• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অসম ইছলামিক সাহিত্য সভা”, ছ’চিয়েল মিডিয়াৰ নতুন বিতৰ্ক

অসমীয়া সমাজে মাত্ৰাধিক ধৰ্ম-কেন্দ্ৰিক তৎপৰতাক সদায় সন্দেহৰ চকুৰে চাই আহিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 5:35 pm
Assam Islami Sahitya Sabha banner

অসম ইছলামিক সাহিত্য সভাৰ এখন বৈঠকৰ দৃশ্য। উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম ইছলামিক সাহিত্য সভা” নামৰ এটা অল্পখ্যাত সংগঠনক (সাহিত্য?) লৈ এটা নতুন বিতৰ্ক আৰু আলোচনা আৰম্ভ হৈছে ছ’চিয়েল মিডিয়াত।

এই সংগঠনটোৱে অহা ১২ জানুৱাৰিত হাতীগাৱঁত আয়োজন কৰা প্ৰতিনিধি সভাৰ বাবে দিহা-পৰামৰ্শ বিচাৰি লিখা এখন পত্ৰ ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত শ্বেয়াৰ হৈছে। পত্ৰখনত অৱশ্যে তাৰিখ উল্লেখ নাই।

Apply Now

বিভিন্নজনে এই সাহিত্য সংগঠনটোৰ ওপৰত “সন্দেহ” প্ৰক্ষেপ কৰিছে আৰু ইয়াৰ জন্মৰ প্ৰয়োজনৰ ওপৰত প্ৰশ্ন তুলিছে।

ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেইচবুক য়ুজাৰসকলৰ মত, “সাহিত্য ভাষা কেন্দ্ৰিকহে, ধৰ্মৰ নামত সাহিত্য সভা কিয়?” সংগঠনটোক লৈ বিভিন্ন মত আৰু মন্তব্য দেখা গৈছে যদিও বেছিভাগতে মূল প্ৰশ্ন এইটোৱে।

Assam Islami Sahitya Sabha
অহা ১২ জানুৱাৰিৰ প্ৰতিনিধি সভাৰ বাবে প্ৰচাৰ কৰা পত্ৰখন।

সংবাদ মাধ্যমকে ধৰি আন কিছুমানে আকৌ ইয়াৰ সৈতে CAA আৰু CAA-বিৰোধী আন্দোলনৰ সংযোগ স্থাপনৰ চেষ্টা কৰা দেখা গৈছে।

কিন্তু সংগঠনটোৰ ওৰ বিচাৰিলে দেখা যায়, এই সংগঠনটো ইছলামিক/আৰবীয় বিশ্বাস, কাহিনী, ৰূপকথা কেন্দ্ৰিক সাহিত্য চৰ্চা কৰা এটা অনুষ্ঠান আৰু ২০০৫ চনতে ইয়াৰ জন্ম হোৱা বুলি বিভিন্ন তথ্যৰ পৰা জনা গৈছে।

অহা ১৩, ১৪ আৰু ১৫ মাৰ্চত নলবাৰীৰ আদাবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। তাৰ বিভিন্ন দিশৰ আলোচনাৰ বাবেই ১২ জানুৱাৰিৰ বৈঠকখন আহ্বান জনোৱা হৈছে।

কেন্দ্ৰীয় অভিৱৰ্তনখনৰ সময়ত প্ৰকাশিতব্য সংগঠনটোৰ এখন মুখপত্ৰৰ বাবে লখা আহ্বান জনাই দিয়া এখন পত্ৰৰ প্ৰতিলিপিও নৰ্থ-ইষ্ট নাওৰ হাতত আহি পৰিছে, য’ত ইছলাম ধৰ্ম কেন্দ্ৰিক উপন্যাস, গল্প, কাহিনী, কাব্য, গদ্য, ধৰ্মদৰ্শন, বিজ্ঞান, কলা-কৃষ্টি, হাদিচ-কোৰান আদিৰ মাজেৰে অসমীয়া সাহিত্যলৈ বৰঙনি যোগোৱাৰ কথা কোৱা হৈছে।

মন কৰিব লগীয়া যে, বৌদ্ধ সাহিত্যৰ দৰে ধৰ্মীয় সাহিত্যৰ চৰ্চা ঠাই বিশেষে অপ্ৰবল ৰূপত আছে যদিও অসমীয়া সমাজজীৱনত ধৰ্ম প্ৰধান স্ৰোত হৈ থকা নাই। বিভিন্ন থলুৱা নৃগোষ্ঠীয় জীৱন প্ৰণালীৰ মিশ্ৰণত সৃষ্ট সংস্কৃতিয়েই সদায় চকুৰ আগত থকা অসমীয়া সমাজে মাত্ৰাধিক ধৰ্ম-কেন্দ্ৰিক তৎপৰতাক সদায় সন্দেহৰ চকুৰে চাই আহিছে।

আনহাতে ধৰ্মীয় মেৰুকৰণ বৃদ্ধিৰ লগে লগে অসমীয়া ইছলামিক সমাজখন লাহে লাহে ইছলামিক ধ্বজাৰ তলত অধিক সংগঠিত হোৱা দেখা গৈছে আৰু অসমীয়া সমাজখনৰ পৰা বিচ্ছিন্নতাৰ প্ৰৱণতা এটাই মূৰ দাঙি উঠিছে।

কাজেই “অসম ইছলামিক সাহিত্য সভা”ৰ দৰে সংগঠন অসমীয়া সাহিত্য, সমাজৰ হিতকৰ হোৱাৰ বিপৰীতে দেখা পোৱাৰ শংকা এই ছ’চিয়েল মিডিয়াৰ বক্তব্যবোৰৰ মাজত ফুটি উঠিছে।

অসমীয়া ইছলামিক সমাজৰো বহুতো লোকে ছ’চিয়েল মিডিয়াত অসম ইছলামিক সাহিত্য সভাৰ বিৰোধিতা কৰাটো লক্ষণীয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd