• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘Assamese Online’ ফেইচবুক পেইজ বন্ধ কৰিবলৈ ফেইচবুক কৰ্তৃপক্ষলৈ চিঠি অসম আৰক্ষীৰ

পেইজটোত যেনেদৰে লিখি আছে নিশ্চিতভাৱে শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে : আৰক্ষী আয়ুক্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2019 5:15 pm
Assamese Online fb page

বিতৰ্কিত ফেইচবুক পেইজটো

38.6k
VIEWS
Share on FacebookShare on Twitter

‘‘Assamese Online নামৰ ফেইচবুক পেজটো বন্ধ কৰিবলৈ ফেইচবুক কতৃপক্ষলৈ অসম আৰক্ষীৰ অপৰাধ শাখাই চিঠি লিখিছে’’। বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

‘Assamese Online নামৰ এটা ফেইচবুক পেইজ আছে। ক্ৰাইম ব্ৰান্সৰ ফালৰ পৰা ফেচবুকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে এই পেজটো বন্ধ কৰিবৰ বাবে’ দীপক কুমাৰৰ মন্তব্য।

Assamese Online পেইজটো কোনে চলাই আছে সেই বিষয়ে অসম আৰক্ষী অৱগত নহয় বুলিও আৰক্ষী আয়ুক্ত গৰাকীয়ে কয়।

‘কোন কোন লোকে উক্ত পেইজটো চলাই আছে সেয়া ফেইচবুক কৰ্তৃপক্ষই চিনাক্ত কৰিব পাৰিব। ফেইচবুকৰ ইণ্ডিয়াৰ নডেল অফিচাৰৰ সৈতে অসম আৰক্ষীয়ে যোগাযোগ কৰি আছে,’ দীপক কুমাৰে পুনৰ কয়।

আৰক্ষী আয়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে, পেইজটোত যিধৰণে লিখি থকা হৈছে নিশ্চিতভাৱে তাৰ ফলত শান্তি-সম্প্ৰীতি ভংগ হৈছে।

অসমৰ মানুহ বুধিয়ক আৰু শান্তিপ্ৰিয় হোৱা বাবে এইক্ষেত্ৰত কোনোধৰণৰ প্ৰতিক্ৰিয়া হোৱা নাই বুলিও কুমাৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘আপত্তিজনক মন্তব্য’ কৰা ফেইচবুক পেইজ সমূহৰ ওপৰত অসম আৰক্ষীয়ে শেন চকু ৰাখিছে।

১৫ টাৰো অধিক ফেইচবুক পেইজৰ ওপৰত অসম আৰক্ষীয়ে চকু ৰাখিছে যিবোৰত শান্তি সম্প্ৰীতি বিনষ্ট হোৱা আপত্তিজনক পোষ্ট কৰা হৈছে। চাইবাৰ দ’মে ভুৱা ফেইচবুক পেইজৰ বিৰুদ্ধে তদন্ত চলাই আছে বুলিও তেওঁ কয়।

তদুপৰি, ৰাজ্যৰ ভিন্ন জিলাত আপত্তিজনক মন্তব্য দিয়া বহু পেইজৰ এডমিনক মাতি আনি এনেধৰণৰ পোষ্ট নিদিবলৈ কোৱা হৈছে আৰু কিছুসংখ্যকে এনেবোৰ পেইজটো ডিলিট কৰিছে বুলি দীপক কুমাৰে কয়।

উল্লেখযোগ্য যে, পেইজটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফটোৰ সৈতে এইদৰে লিখিছিল-

‘‘হেৰৌ, সংখ্যালঘু তুমিও মুখ্য ন্যায়াধীশ হোৱা,
তুমিও প্ৰধানমন্ত্ৰী হোৱা, তুমিও আই এ এছ,
আই পি এছ , আই আৰ এছ, আই এফ এছ,
তুমি ন্যায়াধীশ হোৱা, উকীল হোৱা আৰু
দেশৰ ভাগ্য তোমাৰ নিজৰ মতেই সলনি
কৰা। আজি যি সকলৰ দপদপনি সকলোতে তেওঁলোকৰ স্থানত তোমালোকে শিক্ষিত হৈ
কিয় নোৱাৰিবা?’’

ইয়াৰোপৰি পেইজটোৱে উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদক লৈ দিয়া ঐতিহাসিক ৰায়ৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফটোৰ সৈতে এনেদৰে লিখিছিল-

‘‘আজিৰ ৰায়ৰ দ্বাৰা সংখ্যাগৰিষ্ঠক

সন্তুষ্ট কৰা হ’ল নেকি?

আগন্তুক নিৰ্বাচনত আজিৰ সাফল্যক
হিন্দুৰ জয় বুলি বিজেপিয়ে ঢাক ঢোল
বজাব নেকি?’’

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd