শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ অধ্যক্ষতাত বৃহস্পতিবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়।
সভাত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিব লগীয়া পথ সুৰক্ষামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।
উপায়ুক্তই এন এইচ আই ডি চি এল (NHIDCL) -ক ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে সহজতে দৃশ্যমান হোৱাকৈ পথ সতৰ্কতা মূলক চিহ্ন লগাবলৈ আৰু দুৰ্ঘটনা প্ৰৱল স্থান সমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি জিলা পৰিবহন বিষয়াক পথ সুৰক্ষা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, অহা ২৫ অক্টোবৰৰ পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন অঞ্চলত পথ সুৰক্ষাৰ নিয়মাৱলী সম্পৰ্কে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। গাড়ীচালক সকলক ট্ৰেফিক নিয়মাৱলী পালন কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰিবলৈ কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ জিলা পৰিবহন বিষয়াক দায়িত্ব দিয়া হয়।
সভাত আৰক্ষী, পৰিবহন, এন এইচ আই ডি চি এল, গড়কাপ্তানী পথ আদি বিভাগৰ বিষয়ববীয়া সকলক লৈ এখন সমিতি গঠন কৰা হয়। এই সমিতি খনে ৰাষ্ট্ৰীয় ঘাইপথ নিৰীক্ষণ কৰি পথ দুৰ্ঘটনা হ্রাসৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰি এক প্ৰতিবেদন দাখিল কৰিব।
জিলা উপায়ুক্তই মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, স্কাউট আৰু গাইড, চি আৰ পি এফ, চি এই এছ এফ আদিক পথ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়।
সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া চিকিৎসালয় সমূহত দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰিব লগীয়া প্ৰয়োজনীয় সকলো চিকিৎসা ব্যৱস্থা আৰু সা-সুবিধা মজুত ৰখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইয়াৰ উপৰি জিলাৰ প্ৰতিখন মহাবিদ্যালয়ৰে ছাত্র-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে একোজনকৈ পথ সুৰক্ষা বিষয়া নিয়োজিত কৰাৰ পোষকতা কৰে। এনেধৰণৰ কাৰ্যসূচীত ছাত্র-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলকো জড়িত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে।
ধাবা আৰু পেট্ৰল পাম্প সমূহত CCTV সংস্থাপন কৰাটো বাধ্যতামূলক কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাত চি আই এছ এফৰ ডি আই জি পি এন ঠাকুৰ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ কমাণ্ডিং বিষয়া জে ভী টুছিং, জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকা আৰু ভালেসংখ্যক মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে।