• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ গোপাল বড়ো উ: মা: বিদ্যালয়ৰ পৰা ৩গৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা; কাষৰ ল’জৰ পৰা উদ্ধাৰ

অপহৰণকাৰীক হাতত পায়ো আৰক্ষীক গতাই নিদি এৰি দিয়াত অধ্যক্ষ নবীন গগৈৰ স্থিতিক লৈ প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 5, 2019 7:07 pm
Gopal Boro Girl

দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰা সপ্তম শ্ৰেণীৰ ছাত্ৰী ৩গৰাকীৰ দুগৰাকী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ গণেশগুৰিত থকা চৰকাৰী শিক্ষানুষ্ঠান গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ৩গৰাকী ছাত্ৰীক আজি দুৰ্বৃত্তই বিদ্যালয়ৰ পৰাই অপহৰণৰ চেষ্টা চলায়।

ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ গুৰুতৰ অভিযোগ, তেওঁলোক তিনিগৰাকী জিৰণিৰ সময়ত, প্ৰায় ১২ বজাত অন্য দুগৰাকী ছাত্ৰীৰ সৈতে বিদ্যালয় চৌহদৰ বাহিৰলৈ ওলাই এখন দোকানত চিপছ কিনি থকা অৱস্থাতে এজন অচিনাকি যুৱকে বিভিন্ন প্ৰলোভন দি নাতিদূৰত থকা ছান চিটী ল’জলৈ লৈ গৈছিল।

Apply Now

ল’জ গৈ পোৱাৰ পিছত চকুত ক’লা কাপোৰ বান্ধি দি পৃথকে পৃথকে তিনিটা কোঠাত ৰখা হৈছিল আৰু তেওঁলোকৰ নাম, ঠিকনা আৰু ঘৰৰ ফোন নম্বৰ লৈছিল ল’জটোতে থকা তিনিগৰাকী মহিলাই।

ইয়াৰ পিছতে তেওঁলোকক কোঠাত আবদ্ধ কৰি বিস্কুট খাবলৈ দিয়া হৈছিল।

এগৰাকী ভুক্তভোগী ছাত্ৰীয়ে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত তলত অসম্পাদিত ৰূপত দিয়া হ’ল-

“আজি লেজাৰ টাইমত মই আৰু লগৰ কেইজনীমান দোকানলৈ গৈছিলো। এজন অচিনাকি ল’ৰাই আমাক আহি কৈছিল যে তেওঁলোকে গুড ডে’ বিস্কুট আৰু মমছ মেজিক বিস্কুটৰ ছাৰ্ভে চলি আছে, তোমালোকে গৈ খাই বিস্কুটৰ কেনেকুৱা সোৱাদ ক’ব লাগে।

আমি তেতিয়া কৈছিলো কিয় যাব লাগে? আমি ছাৰৰ পাৰ্মিশ্যন লোৱা নাই, গতিকে আমি যাব নোৱাৰিম। তেতিয়া তেওঁলোকে ছাৰৰ পাৰ্মিশ্যন লোৱা বুলি কৈছে। তেনেকৈ কোৱাত আমি তেওঁৰ লগত গুচি গৈছিলো। তেওঁ ছান চিটী ল’জলৈ আমাৰ তিনিজনীক লৈ গৈছিল। আমাৰ ভয় লাগিছিল বহুত। তাত থকা খুৰী এজনীয়ে আহি কৈছিল- তোমালোকে কিয় ভয় কৰিছা ইয়াত বহুতো ছাত্ৰ-ছাত্ৰী আছে। বহুকেইগৰাকী মহিলা তাত আছিল। গৈ পোৱাত আমাৰ নাম এণ্ট্ৰি কৰিছে, সৰু সৰু পাৰ্টিশ্যন থকা ৰূমত সোমোৱাই নিছে। তাৰ পাছত চকুত ক’লা কাপোৰ বান্ধি বিস্কুট খাবলৈ দিছে আৰু বিগ বজাৰৰ ১০০ টকীয়া গিফট কাৰ্ড দিছে আৰু কালাৰটো কেনেকুৱা সুধিছে। আমাক দুঘণ্টামান ৰখাই থৈছিল। তাৰ পাছত দুজন ছাৰ গৈ লৈ আহিছে।”

অপহৃতা ছাত্ৰী তিনিগৰাকীৰ সংগৰ পৰা পলাই অহা দুগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষকক এই কথাটো অৱগত কৰাত বিদ্যালয়খনৰ দুজন শিক্ষকে গৈ ল’জৰ ৰূমৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনিছিল, ভুক্তভোগী আন এগৰাকী ছাত্ৰীয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

তাৎপৰ্য্যপূৰ্ণ যে ছাত্ৰীকেইগৰাকীক “অপহৰণ”ৰ ঘটনাত জড়িত যুৱক দুজন আৰু মহিলাকেইগৰাকীক বিদ্যালয়লৈ সোধা-পোছাৰ বাবে লৈ আনিছিল যদিও তেওঁলোকক আৰক্ষীক নগতোৱাকৈ অধ্যক্ষ নবীন গগৈয়ে এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনকি বিদ্যালয় সহ-শিক্ষকসকলে হেঁচা দিয়া সত্ত্বেও অধ্যক্ষজনে আৰক্ষীক গোচৰ নিদিলে ঘটনাটোত।

সহ-শিক্ষক-শিক্ষয়িত্ৰীসকলে অধ্যক্ষ নবীন গগৈক এই বিষয়ত প্ৰশ্ন কৰাত তেওঁ চৰম কাণ্ডজ্ঞানহীন মন্তব্য কৰে।

“ছোৱালীকেইজনীক পোৱা হৈছে, পুলিচক দিয়াৰ কি কথা আছে?”, অনুভূতিহীনতাৰ চৰম দৃষ্টান্তৰে অধ্যক্ষজনে কয়।

তেওঁ ঘটনাটোক লঘু কৰিবৰ চেষ্টা কৰি কয়, “মোক এজন ল’ৰাই আহি কৈছিল টেষ্টিং কৰিবলৈ ল’ৰা-ছোৱালী লাগে। মই ক’লো- নাই নাই নহ’ব, মই অনুমতি দিয়াত নাই এতিয়া লেজাৰ টাইম। পিছত এই কথাটো দুজনী ছাত্ৰীৰ পৰা গম পাই মই বিদ্যালয়ৰ শিক্ষক দুজনক পঠাই দিলো আৰু মানুহকেইজনক মতাই আনিলো। তেওঁলোকৰ নাম-ঠিকনা ইতিমধ্যে লৈছো মই, ভৱিষ্যতে আমাৰ ল’ৰা-ছোৱালীক লৈ এনে কৰিলে বিপদ হ’ব।”

তেওঁ আৰু কয় “ছোৱালী মানুহৰ কথা, গতিকে মই তৎক্ষণাত আৰক্ষীক জনালে অভিভাৱকে বা কি ভাবে? বিস্কুটৰ ওপৰত টেষ্ট ল’বৰ বাবে চকুত ক’লা কাপোৰ বান্ধি লৈছে বুলি আমাক তেওঁলোকে কৈছে।”

আনহাতে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ মাজৰ দুগৰাকীৰ অভিভাৱকে ছান চিটি ল’জটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে।

ঘটনাটোৰ সৈতে জড়িত এজন যুৱকৰ ভাষ্য, “আমি ৰূমত ৰখা নাছিলো, ছানচিটী বিবাহ ভৱনত ৰাখিছিলো। মহিলাই ছাত্ৰী তিনিওগৰাকীক সাক্ষাৎ কৰিছিল। চকুত ক’লা কাপোৰ বান্ধি ৰখা হৈছিল এইকাৰণেই যে, গোন্ধ লৈ কি বিস্কুট ক’ব লাগে। এইটো আমাৰ ছাৰ্ভে প্ৰক্ৰিয়া। ছোৱালী তিনিজনীক মাতি লৈ যোৱা ল’ৰাজনৰ ভুল হৈছে, তেওঁ এনেকৈ মাতি লৈ যাব নালাগে।”

যুৱকজনে জনোৱামতে, ছাত্ৰী তিনিগৰাকীক মাতি নিছিল ইটচ’ ৰিছাৰ্চ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে এনেদৰে অধ্যক্ষৰ বিনা অনুমতিত লৈ গৈছিল তিনিওগৰাকী ছাত্ৰীক।

বিদ্যালয়, মহাবিদ্যালয়ৰ আন আন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল বুলি কোম্পানিটোৰ এজন প্ৰতিনিধিয়ে উল্লেখ কৰে যদিও ভুক্তভোগী এগৰাকী ছাত্ৰীয়ে জানিবলৈ দিয়া মতে, তেওঁলোক তিনিওগৰাকীৰ বাহিৰে অন্য কোনো তাত উপস্থিত নাছিল।

আনহাতে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ মাজৰ দুগৰাকীৰ অভিভাৱকে ছান চিটি ল’জটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে।

“ল’জত নি অপহৰণ নাইবা ধৰ্ষণ কৰাৰ সুবিধা লৈছিল, কিন্তু নোৱাৰিলে। আমি ল’জটোৰ বিৰুদ্ধে গোচৰ দিম। যি ল’ৰাই নহওক, কিয় মাতি নিছিল মনে মনে? তাৰ এটা বিচাৰ আমাক লাগিব।” ভুক্তভোগী এগৰাকী ছাৰ দেউতাকৰ ভাষ্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd