• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন হ’ব ডিমা হাচাও জিলা বিজেপিৰ পৰৱৰ্তী সভাপতি?

by
November 24, 2019 11:39 am
নিপ'লাল হোজাই, দনপাইনন থাউচেন, সুৰজ নাইডিং

নিপ'লাল হোজাই, দনপাইনন থাউচেন, সুৰজ নাইডিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা দুই এদিনতে ডিমা হাচাও জিলা বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কথা। ইয়াক কেন্দ্ৰ কৰি এতিয়া জিলাখনৰ গেৰুৱা দলৰ নেতাকৰ্মীসকলৰ উৎকণ্ঠাই বিৰাজ কৰিছে। কোন হ’ব পৰৱৰ্তী জিলা সভাপতি?

ইতিমধ্যে তিনি গৰাকী বিজেপি নেতাই দাখিল কৰিছে মনোনয়ন। ইয়াৰ ভিতৰত বৰ্তমানৰ জিলা বিজেপি সভাপতি তথা পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ই এম নিপ’লাল হোজাই, ডিমা হাচাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা দনপাইনন থাউচেন আৰু জিলা বিজেপি এছ টি মোৰ্চাৰ সভাপতি প্ৰাক্তন ই এম সুৰজ নাইডিং।

Apply Now

উল্লেখযোগ্য যে জিলাখনৰ ২৪২খন বুথ কমিটিৰ উপৰি ১০খন মণ্ডল কমিটিৰ সভাপতি পদৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হৈ গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি নৱেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত জিলা বিজেপি সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। সেইমতে সকলো কাম-কাজ আগবাঢ়ি আছে। জিলা বিজেপিৰ সাংগঠিনক পদৰ নিৰ্বাচনৰ ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ দায়িত্বত আছে দেবপ্ৰতীম বৰা আৰু সহকাৰী ইবিচুয়িং নিউমে।

নিপ’লাল হোজাইয়ে বিগত এটা কাৰ্যকালত দলক নেতৃত্ব দিছে আৰু তেওঁৰ কাৰ্যকালত দলে একক সংখ্যা গৰিষ্ঠতা লৈ পৰিষদ দখল কৰে। দ্বিতীয়বাৰৰ কাৰণে দেৱলাল গাৰ্লচা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চি ই এম) হয়।

দনপাইনন থাউচেন ডিমা হাচাও বিজেপিৰ এখন অতি চিনাকি মুখ। ২০০২ চনৰ পৰা দলটোৰ সাংগঠনিক কাম-কাজত তেওঁ জড়িত হৈ আছে। ২০০৭ চনত দলৰ বেয়া সময়ত থাউচেন হামৰি পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ মনোনয়নত নিজৰ জয় নিশ্চিত কৰিছিল। পৰবৰ্তী সময়ত বিজেপি আৰু আঞ্চলিক দল এ এছ ডি ছিৰ এঘাৰ মাহৰ পৰিষদৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।

সুৰজ নাইডিং স্বায়ত্তশাসিত ৰাজ্য গঠন আন্দোলনৰ অন্যতম নেতা। পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য (ই এম)। বৰ্তমান বিজেপিৰ জিলা এছ টি মোৰ্চাৰ সভাপতি। ইয়াৰ আগতে তেওঁ জিলা বিজেপিৰ সাংগঠিনক সম্পাদক  পদত থকাৰ উপৰি বিজেপি যুৱ মোৰ্চাৰ সভাপতি আছিল।

এতিয়া এই তিনি গৰাকীৰ পৰা কোন সভাপতি নিৰ্বাচিত হ’ব? বিজেপিৰ সংবিধান অনুসৰি কোনো ব্যক্তি দুটা পদত থকাৰ নিয়ম নাই। অৰ্থাৎ ‘ওৱান ম্যান, ওৱান পোষ্ট’। তেনে পৰিপ্ৰেক্ষিতত নিপ’লাল হোজাই পৰিষদৰ ই এম আৰু জিলা সভাপতি দুটা পদত থাকিব নোৱাৰিব। এটা পদ এৰিব লাগিব।

দলৰ জেষ্ঠ্য নেতাসকলৰ ভাষ্য হ’ল, ‘আমি নিপ’লাল হোজাইৰ এটা কাৰ্যকাল দেখিলো। বৰ্তমানে তেওঁ পৰিষদৰ ই এম আৰু তেওঁৰ কাৰ্যকালত দলে ভাল ফলাফল প্ৰদৰ্শন কৰিছে। কিন্তু দলৰ মজিয়াৰ পৰা নতুন মুখ অহাটো আমি বিচাৰো।’

ইপিনে ডিমা হাচাও বিজেপি জিলা কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি জিলা সভাপতি পদৰ বাবে নিৰ্বাচন হোৱাৰ সম্ভাৱনা কম। দলীয় হাইকামাণ্ড আৰু পাৰ্বত্য পৰিষদ নেতৃত্বৰ মাজত বৈঠকৰ যোগেদি পৰৱৰ্তী সভাপতিৰ নাম চূড়ান্ত কৰা হ’ব।

যদি সেয়া হয় তেন্তে চি ই এম দেব’লাল গাৰ্লচাৰ আশীৰ্বাদপুষ্ট এজন ব্যক্তি পৰবৰ্তী সভাপতি হোৱাটো প্ৰায় নিশ্চিত। আন এক নিৰ্ভৰযোগ্য সূত্ৰই দনপাইনন আৰু সূৰজৰ মাজত মূল যুঁজখন হ’ব আৰু দনপাইননে শেষ হাঁহি মাৰিব বুলি দাবী কৰে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd