• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ নাগৰিকত্ব (সংশোধন) আইনখন নাকচ পাকিস্তানৰ হিন্দু, শিখ, খ্ৰীষ্টান সমাজৰো

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 12:15 pm
Story-2-8-1140x570

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমত চলি থকা প্ৰতিবাদৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান সমাজৰ পিছত পাকিস্তানৰ হিন্দু, খ্ৰীষ্টান আৰু শিখ সমাজেও নাগৰিকত্ব (সংশোধন) আইনখন নাকচ কৰিছে আৰু আইনখন অনা ভাৰত চৰকাৰক গৰিহণা দিছে।

হিন্দু সম্প্ৰদায়ৰ লগতে দেশখনৰ আন এটা সংখ্যালঘু সম্প্ৰদায় শিখ সম্প্ৰদায়েও ভাৰতৰ এই পদক্ষেপক সমালোচনা কৰিছে।

Apply Now

বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ বাবে যোৱা ১৩ ডিচেম্বৰত নাগৰিকত্ব আইনখন সংশোধিত ৰূপত গ্ৰহণ কৰিছে।

চৰকাৰে এই লোকসকল উক্ত দেশবোৰত ধৰ্মীয় নিৰ্য্যাতনৰ সন্মুখীন হৈছে বুলি যুক্তি প্ৰদৰ্শন কৰিছে। এই সংশোধনৰ আগলৈকে ভাৰতৰ নাগৰিকত্ব আইন সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ আছিল। ভাৰতে নাগৰিকত্ব প্ৰদানৰ বাবে ধৰ্মক আধাৰ কৰাটোক সমগ্ৰ বিশ্বই গৰিহণা দি আছে।

বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে বাংলাদেশত থকা হিন্দু, বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে ইয়াক গৰিহণা দিয়াৰ লগতে ই বাংলাদেশৰ পৰা হিন্দুসকলৰ ভাৰত গমনক উৎসাহিত কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছিল।

পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাশগুপ্তই সংবাদমেলত লগতে কৈছিল যে বাংলাদেশত সংখ্যালঘু নিৰ্য্যতনকাৰী আৰু বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ কৰাৰ আকাংক্ষা কৰি থকাসকলক সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰাত আইনখনে উদগনি দিয়াৰ শংকা আছে।

বাংলাদেশৰ সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সম্প্ৰদায়ৰ এই স্থিতিৰ সৈতে পাকিস্তানৰ হিন্দু, শিখ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ স্থিতিৰ মিল দেখা গৈছে।

“পাকিস্তানৰ হিন্দু সম্প্ৰদায়ে স্পষ্ট ভাষাৰে বিধেয়কখন (বৰ্তমান আইন)ক অগ্ৰাহ্য কৰিছে আৰু ইয়াক ভাৰতক ধৰ্মীয় ভিত্তিত বিভাজন কৰাৰ সমতুল্য”, দেশখনৰ দ্দা এক্সপ্ৰেছ ট্ৰিবিউন নামৰ কাকতখনত পাকিস্তান হিন্দু পৰিষদৰ বিষয়ববীয়া ৰাজা আছৰ মংগলানিৰ উদ্ধৃতি।

তেওঁৰ মতে আইনখনেৰে ভাৰতে নিজৰ সংবিধানকে উলংঘা কৰিছে।

লগতে পঢ়ক ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ

“পাকিস্তানৰ হিন্দু সম্প্ৰদায়ৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইটো এটা স্পষ্ট বাৰ্তা। এজন সঁচা হিন্দুৱে কেতিয়াও এই আইনখনক সমৰ্থন নকৰে”, সংবাদ প্ৰতিষ্ঠানটোত তেওঁৰ আন এটা মন্তব্য।

দেশখনৰ খ্ৰীষ্টান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা পাকিস্তান উচ্চ সদন বা ছিনেটৰ এজন সদস্য আনোৱাৰ লাল ডীনে কয়, “আইনখন ধৰ্মীয় সম্প্ৰদায়বোৰক পৰস্পৰৰ বিৰুদ্ধে উচটাবলৈ অনা হৈছে”।

তেওঁ এই আইনখনক মৌলিক মানৱ অধিকাৰৰ স্পষ্ট উলংঘন বুলিও দাবী কৰে।

আনহাতে দেশখনত থকা শিখসকলেও আইনখন নাকচ কৰিছে বুলি জানিবলৈ দি বাবা গুৰু নানকৰ নেতা গোপাল সিঙে কয়, “কেৱল পাকিস্তানত থকা শিখসকলেই নহয়, ভাৰতকে ধৰি গোটেই বিশ্বৰ শিখ সম্প্ৰদায়ে এই পদক্ষেপক গৰিহণা দিছে”।

“শিখসকল ভাৰত আৰু পাকিস্তান উভয়তে সংখ্যালঘু। সংখ্যালঘু সম্প্ৰদায়ৰ এজন সদস্য হিচাপে মই ভাৰতৰ মুছলমানসকলৰ যন্ত্ৰণা আৰু ভয় অনুভৱ কৰিব পাৰো। এইটো দেখদেখকৈ ধৰ্মীয় উৎপীড়ন”, কাকতখনত সিঙৰ উদ্ধৃতি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd