• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“জাতিৰ লগত compromise নহ’ব”, আদালতলৈ আনোতে কৈ গ’ল শৃংখলে; সংগ্ৰাম জোৰদাৰ কৰিবলৈ আহ্বান ধৈৰ্য্য কোঁৱৰৰ

আদালতত হাজিৰ শৃংখল চলিহা আৰু ধৈৰ্য্য কোঁৱৰসহ কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ৪জন নেতাক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 24, 2019 6:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA-বিৰোধী আন্দোলনক সুকীয়া মাত্ৰা দিয়া “বীৰ লাচিত সেনা”ৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাক আজি আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

চলিহাক যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত এখন CAA-বিৰোধী প্ৰতিবাদী সভাৰ পৰা শিৱসাগৰলৈ আহি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ ভাষ্যমতে, গুৱাহাটীৰ এটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত তেওঁক গুৱাহাটীলৈ অনা হয়।

Apply Now

তেওঁৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আজি চি আই ডিয়ে চলিহাক ১৪ দিনৰ বাবে জিম্মাত বিচাৰে যদিও আদালতে ২দিনৰ বাবেহে অনুমতি দিয়ে।

আদালতলৈ অনাৰ সময়ত যুৱ নেতাজনে কম সময়ৰ ভিতৰতে সংবাদ মাধ্যমক চিঞৰি চিঞৰি কয়, “জাতিৰ লগত compromise নহ’ব”।

“সংগ্ৰাম কৰিছো এইবোৰ থাকিবই” বুলি মন্তব্য কৰি তেওঁ সকলোকে আন্দোলন চলাই নিবলৈ আহ্বান জনায় কয়, “অসমবাসীয়ে “কা”ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখক। জোৰদাৰ সংগ্ৰাম কৰক”।

চলিহাৰ অধিবক্তা শান্তনুৰাজ গগৈয়ে যুৱনেতাজনৰ গ্ৰেপ্তাৰক অন্যায় আৰু পক্ষপাতমূলক বুলি কয়। মিছা অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা বুলিও অভিবক্তাজনৰ দাবী।

তেওঁ কয়, “আন্দোলনত কিছু কথা ক’ব লগীয়া হয় আৰু কয়েই। চলিহাই কোৱা কথাবোৰ আনবোৰেও কৈ আছে। কিন্তু চলিহাক পক্ষপাতমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে”।

ইপিনে, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজন নেতা ক্ৰমে, সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ আৰু কৃষক মুক্তিৰ লক্ষ্যজিৎ গগৈকো আদালতত হাজিৰ কৰোৱা হয়৷

এওঁলোক চাৰিওজনকে CAA-বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰিছিল আৰু আটাইকেইজন ন্যায়িক জিম্মাত আছিল। আদালতে আজি তেওঁলোকক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে।

ধৈৰ্য্য কোঁৱৰে তেওঁলোকৰ গ্ৰেপ্তাৰক “ষড়যন্ত্ৰমূলক” আখ্যা দি নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰোধিতা কৰা বাবেই চৰকাৰৰ এই দমন বুলি কয়।

আদালতলৈ অনাৰ সময়ত তাৎপৰ্য্যপূৰ্ণ মন্তব্য ধৈৰ্য্য কোঁৱৰৰ, “এই আন্দোলন ৰাষ্ট্ৰৰ এজেণ্টসকলৰ হাতত পৰি স্তব্ধ হ’বলৈ নিদিব”।

তেওঁ আইনখন বাতিলৰ দাবীত হোৱা প্ৰতিবাদ, সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।

অসম গণ পৰিষদক বহিষ্কাৰ কৰিবলৈও ৰাইজলৈ আহ্বান জনালে কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd