অসমৰ জণগনে কাহানিও নিবিচৰা নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে আজি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ পৰা আহোম স্বৰ্গদেওৰ ৰাজধানী গড়গাঁৱলৈ আজি জনজাগৰণ যাত্ৰাৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে যৌথ সংগ্ৰামী মঞ্চই।
এই জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰি শিল্পী সূৰ্য দাসে গীতৰ মাধ্যমেৰে কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সকলো জাতি জনগোষ্ঠীক এই আইনৰ বিৰুদ্ধে আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনায়।
অসমৰ জাতি-জনগোষ্ঠী সমূহ ভাগ ভাগ হৈ থাকিলে শাসক পক্ষ শক্তিশালী হ’ব বুলি উল্লেখ কৰি তেওঁ উক্ত আইনৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদস্থলীত তেওঁ “মানুহ দেখিছো বহু মানুহ” গীতটোকে কেইবাটাও গীত পৰিৱেশন কৰে।
কেইবাশ জনতাই অংশগ্ৰহণ কৰা এই জনজাগৰণ যাত্ৰাৰ আঁত ধৰি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই কা’ বাতিলৰ দাবী জনাই অসমৰ চুকে-কোণে সিচঁৰিত হৈ থকা প্ৰতিগৰাকী লোকক জাতিৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰামত অংশ ল’বলৈ আহ্বান জনায়।
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱজ্যোতি সন্দিকৈয়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি ১৯৭১ চনৰ পিছত অহা কোনো ধৰ্মৰে বিদেশীক অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ’ব বুলি কয়। আন্দোৰনটো মষিমূৰ কৰিবলৈ চৰকাৰে চলোৱা দমন-উৎপীড়নৰ নামত ‘জঘন্য’ আইন প্ৰয়োগ কৰি অখিল গগৈ, শৃংখল চলিহা, জীতেন দত্ত আৰু অমিতাভ শৰ্মাৰ দৰে জাতীয়তাবাদী যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
প্ৰতিবাদকাৰী সকলৰ মাজত কণ্ঠশিল্পী নীল আকাশ উপস্থিত হৈ এই সংগ্ৰামখন দীঘলীয়া হ’ব বুলি কয়। তেওঁ সংগ্ৰামী জনতাৰ মাজত সদায়ে থাকিব বুলি মন্তব্য কৰি প্ৰতিবাদ স্থলীত তেওঁ জাতীয় সংগীত পৰিৱেশন কৰে।
আজিৰ জনজাগৰণ যাত্ৰাত কলিতা ছাত্ৰ সন্থাৰ যুগান্তৰ বৰদলৈ, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাবলু নেওগ, আহোম জাতীয় গণ মঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, ঐক্য সেনাৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মণিৰুল ইছলাম বড়াকে ধৰি বহুকেইটা সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।