• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 12, 2019 10:37 am
IMG-20191111-WA0060

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত নাগ্ৰীজুলিৰ লগতে শতাধিক গাঁৱত তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে বনৰীয়া হাতীৰ উপদ্ৰৱ।

ভাৰত-ভূটান সীমান্তত বনাঞ্চল সংকুচিত হোৱাৰ ফলত হাতীৰ বৃহৎ বৃহৎ জাকে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি প্ৰতি নিশাই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি চলাই গৈছে তাণ্ডৱ।

Apply Now

কেতিয়াবা হাতীৰ আক্ৰমণত যদি মানুহ মৰিছে, মানুহৰ নৃশংসতাৰ বলি হৈ হাতীও মাৰিছে। বনৰীয়া হাতীৰ জাকে প্ৰতিদিনেই নাগ্ৰীজুলিৰ বৃহত্তৰ অঞ্চলৰ পকা ধানৰ খেতি খাই তহিলং কৰিছে।

ঠিক সেইদৰে দেওবাৰে নিশা পুনৰ হাতীৰ এটা বৃহৎ জাকে জয়পুৰ আৰু বাল্টিপাৰ গাঁৱত প্ৰৱেশ কৰি ঘৰ-বাৰী লণ্ড ভণ্ড কৰাৰ লগতে হাতীৰ সন্ত্ৰাসত লোকসকল ঘৰ-দুৱাৰ এৰি পলাবলৈ বাধ্য হয়।

হাতীৰ জাকটোৱে সূৰ্য দাস, সন্তোষ বালা, মিথুন বিশ্বাস, অনন্ত বিশ্বাস নামৰ লোক কেইজনৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰি ভঁৰালৰ ধান-চাউল খাই তহিলং কৰাৰ লগতে লোক কেইজনৰ বাৰীৰ শ-শ তামোল, নাৰিকল কল গছৰ বাগিছা ভাঙি উপদ্ৰৱ চলায়।

ইয়াৰ উপৰি হাতীৰ জাকটোৱে পৰিয়াল সমূহৰ ঘৰৰ ভিতৰত থকা বিচনা, অন্যান্য আচবাব, বাচন-বৰ্তন আদিও গচকি ভাঙি পেলায়। হাতীৰ আক্ৰমণত ঘৰৰ ভিতৰৰ থকা দুটি শিশুসহ এগৰাকী মহিলাৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

নিশা অঞ্চলটোৰ লোকে হাতীৰ জাকটোক খেদিবলৈ জুইৰ মলা জ্বলাই, ফটকা ফুটাই, টিন বজাই  অহৰহ চেষ্টা চলায় যদিও জাকটোক খেদি পঠাবলৈ অসমৰ্থ হয় গঞা ৰাইজ। নিশা তাণ্ডৱ চলাই পুৱতি নিশাহে উভটি যায় হাতীৰ জাকটো।

ইফালে বাল্টিপাৰ গাঁৱত বনৰীয়া হাতীৰ জাক এটাই ৰামিলা দাস নামৰ দুখীয়া মহিলা এগৰাকীৰ পাকঘৰ ভাঙি ঘৰৰ ভিতৰত থকা চাউল খাই পেলায়। কথমপি হাতীৰ আক্ৰমণৰ পৰা  প্ৰাণ ৰক্ষা পৰে ৰামিলা দাস, তেওঁৰ তিনিগৰাকী কন্যা সন্তান আৰু শাহু মাক।

হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ হাতী-মানুহৰ সংঘাত শীৰ্ষক সজাগতা সভা পাতিয়েই বাক্সা জিলাৰ বন বিভাগে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে।

ইপিনে সোমবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি পৰিমল শীলে জয়পুৰ গাঁৱত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ অৱস্থাৰ বুজ লয়।

শীলে কয় যে কিছুমান মানুহে বন ধ্বংস কৰাৰ লগতে বনাঞ্চল সমূহ ধ্বংস কৰাৰ বাবে হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে আৰু তামুলপুৰ মহকুমাত চলি থকা অবৈধ কাঠফলা মিলৰ বাবেই বনাঞ্চল ধ্বংসযজ্ঞ চলি আছে। সেয়ে ছাত্র নেতা জনে অঞ্চলটোত থকা অবৈধ কাঠফলা মিল সমূহ বন্ধ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা ল’বলৈ বন বিভাগক দাবী জনাইছে।

উল্লেখ্য যে যোৱা ৩১ অক্টোবৰৰ নিশা নাগ্ৰীজুলিৰ জয়পুৰ গাঁৱত এটা বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি হত্যা কৰিছিল নাৰেশ মণ্ডল নামৰ প্ৰায় ৮০ বছৰীয়া এজন কৃষকক।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd