• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“CAA-বিৰোধী আন্দোলনৰ চহিদৰ ত্যাগ অথলে যাবলৈ নিদিওঁ”, ছেমৰ আদ্যশ্ৰাদ্ধত সমুজ্জ্বল ভট্টাচাৰ্য্যৰ পণ

চহিদ ছেম ষ্টেফ’ৰ্ডলৈ অশ্ৰু অঞ্জলি যাঁচিলে জাতি-ধৰ্ম নিৰ্বিশেষে স্থানীয় ৰাইজ আৰু আছু, শিল্পীৰ দলে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2019 9:30 pm
Sam Stafford
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি জাতি-ধৰ্ম নিৰ্বিশেষে স্থানীয় ৰাইজৰ সহযোগিতাত আছু, শিল্পীসমাজে CAA-বিৰোধী আন্দোলনৰ চহিদ ছেম ষ্টেফ’ৰ্ডৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতে।

মহানগৰীৰ হাতীগাওঁ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ। এই উপলক্ষে স্থাপিত চহিদৰ বেদীত স্থানীয় লোকসকলে চাকি-ধূপ জ্বলাই অশ্ৰু অঞ্জলি যঁচাৰ দৃশ্য যথেষ্ট আৱেগপূৰ্ণ আছিল।

Apply Now

আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিক কৰা হয়। হিন্দুসকলে নাম-প্ৰসংগ, ইছলাম ধৰ্মী লোকৰ দ্বাৰা কোৰান পাঠ আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বাইবেল পাঠ কৰে।

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম শিল্পী সমাজৰ উদ্যোগত চলা CAA-বিৰোধী আন্দোলনত যোৱা ১২ ডিচেম্বৰত অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি অহাৰ সময়তে আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হৈছিল ছেম ষ্টেফৰ্ড নামৰ ১৭ বছৰীয়া ছাত্ৰজনৰ।

ছেম ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল। শিল্পীসুলভ মনৰ অধিকাৰী ছেমে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ লগত ড্ৰাম বজাইছিল।

কিশোৰজনৰ ৰাজহুৱা শ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰে কয়, “ভাবিব নোৱৰা কথা যে দশম শ্ৰেণীৰ এজন ছাত্ৰৰ আজি আদ্যশ্ৰাদ্ধ পাতিব লগীয়া হৈছে। ছেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি পুনৰ পণ লৈছো CAA-বিৰোধী আন্দোলনৰ চহিদৰ ত্যাগ অথলে যাবলৈ নিদিওঁ।”

অনুষ্ঠানটোত তেওঁ চৰকাৰক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয়।

বিশেষকৈ ২১ ডিচেম্বৰত চৰকাৰে ভালেমান আঁচনি ঘোষণা কৰাটোক এটা কৌশল আখ্যা দিয়ে। তেওঁ চৰকাৰক কটাক্ষ কৰি কয়, “কালি ঘোষণাৰ জোৱাৰ তুলি অসমবাসীক সকলো দিয়া বুলি ধাৰণা দিলে। সেইবোৰ আমাৰ প্ৰাপ্য। অসমত অসমীয়া ৰাজ্যভাষা এইটো ক’ব লগীয়া কথা নেকি? সকলো ভাষাৰে বিকাশ হ’ব লাগিব। প্ৰাপ্য আমি ল’ম, কিন্তু কা আমি মানি নলওঁ। এইটোৱেই হ’ল বাৰ্তা।”

আছুৰ নেতাজনে চৰকাৰৰ এই আঁচনি জোৱাৰৰ অৰ্থ ব্যাখ্যা কৰি কয়, “এই ঘোষণাবোৰৰ বাৰ্তা হ’ল আমাক ভাষাও দিব, প্ৰাপ্যও দিব, কিন্তু অসমত দিব হিন্দু বাংলাদেশী। বাংলাদেশীক ৰাখিবলৈ বিজেপি চৰকাৰে অদ্ভুত ফৰ্মুলা লৈছে।”

তেওঁ ইমান দিনে চৰকাৰে এইবোৰ নিদিলে কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে।

চৰকাৰে ৰাইজক বিভ্ৰান্ত কৰিব বিচৰা কিছুমান ঘটনা সংঘটিত কৰিছে বুলিও তাৎপৰ্য্যপূৰ্ণ ইংগিত ভট্টাচাৰ্য্যৰ।

“এইখন চৰকাৰে তুমি হিন্দু, তুমি মুছলমান, তুমি খ্ৰীষ্টান এনেকৈ ভাগ ভাগ কৰিছে। সাম্প্ৰদায়িক বীজ সিঁচিব বিচাৰিছে যদিও আমি বুজিব লাগিব যে আমাৰ সমাজত সাম্প্ৰদায়িকতাৰ স্থান নাই”, মন্তব্য ভট্টাচাৰ্য্যৰ।

আনহাতে উপস্থিত থকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে CAA-বিৰোধী আন্দোলনৰ চহিদসকল কোনটো পৰিৱেশত কেনেকৈ গুলীবিদ্ধ হ’ল তাৰ নিৰপেক্ষ তদন্ত দাবী কৰে।

“এটা আন্দোলনত আন্দোলনকাৰীক বাধা দিবলৈ কেতিয়াও পোনপটীয়াকৈ নুগুলীয়ায়। প্ৰথমতে গুলীয়াব বুলি ঘোষণা কৰে, তাৰ পাছত পিছুৱাবলৈ দিয়ে। এনেকুৱা কিছুমান নিয়ম থাকে বুলি শুনিছো। অধীৰ আগ্ৰহৰে চৰকাৰে তদন্ত ঘোষণা কৰাৰ বাবে ৰৈ আছো”, অভিনেত্ৰীগৰাকীয়ে কয়।

আন এগৰাকী অভিনেত্ৰী নিশিতা গোস্বামীয়ে চৰকাৰক চৰকাৰে হিন্দু মুছলমানৰ খেল নেখেলিবলৈ আহ্বান জনায়। তেওঁ ছেমৰ পৰা সাহস পোৱা বুলি মন্তব্য কৰি কয়, “চেমৰ নিচিনা ছাত্ৰসকলে আমাক সাহস দিছে, আমি কেতিয়াও ক্ষান্ত হৈ নাথাকো”।

“পইচাৰ লোভ, চাকৰিৰ লোভ দি একো লাভ নাই” বুলি চৰকাৰৰ কৌশলক অগ্ৰাহ্য কৰে অভিনেত্ৰীগৰাকীয়ে।

“আমি আমাৰ ল’ৰা-ছোৱালীক কোন হিন্দু, কোন মুছলমান কোন বাঙালী, কোন মাৰোৱাৰী সেইটো নিশিকাওঁ, আমি ভৱিষ্যতে ভাল নাগৰিক হ’বলৈ শিকাওঁ”, মন্তব্য অভিনেত্ৰীগৰাকীৰ।

আদ্যশ্ৰাদ্ধ অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ, ভৃগু কাশ্যপ, পৱন বেদিয়াৰকে ধৰি ভালেমান শিল্পী, নেতা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd