• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰ আৰক্ষীৰ সাফল্য; ট্ৰাক হাইজেক কৰি চুৰি কৰা বৃহৎ পৰিমাণৰ ছুপাৰি উদ্ধাৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 2, 2019 8:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ আৰু শালমাৰা গাঁৱত তামুলপুৰ আৰক্ষীয়ে আজি পুৱাৰে পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি হোৱা ছুপাৰিৰ বস্তা পুখুৰীৰ পানীৰ পৰা আৰু গুদামৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৩০ অক্টোবৰৰ নিশা চিৰাং জিলাৰ বিজনীৰ পৰা নৰ্থ ইষ্ট ট্ৰেভেল এজেন্সিৰ ১২ চকীয়া য়ুপি ৭৮ চিএন ৪৫৫৮ নম্বৰৰ ট্ৰাক এখনেৰে লক্ষ্ণৌলৈ ছুপাৰি নি থকা অৱস্থাত কোকৰাঝাৰ জিলাৰ পাতগাঁও আৰক্ষী চকীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আচিনাক্ত দুৰ্বৃত্তই ড্ৰাইভাৰ আৰু হেণ্ডিমেনসহ হাইজেক কৰিছিল।

দুৰ্বৃত্তৰ দলটোৱে এখন বলেৰ’ গাড়ীত ড্ৰাইভাৰ আৰু হেণ্ডিমেনজনক উঠাই লৈ ট্ৰাকখন নিশা বিভিন্ন ঠাইত ঘূৰাই ফুৰাইছিল আৰু ছুপাৰিখিনি ট্ৰাকখনৰ পৰা বিভিন্ন ঠাইত কেইবাখনো সৰু সৰু গাড়ীত নমাই ৰাখিছিল।

ছুপাৰিখিনি ট্ৰাকৰ পৰা নমাই হোৱাৰ পিছত ট্ৰাকৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনজনক গোৱালপাৰাৰ ওচৰত ঘন  জংঘলত পেলাই থৈ দুৰ্বৃত্তৰ দলটো পলায়ন কৰিছিল।

কালি নিশা বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পৰা খবৰ লাভ কৰে যে পাতগাঁৱৰ পৰা চুৰি হোৱা ৩২০ বস্তা ছুপাৰি তামুলপুৰ অঞ্চলত লুকুৱাই ৰখা হৈছে।

উচ্চ পদস্থ আৰক্ষী বিষয়াৰ পৰা খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী  পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ আৰু শালমাৰা গাঁৱত নিশাই অভিযান চলায় যদিও সফল নহল।

ইয়াৰ পিছত আজি পুৱা পুনৰ তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই ডিমিলাপাৰ গাঁৱত অমূল্য কলিতাৰ ঘৰত অভিযান চলাই ঘৰৰ পিছফালে থকা পুখুৰীৰ পৰা প্ৰায় ৭০ বস্তা চুৰি হোৱা ছুপাৰি উদ্ধাৰ কৰে।

তাৰোপৰি আৰক্ষীয়ে ডিমিলাপাৰ গাঁৱৰ এটা ৰাইছ মিলৰ পৰা ৪০ বস্তা আৰু ডিমিলাপাৰ গাঁৱৰ সমীপৰ শালমাৰা গাঁৱৰ জনৈক আলী উপাধিৰ লোক এজনৰ ঘৰৰ পৰা ৮০ বস্তা ছুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে অমূল্য কলিতাৰ ঘৰৰ পুখুৰীত অভিযান অব্যাহত ৰাখিছে।

ইতিমধ্যে নৰ্থ ইষ্ট ট্ৰেভেল এজেঞ্চিৰ কৰ্মচাৰী আহি তামুলপুৰত উপস্থিত হৈছে। আনহাতে তামুলপুৰ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে তদন্তৰ খাতিৰত আটকাধীন লোককেইজনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

৪০ বস্তা ছুপাৰি উদ্ধাৰ হোৱা মিলটোৰ মালিকে জানিব দিয়া মতে ডিমিলাপাৰ গাঁৱৰ প্ৰাণজিত দাস নামৰ এজন যুৱকে ৪০ বস্তা চুপাৰি তেওঁৰ মিলিত থৈছিল আৰু তাৰ বিনিময়ত তেওঁক ভাড়া দিয়া হ’ব বুলি জনাইছিল।

ইপিনে চুৰি হোৱা ট্ৰাকখন মঙলদৈৰ ওচৰত উদ্ধাৰ কৰা বুলি নৰ্থ ইষ্ট ট্ৰেভেল এজেঞ্চিৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

আনহাতে ট্ৰাক হাইজেক কৰি ছুপাৰি চুৰি কৰা কাণ্ডৰ লগত এক বৃহৎ চক্ৰ জড়িত থকা বুলি তামুলপুৰ আৰক্ষীয়ে  সন্দেহ প্ৰকাশ কৰিছে আৰু এই বিষয়ত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd