• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নবচায়”, কেব সম্পৰ্কত টি আৰ জেলিয়াং

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
December 4, 2019 8:59 pm
টি আৰ জেলিয়াং। ফাইল ফটো।

টি আৰ জেলিয়াং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কুপ্ৰভাৱৰ পৰা বচাব নোৱাৰে বুলি এটা মত দাঙি ধৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিৰোধী দলপতি টি আৰ জেলিয়াঙে।

৩ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ-পূবৰ আন আন নেতাৰ লগতে জেলিয়াঙো নতুন দিল্লীত বৈঠকত মিলিত হৈছিল।

Apply Now

জেলিয়াঙকে ধৰি উত্তৰ-পূবৰ প্ৰায়বোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলক “কেব” সম্পৰ্কত আলোচনা কৰিবলৈ ৩ ডিচেম্বৰত গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীলৈ আমন্ত্ৰণ কৰিছিল।

বিজ্ঞপ্তিটোৰ মতে, সাক্ষাৎকালত জেলিয়াঙে অমিত শ্বাহক ৫ অক্টোবৰত তেওঁ মিজোৰামত “উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জনগণৰ স্বাৰ্থক সুৰক্ষা দিবলৈ এটা বিশেষ দফা সংযোজন কৰা হ’ব” বুলি যি আশ্বাস দিছিল, সেই অনুসৰি নাগালেণ্ডক ৰেহাই দিব পৰা গ’ল হেঁতেন বুলি জানিবলৈ দিয়ে।

শ্বাহৰ উক্ত ঘোষণা “কেব”-এ সৃষ্টি কৰা অস্থিৰতা আৰু ধূসৰতাৰ মাজত এটা আশাৰ ৰেঙনি হৈ দেখা দিছিল বুলি জেলিয়াঙে বৈঠকত জানিবলৈ দিয়ে।

তেওঁ জনায়, উক্ত বৈঠকৰ পিছত এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু এই গুৰুত্বপূৰ্ণ বৈঠকৰ ফলাফলে উত্তৰ-পূবত চলি থকা অস্থিৰতাৰ অন্ত পেলাব বুলি তেওঁ বিশ্বাস কৰে।

নাগালেণ্ড বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেইশ্যন (বি ই এফ আৰ) এক্ট ১৮৭৩ আৰু আই এল পিৰ দ্বাৰা “কেব”ৰ পৰা সুৰক্ষিত বুলি একাংশই ৰাজ্যখনত প্ৰচাৰ চলাই থকা কথাটোও আলোচনাৰ সময়ত অমিত শ্বাহৰ দৃষ্টিগোচৰ কৰা বুলি দাবী কৰি প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হয় যে এইটো এটা ভুল ধাৰণাহে।

ইনাৰ লাইন পাৰ্মিটৰ দৰে ব্যৱস্থা থকা সত্ত্বেও বিধেয়কখনত সংসদত গৃহীত কৰাৰ পূৰ্বে “exemption” বা “exempted” শব্দ অন্তৰ্ভুক্ত নকৰিলে নাগালেণ্ড, নাগা লোকসকল ইয়াৰ প্ৰভাৱৰ পৰা সুৰক্ষিত নহয়, সেই কথা দৃঢ়তাৰে বিশ্বাস কৰে বুলি জেলিয়াঙে শ্বাহক জনায়।

““কেব”খন যদি এই ৰূপতে অনা হয়, নাগালেণ্ডৰ দৰে ৰাজ্যবোৰক আই এল পি আইনে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা দিব নোৱাৰিব, যিসকলে নতুনকৈ লাভ কৰা ভাৰতীয় নাগৰিকত্ব সহ ৰাজ্যখনত জীৱিকা আদিৰ সন্ধানত প্ৰৱেশ কৰিব”, জেলিয়াঙে কয়।

জেলিয়াঙে আনকি সংবিধানৰ ৩৭১ (এ)ৰ দৰে ব্যৱস্থাবোৰেও এই অনুপ্ৰৱেশক বাধা দিব নোৱাৰে বুলি মত আগ বঢ়ায়।

তেওঁৰ মতে, কোনো নথি-পত্ৰ নথকা বহুতো অবৈধ অনুপ্ৰৱেশকাৰী নাগালেণ্ডকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত এতিয়াও বাস কৰি আছে। “কেব” গৃহীত হোৱাৰ লগে লগে এইসকল ভাৰতীয় নাগৰিক হৈ পৰিব বুলি তেওঁ মন্তব্য কৰে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd