৈৰ

মহাত্মা গান্ধীৰ প্ৰতি যদি সন্মান আছে গান্ধীৰ হত্যাৰে অভিযুক্ত ছাভাৰকাৰক কিয় ভাৰত ৰত্ন : গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 22, 2019 9:59 pm
Never seen present disaster in Assam history: Former CM Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজেলাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ পদৰ পৰা আঁতৰাই মধ্যপ্ৰদেশলৈ বদলি কৰা বাবে উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

আজি দিচপুৰৰ চৰকাৰী আৱাসত সংবাদমেল সম্বোধন কৰি হাজেলাৰ বদলিয়ে এন আৰ চি প্ৰক্ৰিয়াটোক দিশহীন আৰু মুৰব্বীহীন কৰি পেলাব বুলি মন্তব্য গগৈৰ।

Apply Now

“মই উচ্চতম ন্যায়ালয়ৰ গাতো দোষ দিম। বিকল্প ব্যৱস্থা এটা কৰি ল’ব লাগিছিল। কোনো বিকল্পৰ ব্যৱস্থা নকৰাকৈ কিয় এনে কৰিলে?” মন্তব্য গগৈৰ।

গগৈয়ে পূৰ্বে সংবাদ মাধ্যমৰ আগত হাজেলাক বদলি কৰা বাবে ভাল পাইছো বুলি মন্তব্য কৰিছিল।

আজি গগৈয়ে লগতে কয়, উচ্চতম ন্যায়ালয়ে বদলি কৰিব বিচাৰিলেও ৰাজ্য চৰকাৰে বদলিত বাধা দিব পাৰিলে হেঁতেন।

“চৰকাৰেও হাজেলাক ৰিলিজ কৰি দিব নালাগিছিল। ৰাজ্য চৰকাৰে ক’ব লাগিছিল- আন এটা বিকল্প নোহোৱাকৈ আমি এৰি নিদিওঁ।”

গগৈয়ে লগতে কয়, “এইখন চৰকাৰৰ আঁচনিহে, উচ্চতম ন্যায়ালয়ৰ আঁচনি নহয়। এইখন ভাৰত চৰকাৰৰ আঁচনি। অসম চৰকাৰে উদ্যোগ লৈছে। আমিহে হাজেলাৰ নাম ৰাজ্যিক সমন্বয়ক হিচাপে পঠিয়াইছিলো, তেওঁলোকে এপ্ৰ’ভহে কৰিছে। উচ্চতম ন্যায়ালয়ৰ মতে তেওঁ ৰাজ্যিক সমন্বয়ক হোৱা নাই। সেইকাৰণে কৈছো উচ্চতম ন্যায়ালয়ে কৰাটো ভুল হৈছে। ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত এফিডেফিট দিব লাগিছিল যে আমাক বিকল্প বিচাৰিবলৈ এমাহ বা কিবা এটা সময় দিয়ক। তেতিয়া উচ্চতম ন্যায়ালয়ে দিব, কিয় নিদিব?”

“এইটোও ঠিক, হাজেলা ৰাজ্যিক সমন্বয়কহে। হাজেলা মুৰব্বী নহয়। মুৰব্বী হৈছে ৰেজিট্ৰাৰ জেনেৰেল অব ইণ্ডিয়া। উচ্চতম ন্যায়ালয়কো মই ক’ম, তেওঁ হাজেলাক কিয় আগতে বাৰেপতি মাতি পঠিয়াইছিল? ৰেজিষ্টাৰ জেনেৰেলকহে মাতি পঠিয়াব লাগিছিল”, সংবাদমেলত গগৈৰ মন্তব্য।

হাজেলাৰ নিৰাপত্তালৈ অহা ভাবুকিৰ ক্ষেত্ৰত গগৈয়ে কয়, হাজেলাক নিৰাপত্তা দিব নোৱৰা চৰকাৰে পদত্যাগ কৰিব লাগে।

আনহাতে, সেই একেখন সংবাদমেলতে গগৈয়ে কেন্দ্ৰীয় চৰকাৰে ছাভাৰকাৰক ভাৰতৰত্ন দিব লাগে বুলি উত্থাপন কৰা প্ৰস্তাৱৰ সম্পূৰ্ণ বিৰোধিতা কৰে।

“তোমালোকে যদি সঁচাকৈয়ে মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনোৱা, তেন্তে তোমালোকে মহাত্মা গান্ধীৰ হত্যাৰে অভিযুক্ত ছাভাৰকাৰক কিয় ভাৰত ৰত্ন দিবলৈ ওলাইছা”, গগৈৰ কটাক্ষ।

তেওঁ ছাভাৰকাৰৰ সলনি স্বাধীনতা সংগ্ৰামী তথা চহিদ কুশল কোঁৱৰকহে ভাৰতৰত্ন দিব লাগে বুলি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd