• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াক মোদীৰ পুনৰ টোপ; অসমীয়াত টুইট কৰি আভুৱা, ঘঁৰিয়ালৰ চকুপানী আখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 4:20 pm
Modi Assam Accord

নৰেন্দ্ৰ মোদী। ফটোৰ উৎস : ইণ্টাৰনেট।

554
VIEWS
Share on FacebookShare on Twitter

“কেব” নানিবলৈ কৰা অসমীয়া মানুহৰ অনুনয়-বিনয়লৈ কাণ নিদিয়া প্ৰধান মন্ত্ৰী মোদীয়ে আজি অসমীয়াত টুইট কৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আশ্বাস দিয়াত ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ।

অসমীয়াত টুইট, গামোচাৰ আদৰ আদিৰে আৱেগিক অসমীয়া মানুহক আভুৱা ভাঁৰি অহা মোদীক এইবাৰ উভতি ধৰিছে অধিকাংশ অসমীয়া লোকে।

অসমীয়াত দিয়া টুইটটোত মোদীয়ে কৈছে, “অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ”।

প্ৰধান মন্ত্ৰীৰ এই টুইটৰ পিছতে ইয়াক “টোপ” আখ্যা দিয়াৰ লগতে অসমীয়াত টুইট কৰাটোক ঘঁৰিয়ালৰ চকুপানী, আভুৱা-ভাঁৰাৰ চেষ্টা আখ্যা দিছে টুইটাৰ আৰু ফেইচবুক য়ুজাৰে।

বহুতো অসমীয়া টুইটাৰ য়ুজাৰে অশালীন আৰু অশোভনীয় ধৰণে মোদীক গালি পৰা দেখা গৈছে।

অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।

— Narendra Modi (@narendramodi) December 12, 2019

“কলিজা আছে যদি, অসমীয়া প্ৰতিবাদী ৰাইজৰ সন্মুখত আহ ঐ জাতিৰ দালাল….” এজনৰ উত্তৰ।

“চৰকাৰ গঠন কৰাৰ আগতো দায়বদ্ধ আছিলে এইটো কৰিম সেইটো বন্ধ কৰিম বুলি। আৰু এতিয়া বাংলাদেশী অনাৰ বাবে আমাৰ নিজ মাতৃ ভূমিৰ মানুহবোৰৰ ওপৰত অত্যাচাৰ চলাই আছে।” আন এজনৰ মন্তব্য।

“আপোনাক আৰু বিশ্বাস কৰিব নোৱাৰি…. আপুনি অসমীয়াৰ বুকুত আঘাত সানিলে”, এগৰাকী মহিলাৰ মন্তব্য।

আন এজনে কটাক্ষ কৰি লিখিছে, “আপোনাৰ মিছলীয়া চৰকাৰ, নাই আমাৰ দৰকাৰ”।

“টুপী পিন্ধাই লাভ নাই”, আন এজনৰ মন্তব্য।

আন এগৰাকী মহিলাই উত্তৰত লিখিছে, “অনুবাদকৰ সহায় লৈ টুইট কৰি থাকিলেই সকলো মনে মনে নাথাকিব। টেঙা আম এবাৰ হে বেচিব পাৰি। আপুনি তো তথাপি দুবাৰ বেছিলে। জম্মু কাশ্মীৰ খালি কৰি লাগিলে সব পুলিচ মিলিটেৰী লৈ আহক, কিন্তু এই জুই নুমুৱাব নোৱাৰে। বজৰং-২ ৰ কথাটো সপোনতো নাভাবিব। পস্তাৱ লাগিব।”

এইদৰে মোদীৰ অসমীয়া ভাষাত টুইটেৰে আৱেগ সৃষ্টি কৰা পুৰণি কৌশলক এইবাৰ অসমীয়াসকলে সুকীয়া ধৰণে লোৱা দেখা গৈছে।

চৰকাৰ গঠন কৰাৰ আগতো দায়বদ্ধ আছিলে এইটো কৰিম সেইটো বন্ধ কৰিম বুলি । আৰু এতিয়া বাংলাদেশী অনাৰ বাবে আমাৰ নিজ মাতৃ ভূমিৰ মানুহবোৰৰ ওপৰত অত্যাচাৰ চলাই আছে । @sarbanandsonwal @himantabiswa এই চুদূৰভাই কেইটাইতো নিজৰ টকা আৰু ক্ষমতাৰ বাবে অসমখনেই বিক্ৰী কৰি দিলে ।

— 𝓑𝓱𝓪𝓫𝓪𝓳𝓲𝓽 𝓢𝓪𝓲𝓴𝓲𝓪 (@Bhabajit353) December 12, 2019

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd