পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে নতুন 2G ইথানল প্ৰকল্প স্থাপনৰ বাবে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনক অনুমতি প্ৰদান কৰিছে।
এই প্ৰকল্পটো ইণ্ডিয়ান অইল কৰ্প’ৰেচনে হাৰিয়ানাৰ পানীপট জিলাৰ বাহোলীস্থিত ৰিফাইনেৰীতে ৭৬৬ কোটি টকা ব্যয় সাপেক্ষে স্থাপনৰ লক্ষ্য লৈছে।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে দেওবাৰে টুইটযোগে কয় যে পৰিবেশ অনুকূল ইন্ধন হিচাপে ইথানল ব্যৱহাৰত গুৰুত্ব প্ৰদানৰ বাবে এই প্ৰকল্পত অনুমোদন জনোৱা হৈছে।
তদুপৰি চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল সেই লক্ষ্যত উপনীত হোৱাত এই প্ৰকল্পই যথেষ্ট সহায় কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে IOCL–এ প্ৰতিদিনে ১০০ কিলোলিটাৰ উৎপাদনক্ষম 2G ইথানল প্ৰকল্প স্থাপনৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ মূল্যায়ন প্ৰতিবেদন চলিত বছৰৰ জুনত মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰি ইয়াৰ মঞ্জুৰিৰ বাবে আবেদন জনাইছিল।
জানিব পৰা মতে ইথানল উৎপাদনত ধান আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ পেলনীয়া অংশ ব্যৱহাৰ কৰিব। ১০০ কিলোলিটাৰ ইথানল উৎপাদনৰ বাবে দৈনিক ৪৭৩ টন কৃষিজাত সামগ্ৰীৰ পেলনীয়া অংশৰ প্ৰয়োজন হ’ব।