• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প আৰু ৰাজ্য চৰকাৰৰ ভেকোভাওনা

ভৱেশ মেধি by ভৱেশ মেধি
December 30, 2019 6:28 pm
Smart City project

স্মাৰ্ট চিটি প্ৰকল্পৰ স্বৰূপ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে  ২০১৫ চনতে গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে স্মাৰ্ট চিটীৰ পৰিকল্পনাই আজিও  বাস্তৱ ৰূপ নাপালে।

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পত  ব্ৰহ্মপুত্ৰ নদী পাৰৰ উন্নয়ন, মৰা ভৰলু, ভৰলু, বৰচলা আৰু দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়ন, স্মাৰ্ট লাইটিং, স্মাৰ্ট চিটীবাছ আস্থান নিৰ্মাণ কৰা আদি আঁচনিবোৰ অন্তৰ্ভূক্ত কৰা হৈছিল।

Apply Now

পৰিতাপৰ কথা যে ইয়াৰ এটাও আঁচনিৰ কাম সম্পূৰ্ণ কৰা দূৰৰ কথা আজি পৰ্যন্ত এটা আঁচনিৰো কাম আৰম্ভ নহ’ল ।

উল্লেখযোগ্য যে, আৰম্ভণিতে গ্ৰহণ কৰা আঁচনিকেইটাৰ কাম আৰম্ভ  নকৰাকৈ আঁচনিকেইটা ২ বছৰ পেলাই থোৱাৰ পাছত  স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়নৰ দায়িত্বত থকা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে দুবছৰ পিছত আৰু নতুনকৈ কেইটামান আঁচনি গ্ৰহণ কৰে।

নতুনকৈ গ্ৰহণ কৰা আঁচনিকেইটা ক্ৰমে গুৱাহাটীৰ বিভিন্ন স্থানত ৱাটাৰ এ টি এম স্থাপন কৰা, জৈৱিক শৌচাগাৰ নিৰ্মাণ, শৰণীয়া পাহাৰত থকা গান্ধীমণ্ডপৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম আৰু গান্ধীমণ্ডপত সু-উচ্চ ৰাষ্টীয় পতাকা স্থাপন কৰা।

আৰম্ভনিতে গ্ৰহণ কৰা আঁচনিবোৰৰ কাম পেলাই থৈ নতুনকৈ গ্ৰহণ কৰা আঁচনিকেইটা ক্ৰমে গুৱাহাটীৰ বিভিন্ন স্থানত ৱাটাৰ এ টি এম স্থাপন কৰা, জৈৱিক শৌচাগাৰ নিৰ্মাণ কৰা, শৰনীয়া পাহাৰত থকা গান্ধীমণ্ডমৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম কৰা আৰু গান্ধীমণ্ডমত সু-উচ্চ ৰাষ্টীয় পতাকা স্থাপন কৰাৰ কাম আৰম্ভ কৰে চৰকাৰে।

মনকৰিবলগীয়া যে,  ব্ৰহ্মপুত্ৰ নদী পাৰৰ উন্নয়ন, মৰা ভৰলু, ভৰলু, বৰচলা আৰু দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়ন, স্মাৰ্ট লাইটিং, স্মাৰ্ট চিটীবাছ আস্থান নিৰ্মাণ কৰা¸ আদি আঁচনিবোৰৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০১৬-১৭ চনতে ১৯১ কোটি টকা আৰু ২০১৭-১৮ চনতে ৫ কোটি কোটি ধনৰ অনুমোদন দিছিল কিন্তু এই আঁচনিকেইটা ফাইলতে আৱদ্ধ হৈ থাকিল।

নিৰ্দিষ্ট ধনৰ অনুমোদনৰ পাছতো আঁচনিকেইখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ আজিলৈকে প্ৰস্তুত হৈ নুঠিল।

নতুনকৈ গ্ৰহণ কৰা আঁচনিকেইটা ক্ৰমে গুৱাহাটীৰ বিভিন্ন স্থানত ৱাটাৰ এ টি এম স্থাপন কৰাৰ বাবে ২.০৯ কোটি টকা, জৈৱিক শৈাচাগাৰ নিৰ্মাণ কৰাৰ বাবে ৯.৫৩ কোটি টকা,   আৰু  গান্ধীমণ্ডমত সু-উচ্চ ৰাষ্টীয় পতাকা স্থাপন কৰা কামৰ বাবে  চৰকাৰে ২.৯২ কোটি টকা মোকোলাই দিয়া হৈছিল।

গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড চমুকৈ জি এছ চি এলে দিল্লীৰ সজল প্ৰাইভেট লিমিটেড নামৰ এটা বহিৰাগত কোম্পানীৰ জৰিয়তে গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰায় ৩ কোটি টকা ব্যয় কৰি ২০টা পানীৰ এ টি এম স্থাপন কৰিছে যদিও বৰ্তমান এই পানীৰ এ টি এমবোৰ ভালুকৰ সাঙীত পৰিণত হৈছে।

ইপিনে, গুৱাহাটীৰ বিভিন্ন এলেকাত  ৯.৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩০ টা  জৈৱিক শৌচাগাৰৰ  ২১টা  জৈৱিক শৌচাগাৰ মুকলি কৰা হৈছে যদিও চোৱাচিতাৰ অভাৱত একাংশ জৈৱিক শৌচাগাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

আকৌ গান্ধীমণ্ডপত ২.৯২ কোটি টকা ব্যয় কৰি স্থাপন কৰা সু-উচ্চ ৰাষ্টীয় পতাকাখনো কাৰ্যতহে মাজে সময়তে উত্তলোন কৰা হয়। ব্ৰহ্মপুত্ৰ নদী পাৰৰ উন্নয়ন, দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়ন আৰু স্মাৰ্ট লাইটিং আঁচনিকেইখন আগতে কৰাৰ সিদ্ধান্ত লৈছে।

যোৱা বিধানসভাৰ অধিবেশনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ব্ৰহ্মপুত্ৰ নদী পাৰৰ উন্নয়ন, বৰচলা বিলৰ  সংৰক্ষণ আৰু উন্নয়ন, স্মাৰ্ট লাইটিং আঁচনিৰ কামৰ প্ৰাককলন প্ৰস্তূত হোৱা বুলি সদৰি কৰিছিল কিন্তু কেতিয়াৰ পৰা এই কাম আৰম্ভ কৰিব আৰু শেষ কৰিব তাৰ কোনো উত্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিদিলে।

বাকী দীপৰ বিল, মৰা ভৰলু,  ভৰলু সংৰক্ষণ আৰু উন্নয়ন আৰু স্মাৰ্ট চিটীবাছ আস্থান নিৰ্মাণ কৰা¸ আদি আঁচনিবোৰ কেতিয়া আৰম্ভ কৰিব সেই বিষয়ে  মন্ত্ৰী ভট্টাচাৰ্যই কোনোধৰণ উল্লেখ নকৰিলে। এনেদৰেই সম্পূৰ্ণ অপৰিকল্পিত আৰু অভিনৱভাবে গুৱাহাটীৰ স্মাৰ্ট চিটিৰ কাম চলি আছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd