• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৃংখল চলিহাৰ শিৱসাগৰৰ বাসগৃহত চি আই ডিৰ তালাচী, লৈ যায় মাতৃৰ ফোন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 26, 2019 10:51 am
768
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ৬. ৩০ বজাত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত চি আই ডিৰ দুজনীয়া দল এটাই তালাচী চলায়। হিতেশ শৰ্মাৰ নেতৃত্বত অহা চি আই ডি দলটোক সহযোগ কৰে শিৱসাগৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে।

তালাচীৰ সময়ত শৃংখল চলিহাৰ ৰুগীয়া পিতৃ আৰু মাতৃৰ লগতে ঘৰৰ আন আন সদস্যক জেৰা চলোৱা বুলি জানিব পৰা গৈছে। আনহাতে শৃংখলৰ ৰূমৰ পৰা একো আপত্তিজনক বস্তু উদ্ধাৰ নাই কৰা যদিও চি আই ডিয়ে শৃংখলৰ মাতৃৰ মোবাইল ফোনটো লৈ যায়।

তেওঁৰ পিতৃ তথা অসম আন্দোলনৰ নেতা ৰমু ওৰফে প্ৰণৱজিত চলিহাই কয়, ‘শৃংখলৰ লগতে এতিয়া ময়ো আন্দোলনত নামিছো। আমাৰ এক প্ৰতিবাদী কন্ঠ আছে। সেই কন্ঠ ৰোধ কৰি তেওঁলোকৰ ওচৰত আঠু ল’বৰ বাবে এইদৰে আমাক ভাবুকি প্ৰদান কৰিছে। শ শ পুলিচ চি আৰ পিয়ে আমাৰ ঘৰ ঘেৰাও কৰি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে।’

‘মই কোনোদিন মোৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ হ’বলৈ নিদিও’ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কা’ বিৰোধী আন্দোলনৰ পৰা বিৰত কৰি ৰখাৰ বাবে চৰকাৰৰ এইয়া এক ‘নিকৃষ্ট প্ৰয়াস’, এক ‘চৰকাৰী সন্ত্ৰাসবাদ’।

অসমৰ সমূহ জনগণৰ প্ৰতি আহ্বান জনাই তেওঁ কয়, ‘শাৰিৰিকভাৱে মই যথেষ্ট অসুস্থ, এই বিপদৰ সময়ত যাতে মোৰ কাষত থাকি সহায় যোগায় তাকেই কামনা কৰিছো’।

উল্লেখযোগ্য যে কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভুমিকা লৈ অহা শৃংখল চলিহাক যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে আটক কৰিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd