হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ কেইদিনমানৰ ভিতৰতে উত্তৰ প্ৰদেশৰ উন্নাও জিলাত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী যুৱতীক জ্বলাই হত্যা কৰাৰ চেষ্টা চলোৱা এক ভয়ানক কাণ্ড সংঘটিত হৈছে।
ধৰ্ষণৰ বলি যুৱতীগৰাকীক পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ প্ৰচেষ্টা চলাইছিল পাষণ্ড কেইজনমানে।
উন্নাওৰ বিহাৰ থানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ এফ আই আৰ অনুসৰি উক্ত যুৱতীগৰাকী যোৱা বছৰ ডিচেম্বৰত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল।
চলিত বছৰৰ মাৰ্চত আৰক্ষীয়ে এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ অভিযোগ দাখিল কৰিছিল। এই গোচৰতে দুজন লোকৰ বিৰুদ্ধে গোচৰ দাখিল কৰা যুৱতীগৰাকীয়ে শুনানিৰ বাবে আদালতলৈ গৈ আছিল।
শৰীৰত বেয়াকৈ জ্বলা ২৩ বছৰীয়া যুৱতীগৰাকী বৰ্তমান হাস্পাতলত জীৱন-মৰণৰে যুঁজ দি আছে।
যুৱতীগৰাকীৰ ধৰ্ষণত অভিযোগ থকা লোক দুজনৰ লগতে পাঁচজন লোকক আৰক্ষীয়ে জ্বলাই দিয়া ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে।
স্থানীয় সূত্ৰৰ খৱৰ মতে, যুৱতীগৰাকীয়ে ৰেইল ষ্টেশ্যনলৈ গৈ থকা সময়তে এদল লোকে তেওঁক ওপৰত জপিয়াই পৰে আৰু তেওঁক এখন ওচৰৰ পথাৰলৈ টানি লৈ গৈ গাত জুই লগাই দিয়ে।
এই ঘটনা সংঘটিত হোৱা উন্নাও জিলাতে অলপতে আন এক ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।
এগৰাকী শাসকীয় দলৰ বিধায়কৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ অনাৰ পাছত এক কাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছতে আৰক্ষীয়ে এক হত্যাৰ গোচৰৰ তদন্ত মুকলি কৰিছিল।
মহিলাগৰাকীৰ দুজনী খুড়ীয়েক নিহত হোৱাৰ লগতে তেওঁৰ উকীলজনো আহত হৈছিল।
চৰকাৰে প্ৰকাশ কৰা অপৰাধৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত আৰক্ষীয়ে ২০১৭চনত ৩৩,৬৫৮টা ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। অৰ্থাৎ প্ৰতিদিনে গড়ে ৯২ টা ধৰ্ষণৰ ঘটনা!