সোমবাৰে মাইক্ৰ’ছফট ৰিছাৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক শ্ৰীৰাম ৰাজামণিৰ সৈতে গুৱাহটীৰ শিশু সাৰথিয়ে বিশেষভাৱে সক্ষম শিশুসকলৰ এক আলাপ অনুষ্ঠিত কৰে।
উক্ত আলাপত ৰাজামণিয়ে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত মত ব্যক্ত কৰে।
অনুষ্ঠানটোত অংশ্ৰগ্ৰহণ কৰি ৰাজামণিয়ে কয়— সণ্মিলিত সুবিধা সৃষ্টিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
তেওঁ লগতে সমাজিক উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত মাইক্ৰ’ছফটে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
উল্লেখ্য যে বিশেষভাৱে সক্ষমসকলৰ বাবে শিশু সাৰথিয়ে বিগত বহু বছৰৰ পৰা কাম কৰি আহিছে।
আজি মাইক্ৰ’ছফট ৰিছাৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজামণিক প্ৰতিষ্ঠানটোত উষ্ম আদৰণি জনায় শিক্ষাৰ্থীসকলৰ লগতে কৰ্মচাৰী আৰু অন্যান্য বিষয়ববীয়াসকলে।
আনহাতে অনুষ্ঠানটোৰ সামৰণি ভাষণত শিশু সাৰথিৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে নতুন প্ৰযুক্তিৰ জ্ঞানৰ অভাৱত এইক্ষেত্ৰত কাম কৰি থকা বিভিন্ন সংস্থাই ভোগ কৰা অসুবিধাৰ কথা উল্লেখ কৰে।